ৰাষ্ট্ৰীয় পেনঞ্চাক চিলাটত সৰুপথাৰৰ ছাত্ৰী লাকীৰ সাফল্য…

ৰাষ্ট্ৰীয় পেনঞ্চাক চিলাটত সৰুপথাৰৰ ছাত্ৰী লাকীৰ সাফল্য…

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ সৰুপথাৰৰ চুঙাজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী লাকী দাসে যোৱা ১৯,২০,আৰু ২১আগষ্ট তাৰিখে পঞ্জাৱৰ অমৃতসৰ গুৰু নানকদেৱ বিশ্ববিদ্যালয় ইন্দুৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় জুনিয়ৰ পেনঞ্চাক চিলাট চেম্পিয়নশ্বীপত মহিলাৰ ৫৮কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰি ধনশিৰি মহকুমালৈ গৌৰৱ কঢিয়াই আনিছে ।অসম পেঞ্চাক চিলাট সন্থাৰ কাৰিকৰী সঞ্চালক লক্ষ্যজিৎ দলেৰ নেতিত্বক যোৱা দলটোত লাকীয়ে গগন চন্দ্ৰ বড়োৰ ওচৰত প্ৰশিক্ষণ গ্ৰহন কৰিছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in