ভয়ংকৰ বিমান দুৰ্ঘটনা, ২ শিশু-পাইলটসহ নিহত ৯

ভয়ংকৰ বিমান দুৰ্ঘটনা, ২ শিশু-পাইলটসহ নিহত ৯

ডিজিটেল ডেস্কঃ আমেৰিকাৰ দক্ষিণ ডাকতাত সংঘটিত বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে ৯জন লোকে। শনিবাৰে সংঘটিত এই দুৰ্ঘটনাটোত নিহতসকলৰ ভিতৰত এগৰাকী চালকৰ সৈতে ২ টি শিশুও আছে। ১২ জন যাত্ৰী লৈ চেম্বাৰলিনৰ পৰা ইদাহুলৈ গৈ থকাৰ পথত ৰুৰেল ব্ৰুল কান্টিত এই দুৰ্ঘটনা সংঘটিত হৈছে।

ইফালে আহতসকলৰ ভৰ্তি কৰা হৈছে হাস্পতালত। পিলাটাছ পিচি-১২ নামৰ বিমানখন কেনেকৈ দুৰ্ঘটনাত পতিত হ'ল এতিয়াও জানিব পৰা হোৱা নাই। নেশ্যনেল ট্ৰাৰ্ন্সপৰ্টেচন চেফটি বোৰ্ডৰ লগতে ফেডাৰেল এভিয়েচন এডমিনিষ্ট্ৰেচনে সমগ্ৰ বিষয়টোৰ তদন্ত কৰি আছে।

উল্লেখ্য যে, দক্ষিণ ডাকতাত বৰ্তমান শীত হৈ আছে। যাৰ বাবে মাজে মাজে ধুমুহাৰ প্ৰকোপো বৃদ্ধি পায়। ইফালে বিমানখনত থকা সকলো লোকে ইদাহুৰ বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in