পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিয়ে কোঙা কৰিছে দেশবাসীকঃ পেট্ৰলত ২ টকা, ডিজেলত ১.৫০ টকা…

প্ৰতিকী ফটো
প্ৰতিকী ফটো

ডিজিটেল ডেস্কঃ বিগত কিছুদিনৰ পৰা পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সমগ্ৰ দেশবাসীক। ধাৰাবাহিকভাৱে ৮ দিন পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি হোৱাৰ পাচত মাজতে এটা দিন জনগণক ৰেহাই দি পুনৰ বিগত ২ টা দিনত হোৰা-হোৰে বৃদ্ধি পাইছে পেট্ৰল-ডিজেলৰ মূল্য। ২৭ ছেপ্তেম্বৰ অৰ্থাৎ শুকুৰবাৰে প্ৰতিলিটাৰ পেট্ৰলত ১৫ পইচা আৰু প্ৰতি লিটাৰ ডিজেলত ১০ পইচাকৈ বৃদ্ধি পালে।

বিগত ১০ দিনত পেট্ৰলত ২ টকা আৰু প্ৰতিলিটাৰ ডিজেলত ১.৫০ টকাৰো অধিক মূল্যবৃদ্ধি হৈছে। ইফালে আন্তৰাষ্ট্ৰীয় বজাৰত কেচা তেলৰ দাম প্ৰতি বেৰেলত ৬১.২২ ডলাৰলৈ বৃদ্ধি পাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in