সুখবৰ! বৃদ্ধি পাব পিএফৰ সুদৰ হাৰ

প্ৰতিকী ফটো
প্ৰতিকী ফটো

ডিজিটেল ডেস্কঃ শাৰদীয় দুৰ্গোৎসৱৰ মাজতে কেন্দ্ৰ চৰকাৰৰ কৰ্মচাৰীসকললৈ সুখবৰ। ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বৃদ্ধি হ'ব ভৱিষ্যনিধিৰ সুদৰ হাৰ। মঙলবাৰে এই ঘোষণা কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে।

পূৰ্বৰ ৭.৬ শতাংশ সুদৰ হাৰ বৃদ্ধি কৰি ৮ শতাংশ কৰা হয় বুলি জনায় মন্ত্ৰণালয়ে। আনহাতে বৰ্ধিত ০.০৪ শতাংশ সুদৰ হাৰ যোৱা ১ অক্টোবৰৰ পৰাই কাৰ্যকৰী কৰা হ'ব বুলিও জানিবলৈ দিয়ে মন্ত্ৰণালয়ে।

উল্লেখ্য যে, যোৱা ছেপ্টেম্বৰ মাহতে পিপিএফ, এনচিএছ আৰু অন্যান্য ক্ষুদ্ৰ সঞ্চয়সমূহত ০.০৪ শতাংশ সুদৰ হাৰ বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে ঘোষণা কৰিছিল। ইয়াৰ পিছতে মন্ত্ৰণালয়ে এই সিদ্ধান্ত লয়।

উল্লেখ্য যে, এতিয়াৰে পৰা কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী, ৰে'ল আৰু সুৰক্ষা বাহিনীৰ অন্তৰ্গত কৰ্মীৰ প্ৰভিডেন্ট ফাণ্ডতো এই একেই সুদৰ হাৰ লাভ কৰা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in