পুনৰ বৃদ্ধি পালে ইন্ধনৰ মূল্য…

পুনৰ বৃদ্ধি পালে ইন্ধনৰ মূল্য…

ডিজিটেল ডেস্কঃ ২৪ জুন, ২০২১ অৰ্থাৎ বৃহস্পতিবাৰে পুনৰ বৃদ্ধি পালে ইন্ধনৰ মূল্য। আজিৰ দিনটোত পেট্ৰ'লৰ প্ৰতি লিটাৰত ২৬ পইচা আৰু ডিজেলৰ প্ৰতি লিটাৰত ৭ পইচা বৃদ্ধি পাইছে। বুধবাৰৰ দিনটোত ব্ৰেন্ট ক্ৰুডৰ মূল্য ০.৭৮ শতাংশ বৃদ্ধি পাই ৭৫.৩৯ ডলাৰ প্ৰতি বেৰেললৈ বাঢ়িল যি যোৱা দুটা বছৰত সৰ্বাধিক। যাৰ ফলত ইন্ধনৰ মূল্যত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।

বৃহস্পতিবাৰৰ দিনটোত দিল্লীত পেট্ৰ'লৰ প্ৰতি লিটাৰৰ মূল্য ৯৭.৭৬ টকা হৈছে। তাৰ বিপৰীতে ডিজেলৰ মূল্য প্ৰতি লিটাৰত হৈছেগৈ ৮৮.৩০ টকা। ইফালে, মুম্বাইত প্ৰতি লিটাৰৰ মূল্য ১০৩.৮৯ টকা হৈছেগৈ। আনহাতে, মহানগৰীখনত ডিজেলৰ প্ৰতি লিটাৰৰ মূল্য হৈছেগৈ ৯৫.৭৯ টকা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in