প্ৰাৰ্থিত্ব লাভৰ পিছতে প্ৰতিদ্বন্দ্বী মুখ্যমন্ত্ৰী কেজৰিৱালৰ বিৰুদ্ধে সৰৱ নতুন দিল্লীৰ বিজেপি প্ৰাৰ্থী সুনীল যাদৱ, ক’লে- সমষ্টিবাসীয়ে প্ৰতিনিধি বিচাৰে, মুখ্যমন্ত্ৰী নহয়…

প্ৰাৰ্থিত্ব লাভৰ পিছতে প্ৰতিদ্বন্দ্বী মুখ্যমন্ত্ৰী কেজৰিৱালৰ বিৰুদ্ধে সৰৱ নতুন দিল্লীৰ বিজেপি প্ৰাৰ্থী সুনীল যাদৱ, ক’লে- সমষ্টিবাসীয়ে প্ৰতিনিধি বিচাৰে, মুখ্যমন্ত্ৰী নহয়…

ডিজিটেল ডেস্কঃ দিল্লীৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নতুন দিল্লী বিধানসভা সমষ্টিৰ পৰা বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে সুনীল যাদৱক। মঙলবাৰে দলৰ নেতৃত্বই সমষ্টিটোত সুনীল যাদৱক টিকট প্ৰদান কৰাৰ পিছতে সমষ্টিটোত নিজ ধৰণে নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে প্ৰাৰ্থীগৰাকী।

উল্লেখ্য যে, এই সমষ্টিটোৰ পৰা ২০১৩ চনত আৰু ২০১৫ চনৰ বিধানসভা নিৰ্বাচনত একেৰাহে দুবাৰকৈ জয়লাভ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ অধ্যক্ষ অৰবিন্দ কেজৰিৱালে। এইবাৰো তেওঁ সমষ্টিটোত নিজৰ ভেটি মজবুত কৰি ৰাখিছে। আনহাতে বহু বিচাৰ-বিবেচনাৰ পিছত বিজেপিয়ে টিকট প্ৰদান কৰা সুনীল যাদৱৰ বাবে এই সমষ্টিটোত জয়লাভ কৰাটো এক তীব্ৰ প্ৰত্যাহ্বান হিচাপে পৰিগণিত যে হ'ব, সেয়া নিশ্চিত।

মঙলবাৰে সংবাদ মাধ্যমৰ সন্মুখত সুনীল যাদৱে কয়, 'নতুন দিল্লী সমষ্টিৰ নাগৰিকসকলে এজন স্থানীয় প্ৰতিনিধিহে বিচাৰে, মুখ্যমন্ত্ৰী নহয়। যাতে তেওঁলোকৰ প্ৰতিনিধিজনে তেওঁলোকৰ সমস্যাসমূহ উত্থাপন কৰিব পাৰে আৰু তাৰ সমাধান কৰিব পাৰে, তেনে এজন প্ৰতিনিধিয়েই সমষ্টিবাসীয়ে বিচাৰে। অৰবিন্দ কেজৰিৱালে এই সমষ্টিটোৰ পৰা জয়লাভ কৰাৰ পিছতে সমষ্টিবাসীক পিঠি দেখুৱাই আহিছে। চিভিল লাইনত তেওঁ ঘৰ কিনি এই এই অঞ্চলৰ পৰা আতৰি গ'ল। সমষ্টিবাসীক সময় দি তেওঁলোকৰ সমস্যা সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰাটো অৰবিন্দ কেজৰিৱালে প্ৰয়োজন বুলি নাভাৱে।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in