শেহতীয়া খবৰ
বৃহস্পতিবাৰে লোকসভা নিৰ্বাচনৰ ভোটগণনা, ওদালগুৰিত ক'ত কেনেকুৱা নিৰাপত্তা বেষ্টনী...  •  হিমাচলপ্ৰদেশৰ মানালী-কেইলং সংযোগী পথত পুনৰ যান-বাহন চলাচল আৰম্ভ...  •  গোৱালপাৰাতেই ছুইজাৰলেণ্ড! ক’ত আছে এই মনোৰম ঠাই...  •  ৰূপালী পৰ্দাৰ পি এম নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে গোচৰ!  •  ইভিএমৰ টেম্পাৰিঙক লৈ চিন্তিত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী!  •  হঠাৎ কিয় সুমতি হ’ল আম্বানীৰ? লোকসভা নিৰ্বাচনৰ ঘোষণাৰ পূৰ্বে ৰাহুলৰ বিৰুদ্ধে তৰা ৫০০০ কোটি টকীয়া মানহানিৰ গোচৰ প্ৰত্যাহাৰ...  •  বেজেৰাৰ সেহেনিপাৰাত জব্দ তেজপুৰৰ পিকআপ ভান, বাইহাটা থানালৈ অনাৰ পাছত অন্তৰ্ধান চালকসহ ২ যাত্ৰী...  •  ইভিএম ৰক্ষা কৰিবলৈ হাতত অস্ত্ৰ তুলি লওকঃ উপেন্দ্ৰ কুশবাহা, VIDEO  •  দিল্লীৰ অশোক হোটেলত এনডিএ নেতৃত্বৰ নৈশ ভোজন  •  পুৰণিগুদাম মিকিৰহাট নামঘৰৰ নৱনিৰ্মিত ভৱন উদ্ধোধন...

আজিও হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ দাম… পিছে এই সুখবৰ আৰু কিমান দিনলৈ

2,139

ডিজিটেল ডেস্কঃ পেট্ৰ’ল-ডিজেলৰ দাম আজিও হ্ৰাস পাইছে। গুৱাহাটীত মঙলবাৰৰ দিনটোত পেট্ৰ’লৰ দাম ০.৫০ পইছা হ্ৰাস পায় হয়গৈ ৭১.৩০ টকা। ডিজেলৰ মূল্য হ্ৰাস পাইছে ২১ পইছাকৈ। আজিৰ দিনটোত মহানগৰীত প্ৰতি লিটাৰ ডিজেলৰ মূল্য হৈছে ৬৬.৯২টকা।

ক্ৰমাগতভাৱে এপষেক ধৰি পেট্ৰ’ল-ডিজেলৰ দাম হ্ৰাস পাই অহাৰ এই সুখবৰ পিছে অধিক দিনলৈ থকাৰ সম্ভাৱনা নাই। বজাৰ বিশেষজ্ঞসকলে অহা এসপ্তাহৰ পিছতে পুনৰ ইন্ধনৰ দাম উৰ্ধগামী হ’ব পাৰে বুলি আশংকা ব্যক্ত কৰিছে।

প্ৰকাশিত বাতৰি অনুযায়ী আমেৰিকা আৰু চীনৰ মাজত ব্যৱসায়িক সংঘাত হ্ৰাস পোৱাৰ ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত পুনৰ তীব্ৰ গতিত ওপৰলৈ উঠিছে খাৰুৱা তেলৰ দাম। ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতে বৰ্তমানতকৈ অধিক দামত তেল আমদানি কৰিবলগীয়াত পৰিছে।

যোৱা ৩-৪দিনৰ ভিতৰতে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম ৫শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত সোমবাৰে খাৰুৱা তেলৰ দাম ৫.১৩ শতাংশ বৃদ্ধি হৈ প্ৰতি বেৰেলত ৬২.৫১ ডলাৰ হৈছেগৈ। ভাৰতৰ পেট্ৰ’ল পাম্পসমূহতো ইয়াৰ প্ৰভাৱ অতি শীঘ্ৰে পৰাতো প্ৰায় নিশ্চিত হৈ পৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি