পেঙাৰীত শিশু-মহিলাসহ ২০জন অবৈধ বাংলাদেশী আটক

পেঙাৰীত শিশু-মহিলাসহ ২০জন অবৈধ বাংলাদেশী আটক

ডিজিটেল সংবাদ, পেঙেৰীঃ পেঙেৰীৰ ৰিতুপথাৰত শিশু, মহিলাসহ প্ৰায় কুৰি গৰাকী সন্দেহযুক্ত অবৈধ বাংলাদেশী লোকক আটক ৷ ৰিতু পথাৰত প্ৰৱেশ কৰি উক্ত লোক সকলে আশ্ৰয় লৈ থকাৰ সময়তে স্থানীয় ৰাইজে লোক সকলক আটক কৰে ৷ জানিব পৰা ম'তে, নিশা খোজকাঢ়ি আহি উক্ত লোক সকলে পথাৰখনত প্ৰৱেশ কৰিছিল ৷

বাংলা ভাষাত কথা-বাৰ্তা কোৱা লোক সকলক হঠাৎ পথাৰখনত দেখা পাই স্থানীয় ৰাইজে সোধা-পোছা কৰাৰ পাছত ঘটনা সন্দৰ্ভত পেঙেৰী আৰু বৰডুমচা আৰক্ষী থানাত খবৰ দিয়ে ৷ আৰক্ষীয়ে সন্দেহ যুক্ত বাংলাদেশী লোক সকলক আটক কৰি তদন্ত অব্যাহত ৰাখে৷ উল্লেখ্য যে, উক্ত ৰিতুপথাৰতে অসম সাহিত্য সভাৰ ৭৪ সংখ্যক কেন্দ্ৰীয় অধিৱেশনখন যোৱা বৰ্ষত অনুষ্ঠিত হৈ গৈছিল৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in