ধিং সমষ্টিত পৰিবৰ্তনৰ জোৱাৰ…

ধিং সমষ্টিত পৰিবৰ্তনৰ জোৱাৰ…

ডিজিটেল সংবাদ, মায়ংঃ নগাঁও জিলাৰ ধিং সমষ্টিৰ নিৰ্বাচনী যুজঁখন এইবাৰ আকৰ্ষণীয় হৈ উঠিছে।ধিং সমষ্টিত এইবাৰ ৰাইজে পৰিবৰ্তন বিচাৰিছে। এ আই ইউ ডি এফ দলৰ বিধায়ক আমিনুল ইছলাম ৰ দখলত থকা ধিং সমষ্টিত এইবাৰ ধৰ্মীয় আৱেগৰ পৰিৱৰ্তে উন্নয়ন আৰু বিকাশৰ স্বাৰ্থত সমষ্টিটোৰ সাধাৰণ ভোটাৰ ৰাইজ সৰ্বসাধাৰণ ওলাই আহিছে।

সমষ্টিটোৰ ধিং,মৈৰাবাৰী আৰু আলিটাঙনি মৌজাৰ সৰ্বসাধাৰণ ৰাইজেও এইবাৰ নতুন মুখৰ প্ৰাৰ্থী তথা সাংবাদিক মেহবুব মুক্তাৰক আদৰি লোৱা দেখা পোৱা গৈছে।হাজাৰ হাজাৰ লোক ওলাই আহি ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰৰ বাইক ৰেলীত আজি অংশগ্ৰহণ কৰিছে।কোনো এজন ষ্টাৰ কেম্পেইনাৰ নোহোৱা কৈ একমাত্ৰ ৰাইজৰ সহযোগত অতি কম সময়ৰ ভিতৰতে সমষ্টিটোত চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে মুক্তাৰে।

প্ৰতি দিনে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠি আছে।ইয়াৰ একমাত্ৰ কাৰণ আমিনুলক বিদায় আৰু মুক্তাৰক জয়ী কৰাব লাগে।বিগত দহটা বছৰে বিধায়ক আমিনুল ইছলামে সমষ্টিৰ বাট-পথ,বিভিন্ন শিক্ষানুষ্ঠানৰ উন্নয়নৰ পৰিবৰ্তে কেৱল বিতৰ্কিত মন্তব্যৰে লজ্জানত কৰি অহা বুলিহে অভিযোগ উত্থাপন কৰিছে সমষ্টি বাসীয়ে। ধিং সমষ্টিৰ তিনিওটা মৌজাৰ বিভিন্ন অঞ্চলৰ শিক্ষক,কৃষক,ছাত্ৰ,শ্ৰমিক গৃহিনী সকলোৰে মুখত উচ্চাৰিত হয় বিধায়ক আমিনুল ইছলাম ৰ চৰম ব্যৰ্থতাৰ কথা।প্ৰত্যেকৰে মুখত এটাই কথা যে, ধৰ্মীয় আৱেগত চলি থকা ধিং সমষ্টিৰ যি বদনাম সেই বদনামৰ পৰা মুক্তি পাব লাগে।

আমিনুল ইছলামৰ লগত লাগি থকা ইউ ডি এফ দলৰ ভালে সংখ্যক কৰ্মীয়ে বিধায়ক জনৰ কামকাজ আৰু আচৰণত অসন্তুষ্ট হৈ দল ত্যাগ কৰি ৰাইজৰ দলৰ প্ৰাৰ্থী মুক্তাৰৰ লগত সংগ দিয়ে।আনকি যোৱা দহটা বছৰে কংগ্ৰেছ দলৰ কৰ্মী সমৰ্থকক সহায় কৰাটো বাদেই শত্ৰু জ্ঞান কৰি অহাৰ ফলত এইবাৰ বিধায়ক ইছলাম মহাজোঁটত চামিল হলেও সিংহ ভাগ কংগ্ৰেছৰ নেতা কৰ্মীয়ে সৰবৰহী যুৱক তথা প্ৰগতিশীল চিন্তাধাৰাৰ ৰাইজৰ দলৰ মুক্তাৰক প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে সহায় কৰা বুলি প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে, এইবাৰ ধিং সমষ্টিত আমিনুল ইছলামক বিদায় দি মেহবুব মুক্তাৰক ৰাইজে জয়ী কৰাৰ সংকল্প লৈছে।ধিং সমষ্টিৰ আছে এশ এবুৰী সমস্যা। সেই সমস্যাৰ প্ৰতি আমিনুলে পিঠি দি ধন দৌল গঢ়াত গুৰুত্ব দিয়া বুলিহে সমষ্টিৰ ৰাইজে সংবাদ মাধ্যমক ব্যক্ত কৰে ।আনহাতে ৰাইজৰ দলৰ মেহবুব মুক্তাৰ, এ আই ইউ ডিএফ ৰ আমিনুল ইছলাম, বিজেপিৰ সঞ্জীৱ বৰা ,গণ মৰ্চাৰ চাইফুল ইছলামকে ধৰি যি কেইগৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে সেইসকলৰ ভিতৰত মূল যুজঁ খন হ'ব মেহবুব মুক্তাৰ আৰু আমিনুল ইছলামৰ মাজত।

অৱশ্যে সমষ্টিটোৰ সচেতন ভোটাৰৰ মতে, বৰ্তমানৰ প্ৰেক্ষাপটত ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰ যথেষ্ট আগবাঢ়ি আছে । ১০ বছৰ দিছপুৰৰ ক্ষমতাৰ সোৱাদ পোৱা বিধায়ক আমিনুল ইছলাম বৰ্তমান শংকিত হৈ পৰিছে পৰাজয়ৰ ভয়ত। অতি কম সময়ৰ ভিতৰতে মুক্তাৰে ধিং সমষ্টিৰ ৰাইজৰ অভূতপূৰ্ব সমৰ্থন আদায় কৰা দেখি একপ্ৰকাৰ থৰকা চুটি হেৰুৱাই ভোটাৰৰ মাজত ধন বল প্ৰদৰ্শন কৰি পুনৰ বিধায়ক হোৱাৰ সপোন দেখিছে যদিও ৰাইজে অৱশ্যে এইবাৰ প্ৰত্যাখ্যান কৰাৰ সম্ভাৱনাই অধিক আমিনুলক।

কাৰণ ধিং সমষ্টিৰ ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ কোনো উন্নতি দেখা পোৱা নগ'ল।ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো পদক্ষেপ নল'লে আমিনুলে। খহনীয়াৰ কবলত পৰা শ শ লোক আজিও গৃহহীন হৈ থাকিল।পুনঃসংস্থাপন ৰ কথা এদিনো নাভাবিলে।ধিং অঞ্চলৰ খেতিয়কৰ, চৰ অঞ্চলত বসবাস কৰা লোক সকলৰ কৃষিৰ ক্ষেত্ৰত গুৰুত্ব নিদিলে।জলসিঞ্চন আঁচনিৰ কোনো ব্যৱস্থা আজিও হৈ নুঠিল ।কৃষি জাত সামগ্ৰী উচিত মূল্যত বিক্ৰী কৰিবলৈ ভাল বজাৰ এখন সৃষ্টি কৰিব নোৱাৰিলে। চৰকাৰী আঁচনি আৰু অনুদান সঠিক ভাৱে দিব নোৱাৰিলে যোৱা দহটা বছৰত।কেৱল বদৰুদ্দিন আজমল আৰু প্ৰয়াত পিতৃৰ আশীৰ্বাদতে ৰাইজৰ মাজত ধৰ্মীয় আবেগ সৃষ্টি কৰি ভোট আদায় কৰি আহিছিল ইছলামে।

এইবাৰ যথেষ্ট প্ৰত্যাহ্বান ৰ সন্মুখীন হৈছে বিধায়ক জন।শিক্ষিত ভোটাৰ সকলে কোনো পধ্যে আমিনুল ইছলামক বিধায়ক হোৱাটো কোনো পধ্যে বিচৰা নাই।বহুতে নিজৰ গাঁঠিৰ ধন খৰছ কৰি যুৱ প্ৰজন্মৰ প্ৰাৰ্থী মেহবুব মুক্তাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা পোৱা গৈছে একমাত্ৰ উন্নয়নৰ স্বাৰ্থত।মুক্তাৰেও ৰাইজক প্ৰতিশ্ৰুতি দিছে বিগত দহ বছৰে বিধায়ক আমিনুলে কৰিব নোৱাৰা কাম আঢ়ৈ বছৰত কৰি দেখুৱাব।শিক্ষানুষ্ঠান, ঈদগাহ, কবৰস্থান,নামঘৰ ,মছজিদ সমূহ চকুত লগাকৈ নিৰ্মাণ কৰি দিয়াৰ উপৰিও অসমৰ প্ৰথম ১০ টা উন্নত সমষ্টিৰ ভিতৰত ধিং সমষ্টি টোক স্থান দিয়াৰ চেষ্টা কৰিব বুলি মুক্তাৰে সভাই সমিতিয়ে ভাষণত প্ৰকাশ কৰিছে।

পৰ্যটনৰ ক্ষেত্ৰত যথেষ্ট পিছপৰা ধিং সমষ্টি।পৰ্যটনৰ সম্ভাৱনা আছে যদিও সেই দিশবোৰ কোনো দিনেই চিন্তা নকৰিলে বিধায়ক গৰাকীয়ে। লক ডাউনৰ সময়ত সমষ্টিৰ ৰাইজক সহায় কৰি নাপালে।যাৰ সুযোগ গ্ৰহণ কৰি বৰ্তমান মেহবুব মুক্তাৰে সকলো শ্ৰেণীৰ ৰাইজৰ মাজত সোমবলৈ সক্ষম হৈছে।সমষ্টিটোৰ মহিলা ভোটাৰ সকলৰো সমৰ্থন আদায় কৰিছে ৰাইজৰ দলৰ প্ৰাৰ্থী গৰাকীয়ে।

মুঠতে আমিনুলৰ ভেটিত মেহবুব মুক্তাৰেযে মোক্ষম আঘাত হানিবলৈ সক্ষম হৈছে সেই কথা সকলোৰে মুখে মুখে।সকলোৰে মুখত এতিয়া এটাই কথা ,মেহবুব মুক্তাৰ জিকিব ।যিহেতু জনসমৰ্থন বৰ্তমান লৈ সাংঘাতিক ধৰণে আদায় কৰিবলৈ সক্ষম হৈছে।বিগত ১৬ টা বছৰে সংবাদ সেৱাৰ সতে জড়িত হৈ থাকি মুক্তাৰে বহু দুখীয়া নিচলা লোকক সহায় কৰি থৈছে।যাৰ ফলত হয়তো আজি নতুন প্ৰজন্মৰ লগতে জেষ্ঠ নাগৰিক সকলেও মেহবুব মুক্তাৰক আদৰি লোৱা পৰিলক্ষিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in