বৃদ্ধ অৱস্থাতো দিন হাজিৰা বিচাৰি হাহাকাৰ…

বৃদ্ধ অৱস্থাতো দিন হাজিৰা বিচাৰি হাহাকাৰ…

ডিজিটেল সংবাদ, শালবাৰীঃ মানৱ কল্যাণৰ বাবে চৰকাৰী বহু আঁচনি আছে যদিও কোনো এখন আঁচনিয়ে ঢুকি পোৱা নাই বাক্সাৰ শালবাৰীৰ খাৰিজা বিজনী মৌজাৰ বাৰাপেটা গাঁওৰ প্ৰদীপ কলিতা, চন্দ্ৰকান্ত মালী, অজয় দাসৰ দৰে সত্তৰ উৰ্ধৰ বহু ব্যক্তিক৷ বৃদ্ধ অৱস্থাতো পৰিয়াল চলাই নিয়াৰ তাগিদাত দিন হাজিৰা বিচাৰি হাহাকাৰ কৰিব লগা হৈছে এইসকল ব্যক্তিয়ে ৷ যি সময়ত চৰকাৰে উন্নয়নৰ শ্লোগান দি অথবা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আধাৰশিলা স্থাপনেৰে চমক সৃষ্টিৰ চেষ্টা অব্যাহত ৰাখিছে, তেনে সময়তে পোহৰলৈ আহিছে এইসকল বৃদ্ধৰ কৰুণ গাঁথা৷

বিটিএডি অথবা অসম চৰকাৰৰ কোনো এখন আঁচনিয়ে ঢুকি পোৱা নাই এইসকল বৃদ্ধ লোকক৷ এই বয়োজেষ্ঠ ব্যক্তিসকলতকৈ কম বয়সৰ লোকেও বৃদ্ধ পেঞ্চনৰ দৰে সা সুবিধা পোৱাৰ পিছতো কিয় এওঁলোকে এনেবোৰ সুবিধাৰ পৰা বঞ্চিত হৈছে সেই সম্পৰ্কে ক্ষোভ উজাৰি চৰকাৰৰ সুদৃষ্টিৰ কামনা কৰে ৷ আমাৰ এই সংবাদ পৰিৱেশনৰ পিছত এইসকল ব্যক্তিলৈ দয়া উপজিবনে চৰকাৰ তথা বিভাগীয় কতৃপক্ষৰ সেইয়াহে হ'ব লক্ষণীয়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in