কৰৰ বাবে ৰাজ্যভেদে ভিন্ন পেট্ৰল আৰু ডিজেলৰ মূল্য…

কৰৰ বাবে ৰাজ্যভেদে ভিন্ন পেট্ৰল আৰু ডিজেলৰ মূল্য…

ডি়জিটেল ডেস্কঃ শনিবাৰে ঘৰুৱা পেট্ৰ'ল আৰু ডিজেলৰ মূল্য দেশত অপৰিৱৰ্তিত হৈ আছে। কিন্তু বৰ্তমানে, কৰৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত তাৰতম্য হৈছে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য। তেল বিপনন কোম্পানী ইণ্ডিয়ান অইল কৰ্পোৰেচন, ভাৰত পেট্ৰলিয়াম কৰ্পোৰেচন আৰু হিন্দুস্থান পেট্ৰলিয়াম কৰ্পোৰেচনে ৰাজ্যত প্ৰৱৰ্তন কৰা দৈনিক ইন্ধনৰ হাৰৰ সমীক্ষা কৰে, আৰু ঘৰুৱা ইন্ধনৰ মূল্যৰ যিকোনো পৰিৱৰ্তন দিনৰ ৬ বজাৰ পৰা ৰূপায়ণ কৰে।  

দিল্লীত ২৪ অক্টোবৰ শনিবাৰে প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮১.০৬ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭০.৪৬ টকাৰ বিপৰীতে মুম্বাইত, প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮৭.৭৪ আৰু ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৭৬.৮৬টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in