৬৩ নং চাপাগুৰিত তুংগত উঠিছে ৰাইজৰ দলৰ প্ৰাৰ্থী সুজন দাসৰ নিৰ্বাচনী প্ৰচাৰ

৬৩ নং চাপাগুৰিত তুংগত উঠিছে ৰাইজৰ দলৰ প্ৰাৰ্থী সুজন দাসৰ নিৰ্বাচনী প্ৰচাৰ

ডিজিটেল সংবাদ,বাস্কাঃ আঞ্চলিকতাবাদীৰ চৰকাৰ গঠন হ'লে বড়ো আৰু অবড়োৰ সকলো সমস্যাৰ ৰাজনৈতিকভাৱে সমাধান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। এই মন্তব্য ৬৩ নং চাপাগুৰি বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী সুজন দাসৰ ৷

সোমবাৰে মুছলপুৰত অনুষ্ঠিত দলটোৰ এক নিৰ্বাচনী প্ৰচাৰ সভাৰ অন্তত সাংবাদিকৰ আগত প্ৰাৰ্থী গৰাকীয়ে আঞ্চলিকতাবাদী চৰকাৰ সম্পৰ্কে মন্তব্য কৰি কয় যে সঁচা অৰ্থত কবলৈ গ'লে অসমৰ জলন্ত সমস্যা সমূহ সমাধান কৰিবলৈ হ'লে অসমত এখন আঞ্চলিকতাবাদী চৰকাৰৰ প্ৰয়োজন। আঞ্চলিকতাবাদী চৰকাৰেহে ভাতৃঘাটী সংঘাত মষিমূৰ কৰিব পাৰিব বুলি দোহাৰি তেওঁ কয় যে বিটিচিত এতিয়া বিজেপি, ইউপিপিএল আৰু জিএছপিৰ মিত্ৰতা এক নিমিলা অংকত পৰিণত হৈছে। গতিকে ৰাইজে এই নিমিলা অংক এতিয়া বুজিছে আৰু কেতিয়াও এই নিমিলা অংকক মানি নলয় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

ইপিনে সমষ্টিটোৰ ইউপিপিএলৰ প্ৰাৰ্থী গৰাকীৰ প্ৰসংগত তেওঁ কয় যে সমষ্টিটোৰ বহু লোকে প্ৰাৰ্থিত্বৰ দাবী কৰা স্বত্বেও অইন জিলাৰ পৰা এগৰাকী লোকক আনি ইউপিপিএলে প্ৰাৰ্থিত্ব দিয়াৰ পিছত স্বাভাৱিকতে সমষ্টিটোৰ দলীয় কৰ্মী সকলৰ সন্মানত আঘাট হনা বুলি কয়। দলীয় কৰ্মকৰ্তাই ক্ষুণ্ণ হোৱাৰ কাৰণে ইউপিপিএলৰ প্ৰাৰ্থী গৰাকী সুজন দাসৰ বাবে কোনো প্ৰত্যাহ্বান নহয় বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে।

আনহাতে, অখিল গগৈ সন্দৰ্ভত প্ৰাৰ্থী দাসে কয় যে বিজেপি চৰকাৰে ৰাইজৰ নেতা গৰাকীক অন্যায়ভাৱে জে'লত ৰাখিছে। চৰকাৰৰ ভুল নীতি দেখুৱাই দিয়াৰ বাবেই যে অখিল গগৈক জে'লত ৰখা হৈছে সেয়া অসমৰ লোকে জানে। অখিল গগৈ অসমৰ এক সংগ্ৰামী প্ৰতিভূ। এই সংগ্ৰামী প্ৰতিভূক আগুৱাই নিয়াৰ বাবে সকলোৱে কাম কৰিব লাগিব।

অখিল গগৈক জে'লত অন্যায়ভাৱে ৰখাটো ৰাইজৰ দলৰ বাবে ইতিবাচক দিশ হোৱা বুলি মন্তব্য কৰি তেওঁ কয় যে চৰকাৰৰ ভুল নীতি সমূহ এতিয়া ৰাইজে বুজি উঠিছে। অখিল গগৈৰ কাৰাৰুদ্ধ জীৱনে মানুহক ব্যাথিত কৰি তোলাৰ বাবে চৰকাৰৰ বিৰুদ্ধে জনতাক ওলাই অহাত সহায়হে কৰিছে বুলিও দাসে মন্তব্য কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in