অষ্ট্ৰেলিয়াৰ বনাঞ্চলত বিধ্বংসী অগ্নিকাণ্ড! নিহত অগ্নিনিৰ্বাপক বাহিনীৰ ৩ কৰ্মচাৰী, আহত ৩০…

অষ্ট্ৰেলিয়াৰ বনাঞ্চলত বিধ্বংসী অগ্নিকাণ্ড! নিহত অগ্নিনিৰ্বাপক বাহিনীৰ ৩ কৰ্মচাৰী, আহত ৩০…

ডিজিটেল ডেস্কঃ দেওবাৰে অষ্ট্ৰেলিয়া দুটা প্ৰান্তৰ বনাঞ্চলৰ ৭০টাতকৈও অধিকস্থানত সংঘটিত হয় অগ্নিকাণ্ড। অগ্নিকাণ্ড নিৰ্বাপনৰ চেষ্টা প্ৰায় ১৩শঅগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰীয়ে কৰে। আৰু জুই নুমুৱাবলৈ গৈ প্ৰাণ হেৰুৱাইঅগ্নিনিৰ্বাপক বাহিনীৰ ৩জনকৈ কৰ্মচাৰীয়ে। ইফালে, বৰ্তমানলৈ ৪জনকৈ লোক বৰ্তমানসন্ধানহীন হৈ আছে।

সংবাদমাধ্যম অনুসৰি, নিউ ছাউথ ৱেলছ(এন এছ ডব্লিউ) প্ৰান্তত এই অগ্নিকাণ্ডৰ ফলত আটাইতকৈ বেছি প্ৰভাৱ পৰিছে। তদুপৰি,সোমবাৰ আৰু মঙলবাৰে এই অগ্নিকাণ্ড আৰু অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা ব্যক্তি কৰিছে।প্ৰশাসনে উক্ত এলেকাৰ পৰা স্থানীয় লোকসকলক অন্য স্থানলৈ স্থানান্তৰিত হ'বলৈ আহ্বানজনাইছে। এই অগ্নিকাণ্ডত জাহ গৈছে প্ৰায় ১৫০টাকৈ বাসগৃহ।আৰু আহত হৈছে প্ৰায় ৩০জনকৈস্থানীয় লোক।

ইফালে, প্ৰধানমন্ত্ৰী স্ক'ট ম'ৰিছনেদেওবাৰে অগ্নিকাণ্ড সংঘটিত এলেকাসমূহত নিৰীক্ষণ কৰে। অগ্নিকাণ্ডৰ ফলত ক্ষতিসাধনহোৱা লোকসকলক আৰ্থিক সাহাৰ্য প্ৰদানৰো ঘোষণা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। লগতে তেওঁএই অগ্নিকাণ্ডৰ ফলত হতাহত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলিও সদৰী কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in