মনত ৰাখিব- আজিৰ পৰা পেট্ৰ’ল পাম্পত কেৱল এটিএমতহে পাব ইন্ধন…

মনত ৰাখিব- আজিৰ পৰা পেট্ৰ’ল পাম্পত কেৱল এটিএমতহে পাব ইন্ধন…
  • নগদ ধন লৈ আজিৰে পৰা নাযাব পেট্ৰ'ল পাম্পলৈ।
  • কেৱল এ টি এম কাৰ্ডযোগে ক্ৰয় কৰিব পাৰিব ডিজিটেল পেট্ৰ'ল।
  • গুৱাহাটী পেট্ৰ'ল পাম্পৰ মালিক এছ'চিয়েশ্যনে লৈছে এই সিদ্ধান্ত।
  • নিৰ্বাচন অন্ত নোহোৱা পৰ্যন্ত নগদ ধনত নিদিয়ে পেট্ৰ'ল।
  • নগদ ধন সৰবৰাহৰ ক্ষেত্ৰত হোৱা অসুবিধাৰ বাবেই এই সিদ্ধান্ত পেট্ৰ'ল পাম্পৰ মালিক এছ'চিয়েশ্যনৰ।
  • বুধবাৰে আৰক্ষী আৰু অভিযানকাৰী দলে জব্দ কৰিছিল এজন লোকৰ পৰা ২৫.১১ লাখ টকা।
  • সেই ধন আছিল বাইহাটা চাৰিআলিৰ এটা পেট্ৰ'ল ডিপুৰ।
  • বেংক বন্ধ থকাৰ বাবে জমা দিব পৰা নাছিল ধন।
  • দুই-তিনিদিনৰ ধন বেংকৰ শ্বিলিপসহ জমা দিব আহিছিল এগৰাকী কৰ্মচাৰীয়ে।
  • আৰক্ষীয়ে তথ্যপাতি পৰীক্ষা কৰিও ট্ৰেজাৰীত ধনখিনি জমা দিছিল।
  • তাৰপাছতেই জিলা এছ'চিয়েশ্যনৰ ফালৰ পৰা লোৱা হৈছে এই সিদ্ধান্ত।
  • ২৩ এপ্ৰিল পৰ্যন্ত নগদ ধনত নিদিয়ে পেট্ৰ'ল পাম্পত ইন্ধন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in