৪৩ সাহিত্যিকলৈ সাহিত্যিক পেঞ্চন ঘোষণা

৪৩ সাহিত্যিকলৈ সাহিত্যিক পেঞ্চন ঘোষণা

ডিজিটেল ডেস্কঃ আগন্তুক স্বাধীনতা দিৱস উপলক্ষে অসম চৰকাৰে ৰাজ্যখনৰ ৪৩ গৰাকী সাহিত্যিকৰ নাম ২০১৮-১৯ বৰ্ষৰ সাহিত্যিক পেঞ্চনৰ বাবে ঘোষণা কৰিছে।

সোমবাৰে ৰাজ্য চৰকাৰে প্ৰকাশ কৰা অধিসূচনা অনুলৰি এই সাহিত্যিকসকল হৈছে ক্ৰমে ড০ উত্তম চন্দ্ৰ পাঠক (বৰপেটা), ইন্দ্ৰপসাদ শইকীয়া (বিশ্বনাথ), ড০ শান্তনাময়ী মজুমদাৰ (বঙাইগাঁও), কাবৰামবাম নীলকান্ত সিনহা (কাছাৰ), মিতদেৱ শৰ্মা শাস্ত্ৰী (দৰং), পৃথুৰাম বৰুৱা (দৰং), নীলিমা চক্ৰৱৰ্তী (ধুবুৰী), জীতেন্দ্ৰ নাথ চুতীয়া (ধেমাজি), ড০ পুষ্পধৰ গগৈ (ধেমাজি), গুণেশ্বৰ সোণোৱাল (ডিব্ৰুগড়), মুকুট দত্ত (ডিব্ৰুগড়), জ্যোতি বৰগোহাঁই ( ডিব্ৰুগড়), ভৱকান্ত কোঁৱৰ (ডিব্ৰুগড়), অনিমা দেৱী (গোলাঘাট), গীতাঞ্জলি পূজাৰী (যোৰহাট), ৰুণিমা বৰুৱা (যোৰহাট), মৃপেন দেউৰী (যোৰহাট), দীনেশ কাকতি নাথ (কামৰূপ মহানগৰ), মুৰুলীধৰ দাস (কামৰূপ মহানগৰ), ছফিউৰ ৰহমান শইকীয়া (কামৰূপ মহানগৰ), ড০ ভূপেন্দ্ৰ ৰায় চৌধুৰী (কামৰূপ মহানগৰ), তৰণীকান্ত পাঠক (কামৰূপ মহানগৰ), মাধুৰী কলিতা চৌধুৰী (কামৰূপ মহানগৰ), নীলিমা বৰা (কামৰূপ মহানাগৰ), দয়ানন্দ পাঠক (কামৰূপ মহানগৰ), পংকজ ঠাকুৰ (কামৰূপ মহানগৰ), ভূৱন চন্দ্ৰ কলিতা (কামৰূপ মহানগৰ), সুকুমাৰ বাগচী (কামৰূপ মহানগৰ), পদ্মৰাম মহন্ত (কামৰূপ), ফণীধৰ বৰা (মাজুলী), ভৰত চনদ্ৰ ডেকা (নলবাৰী), দীলিপ কুমাৰ বুঢ়াগোহাঁই (শিৱসাগৰ), হৰেন্দ্ৰ কলিতা (কামৰূপ), মঞ্জিত সিং (কামৰূপ মহানগৰ), ড০ গণেশ পেগু (কামৰূপ মহানগৰ), ধৰ্মেশ্বৰ দুৱৰা (গোলাঘাট), মহীধৰ ডেকা (কামৰূপ মহানগৰ), ড০ নমিতা ডেকা (কামৰূপ মহানগৰ), ৰত্নেশ্বৰ বসুমতাৰী (কামৰূপ মহানগৰ), ড০ ভূৱনেশ্বৰ ডেকা (কামৰূপ মহানগৰ), ৰূপসিং টেৰণ (কাৰ্বি আংলং), বিদ্যাসাগৰ নাৰ্জাৰী (কোকৰাঝাৰ) আৰু সুমন্ত চলিহা (কামৰূপ মহানগৰ)।

সাহিত্যিক পেঞ্চনাৰৰ বাবে নিৰ্বাচিত সাহিত্যিকসকলক কাহিলীপাৰাস্থিত উচ্চ শিক্ষা সঞ্চালকালয়ৰ সৈতে যোগাযোগ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষই আহ্বান জনাইছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in