শেহতীয়া খবৰ
মই টিকেট নোপোৱা কোনো কাৰণ নাই : ৰামকান্ত দেউৰী  •  বকোৰ শিঙুৱা জলসিঞ্চন প্ৰকল্পৰ কেনেলত মৃতদেহ উদ্ধাৰ...  •  হোজাই জিলাৰ তিনিটা সমষ্টিত ১২৫ টা জটিল ভোটকেন্দ্ৰ : অৰ্ধ সামৰিক বাহিনীৰ ৩০ কোম্পানী নিয়োগ...  •  হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক...  •  হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক...  •  শীঘ্ৰে আৰম্ভ হ'ব স্তব্ধ ইণ্ডো- নগা ৰাজনৈতিক আলোচনা...  •  দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গ্ৰহণ কৰিলে কোভিড ভেকচিন...  •  দিল্লীত আসন বুজাবুজি চূড়ান্ত : সংবাদমেলত ঘোষণা কৰিব মিত্ৰ দলক কিমান আসন এৰি দিলে বিজেপিয়ে...  •  দিল্লীত আসন বুজাবুজি চূড়ান্ত : সংবাদমেলত ঘোষণা কৰিব মিত্ৰ দলক কিমান আসন এৰি দিলে বিজেপিয়ে...  •  মৰিগাঁওত পিষ্টল,সজীৱ গুলী সহ তিনিজনক আটক...

চলিত সপ্তাহত ৪ৰ্থ বাৰৰ বাবে বৃদ্ধি পালে প্ৰেট্ৰ’ল আৰু ডিজেলৰ মূল্য…

723

ডিজিটেল ডেস্কঃ দেশত প্ৰেট্ৰল আৰু ডিজেলৰ দাম শনিবাৰে বছৰটোৰ সকলোতকৈ বৃদ্ধি পাইছে । প্ৰেট্ৰলিয়াম বিপনন কোম্পানীয়ে এই সপ্তাহত চতু্ৰ্থ বাৰৰ বাবে বৃদ্ধি কৰিছে ইন্ধনৰ মূল্য। প্ৰেট্ৰলিয়াম বিপনন কোম্পানীৰ অধিসূচনা অনুসৰি, শনিবাৰে প্ৰেট্ৰল আৰু ডিজেলৰ দুয়ো বিধৰে মূল্য প্ৰতিলিটাৰ ২৫ পইচাকৈ বৃদ্ধি পাইছে।

ইয়াৰ লগে লগে দিল্লীত প্ৰেট্ৰলৰ মূল্য ৮৫.৭০ টকা প্ৰতিলিটাৰ আৰু মুম্বাইত প্ৰতিলিটাৰত ৯২.২৮ টকালৈ বৃদ্ধি পাইছে। আনহাতে ৰাষ্ট্ৰীয় ৰাজধানী চহৰখনত ডিজেলৰ মূল্য ৭৫.৮৮ টকা প্ৰতিলিটাৰ আৰু মুম্বাইত প্ৰতিলিটাৰত ৮২.৬৬ টকা হৈছেগৈ।অৱশ্যে ৰাষ্ট্ৰীয় বিক্ৰী কৰ আৰু বৰ্ধিত মূল্য কৰৰ বাবে বিভিন্ন ৰা্জ্যত যান বাহন ইন্ধনৰ মূল্য পৃথক পৃথক।

উল্লেখ্য যে, বৰ্তমান দেশৰ ইন্ধন মূল্য সৰ্বকালৰ ভিতৰতে অধিক। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ইয়াৰ পূৰ্বে চলিত সপ্তাহত যান বাহন ইন্ধনৰ মূল্য বৃদ্ধিৰ বাবে চৌদি আৰৱৰ কেঁচাতেল উৎপাদনত প্ৰক্ৰিয়া দায়ী বুলি অভিহিত কৰিছিল।

সাৰ্বজনীন ক্ষেত্ৰত প্ৰেট্ৰলিয়াম বিপনন কোম্পানী ইণ্ডিয়ান অইল কোৰপোৰেশ্যন. ভাৰত প্ৰেট্ৰলিয়াম কোৰপোৰেশ্যন আৰু হিন্দুস্থান প্ৰেট্ৰলিয়াম কোৰপোৰেশ্যনে ৬ জানুৱাৰীৰ পৰা আৰম্ভ কৰিছে যান বাহন ইন্ধনতৰ মূল্যৰ প্ৰতিদিনৰ সংশোধন পদ্ধতি।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি