প্ৰতিকী ফটো
প্ৰতিকী ফটো

মঙলবাৰে কিমান বাঢ়িল পেট্ৰল-ডিজেলৰ মূল্য…

ডিজিটেল ডেস্কঃ চৌদি আৰৱত থকা বিশ্বৰ সবাতোকৈ বৃহৎ তেল উৎপাদনকাৰী ২ টাকৈ কোম্পানীত সন্ত্ৰাসবাদীৰ ড্ৰোণ আক্ৰমণৰ ফলত সম্ভাৱনা কৰা ধৰণেই আন্তৰাষ্ট্ৰীয় বজাৰত বৃদ্ধি পাইছে খাৰুৱা তেলৰ মূল্য। এই আক্ৰমণৰ ২ টা দিনৰ ভিতৰতে খাৰুৱা তেলৰ মূল্য ১৩ শতাংশ বৃদ্ধি হৈ প্ৰতি বেৰেলত ৬৮ টকাৰ ঘৰ চুইছেগৈ। বিগত ৩ বছৰৰ ভিতৰত এয়া হৈছে সৰ্বাধিক মূল্যবৃদ্ধি।

ইফালে আন্তৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃ্দ্ধিৰ লগে লগে ভাৰতবৰ্ষত বৃদ্ধি পাইছে পেট্ৰল-ডিজেলৰ মূল্য। মঙলবাৰে প্ৰতি লিটাৰ পেট্ৰলত ১৪ পইচা বৃদ্ধি পোৱাৰ লগতে ডিজেল প্ৰতি লিটাৰত ১৫ পইচাকৈ বৃদ্ধি পাইছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in