টুলুঙা নাওৰে ভয়ংকৰ যাত্ৰা, পৰিবৰ্তনৰ বতাহে স্পৰ্শ নকৰা অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলত হাহাকাৰ…

টুলুঙা নাওৰে ভয়ংকৰ যাত্ৰা, পৰিবৰ্তনৰ বতাহে স্পৰ্শ নকৰা অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলত হাহাকাৰ…

ডিজিটেল সংবাদ, কৃষ্ণাইঃ পৰিবৰ্তনৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদীত বহা বিজিপি নেতৃত্বাধীন চৰকাৰ খনে ৫ টা বছৰ অতিক্ৰম কৰিবৰ হ'ল, চৰকাৰ খনৰ বিগত সময়চোৱাত ৰাজ্য খনৰ বহু অঞ্চলত যে পৰিবৰ্তনৰ বতাহ জাকে এতিয়াও স্পৰ্শ কৰিব পৰা নাই সেই কথা গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৱৰ্তী কিছু অঞ্চলৰ শেহতীয়া স্বৰূপ দেখিলেই অতি সহজে অনুমেয়৷ তেনেকুৱা এটা অঞ্চল গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৱৰ্তী জিৰা-তৰেংথপ৷

এখন দলঙৰ অপেক্ষাত বহুবছৰ অতিবাহিত কৰিলে জিৰা, তৰেংথপ, পুঠিমাৰী, খাৰদাঙ আদিকে ধৰি বহু অঞ্চলৰ লোকে৷ প্ৰতিটো নিৰ্বাচনৰ সময়ত মাথো প্ৰতিশ্ৰুতিৰ বাহিৰে একোয়ে পাবলৈ সক্ষম নহ'ল৷ শেহতীয়াকৈ জিৰা-তৰেংথপৰ ৰাইজে বিগত সময়চোৱাত কিছু পৰিবৰ্তনৰ আশা কৰিছিল যদিও সেৱাও ভেকোভাওনাতে পৰিণত হ'ল এখন দলং নহ'ল জিৰা-তৰেংথপৰ মাজত৷ বিগত দিনৰ সমূহৰ দৰে এতিয়া এখন টুলুঙা নাওৰে অব্যাহত ৰাখিছে যাতায়ত৷ যাত্ৰা অতি বিপদ সংকুল যদিও নিৰুপায় অঞ্চলবাসী ৰাইজ।

বিকল্প কোনো পথ নথকাত প্ৰতিটো দিনে এনেদৰে মৰণক শৰণ দি এনেকৈ নৈ বুকু ফালি যাত্ৰা কৰে অঞ্চলটোৰ সহস্ৰাধিক লোকে৷ বৰ্ততমান স্কুল-কলেজ সমূহ বন্ধ অঞ্চলটোৰ কেইবা শতাধিক ছাত্ৰছাত্ৰীও এই বিপদ সংকুলতাৰ মাজৰে গ্ৰহণ কৰে শিক্ষা৷ জিলাখনৰ দুধনৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত এই বৃহৎ অঞ্চলৰ সৰ্বসাধাৰণে স্থানীয় বিধায়ক গৰাকীক বহু আবেদন-নিবেদন কৰিলে যদিও একো কামত নাহিল। এতিয়া নাওৰে নৈ পাৰ হবলৈ এবাৰতে এজনে আদায় দিব লাগে দহ টকা ছাত্ৰছাত্ৰী সকলো ইয়াৰ ব্যতিক্ৰম নহয় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in