৭ দিনৰ মুৰত সকাহ…

৭ দিনৰ মুৰত সকাহ…

ডিজিটেল ডেস্কঃ বিগত ৭ দিন ধৰি পেট্ৰ'ল-ডিজেলৰ দাম বৃদ্ধি পোৱাৰ পাছত বৃহস্পতিবাৰে হ্ৰাস পালে মূল্য। ৰাজধানী চহৰ দিল্লীত বৃহস্পতিবাৰে প্ৰতি লিটাৰ পেট্ৰ'লত ৬ পইচা আৰু প্ৰতিলিটাৰ ডিজেলত ৬ পইচাকৈ হ্ৰাস পাইছে। বৰ্তমান দিল্লীত প্ৰতিলটাৰ পেট্ৰ'লৰ মূল্য ৭১.৮০ টকাৰ বিপৰীতে ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৬৬.৬৩ টকা।

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতে পেট্ৰ'ল-ডিজেলৰ মূল্য ধাৰাবাহিকভাৱে বৃদ্ধি পাইছিল। কেৱল ২৮, ২৯ মে'ত হে পেট্ৰ'ল-ডিজেলৰ মূল্য স্থিৰ অৱস্থাত আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in