ৰাইজে নখ জোকাৰিলে নৈ বয়ঃ বাক্সাৰ দিৰিং নদীত নিজৰ জেপৰ ধন খৰচ কৰি ৰাইজে মেৰামতি কৰিলে বান্ধ…

ৰাইজে নখ জোকাৰিলে নৈ বয়ঃ বাক্সাৰ দিৰিং নদীত নিজৰ জেপৰ ধন খৰচ কৰি ৰাইজে মেৰামতি কৰিলে বান্ধ…

ডিজিটেল সংবাদ, বাক্সাঃ ৰাইজে নখ জোকাৰিলে নৈ বয় ৷ নেতাৰ প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিয়ে হৈ ৰয় ৷ চৰকাৰী আঁচনিক আশা নকৰি এনেদৰে বান্ধ নিৰ্মাণ কৰিবলৈ ওলাই আহিল ৰাইজ ৷যিসময়ত ৰাজ্যৰ বিভিন্ন অঞ্চলত বানপানীৰ কবলত ঘৰ বাৰীৰ লগতে কৃষি পথাৰ বিনষ্ট হব লগা হৈছে তেনে সময়তে বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তবৰ্তী অঞ্চলৰ শতাধিক কৃষক সকলৰ মাজত সৃষ্টি হব লগা হৈছে হাহাকাৰ অৱস্থাৰ ৷ শুনিবলৈ আঁচহুৱা যেন লাগিলেও এইয়াই সত্য ৷

ভৰ বাৰিষা সময়তো এতিয়া চাউলকাড়া অঞ্চলৰ প্ৰায় ৪ শতাধিক কৃষক সকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ ৷ মূলত খেতি পথাৰত সৃষ্টি হোৱা পানীৰ অভাৱ তথা জলসিঞ্চন বিভাগৰ আঁচনিৰ অভাৱৰ বাবেই এই হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় কৃষক সকলৰ মাজত l উল্লেখ্য যে, বৃটিছৰ ঔপনিবেশৰ পৰা মুক্ত হৈ ভাৰত স্বতন্ত্ৰ হ'ল যদিও, পৰিৱৰ্তন নহ'ল এই সকল কৃষকৰ অৱস্থা ৷

স্বাধীনোত্তৰ ভাৰতৰ কৃষকৰ উন্নয়নৰ বাবে বহু আঁচনিও ৰূপায়ন কৰা হ'ল যদিও সেইসমূহ আঁচনিৰ পৰা আজিও বঞ্চিত হৈ থাকিল এই সকল প্ৰকৃত কৃষক ৷ জলসিঞ্চনৰ অভাৱত এই অঞ্চলৰ ৰাইজে আজিও ভেটিব লাগে খৰস্ৰোতা দৰিং নদী ৷ নদীত শিল, গছৰ ডাল আদিৰে প্ৰাকৃতিকভাৱে পাৰ্কুপাইনৰ বান্ধ দি প্ৰায় ১০ হেজাতকৈ অধিক কৃষি পথাৰলৈ পানী বোৱাই নিব লগীয়া হয় অঞ্চলটোৰ কৃষক ৰাইজে ৷ বাৰিষাৰ সময়ত প্ৰতি মাহত ৬-৭ বাৰকৈ এনেদৰে কাম কৰিব লাগে অঞ্চলটোৰ দূৰ্ভগীয়া কৃষক সকলে৷ তথাপিও হাৰমনা নাই কৃষক ৰাইজ |

চৰকাৰক অপেক্ষা নকৰি নিজৰ গাঠিৰ ধনেৰে পাগলাদীয়া নদীত বান্ধ বন্ধাত নিজে লাগিল হাতে কামে | উল্লেখ্য যে, বহু বছৰ ধৰি ১ নং চাউলকাড়া পাগলদিয়া গ্ৰুপ দোং বান্ধ সমিতিয়ে এনেদৰে বান্ধ নিৰ্মাণৰ কাম কৰি খেতি কৰি আহিছে বছৰটোৰ প্ৰত্যেক মহতে ৷ থিক তেনেদৰে আজিও নদীত বান্ধ বন্ধাৰ বাবে ৰাইজ ওলাই আহিল সদল বলে | কৃষক সকলৰ অভিযোগ দেশে স্বাধীনতা লাভ কৰাৰ পিচত বহু চৰকাৰ আহিল আৰু গল কিন্তু কোনো এখন চৰকাৰেই তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত একো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷

প্ৰতিবছৰেই নিৰ্বাচনৰ সময়ত প্ৰাৰ্থী সকল উক্ত স্থানত উপস্থিত হৈ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে ভোট ভিক্ষা কৰে যদিও নিৰ্বাচন শেষ হোৱাৰ পাছতেই তেঁওলোকৰ সমস্যালৈ পিঠি দিয়ে ৷ অন্ত্যন্ত ক্ষোভ প্ৰকাশ কৰি অঞ্চলটোৰ এই দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে চাউলকাড়াবাসী কৃষক ৰাইজে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in