গৰৈমাৰীত চৰকাৰী পেন্সনাৰ্চ আৰু ফেমিলী পেন্সনাৰ্চ সন্থাৰ অধিৱেশন…

গৰৈমাৰীত চৰকাৰী পেন্সনাৰ্চ আৰু ফেমিলী পেন্সনাৰ্চ সন্থাৰ অধিৱেশন…

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীস্থিত আল-আমিন ইছলামিক মডেল স্কুল প্ৰাংগণত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে সদৌ অসম চৰকাৰী পেন্সনাৰ্চ আৰু ফেমিলী পেন্সনাৰ্চ সন্থাৰ গৰৈমাৰী-সোণতলী আঞ্চলিক সমিতিৰ প্ৰথম দ্বি-বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ যায়৷ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে আব্দুল কাইয়ুম আল আমানে৷

৮ বজাত গছপুলি ৰোপন কৰে আল-আমিন ইছলামিক মডেল স্কুলৰ অধ্যক্ষ হাশেম আলীয়ে৷ ৯-৩০ বজাৰ পৰা প্ৰতিনিধ সভা অনুষ্ঠিত হয়৷ বিয়লি সদৌ অসম চৰকাৰী পেন্সনাৰ্চ আৰু ফেমিলী পেন্সনাৰ্চ সন্থাৰ গৰৈমাৰী-সোণতলী আঞ্চলিক সমিতিৰ সভাপতি আব্দুল কাইয়ুম আল-আমানৰ সঞ্চালনাত মুকলি সভা অনুষ্ঠিত হয়৷ সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি সদৌ অসম চৰকাৰী পেন্সনাৰ্চ আৰু ফেমিলী পেন্সনাৰ্চ সন্থাৰ কাৰ্যকৰী সভাপতি দীনেশ দাসে বিজেপি চৰকাৰখনক তীব্ৰ সমালেচনা কৰি নৰেন্দ্ৰ মোডীক এজন বেপাৰী মানুহ বুলি আখ্যায়িত কৰে৷

তেওঁ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা বাবে বিজেপি চৰকাৰখন একপ্ৰকাৰ ব্যৰ্থ হোৱা বুলি কয়৷ আমন্ত্ৰিত অতিথি হিচাপে গৰৈমাৰী আৰু পূব ছমৰীয়া জ্যেষ্ঠ নাগৰিক মঞ্চৰ সভাপতি ডাঃ ফজলুল হক চৌধুৰী, চাম্পুপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আবিদা আহমেদ প্ৰমুখ্যে বয়োজ্যেষ্ঠ জ্যেষ্ঠ অৱসৰী শিক্ষকসকল অংশগ্ৰহণ কৰে৷ উল্লেখ্য যে উক্ত সভাত জুৰি কমিটিৰ জৰিয়তে আব্দুল কাইয়ুম আল-আমানক সভাপতি, হাবিবুৰ ৰহমান আৰু ৰহমত উল্লাহক উপ-সভাপতি, বিলায়েৎ হোছেইনক সম্পাদক, আব্দুল খালেক আৰু আব্দুল বাৰেকক সহকাৰী সম্পাদক, ছামচুল হকক কোষাধ্যক্ষ হিচাপে লৈ ৩১ জনীয়া সদস্যৰে সদৌ অসম চৰকাৰী পেন্সনাৰ্চ আৰু ফেমিলী পেন্সনাৰ্চ সন্থাৰ গৰৈমাৰী-সোণতলী আঞ্চলিক সমিতিখন গঠন কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in