ত্ৰিপুৰাৰ ষষ্ঠ উত্তৰ-পূৱ যুৱ মহোৎসৱত অসমৰ পেঞ্চাক চিলাটক শ্ৰেষ্ঠ সমৰ কলা প্ৰদৰ্শনৰ সন্মান

ত্ৰিপুৰাৰ ষষ্ঠ উত্তৰ-পূৱ যুৱ মহোৎসৱত অসমৰ পেঞ্চাক চিলাটক শ্ৰেষ্ঠ সমৰ কলা প্ৰদৰ্শনৰ সন্মান

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ ত্ৰিপুৰাত ১৫ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা ষষ্ঠ উত্তৰ-পূৰ্বাঞ্চল যুৱ মহোৎসৱ-২০১৮ত অসমক প্ৰতিনিধিত্ব কৰা অসম পেঞ্চাক চিলাট এছ'চিয়েশ্বনে 'পেঞ্চাক চিলাট' সমৰ কলা প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ লাভ কৰি অসমক গৌৰৱাম্বিত কৰিছে।

অসম পেঞ্চাক চিলাট এছ'চিয়েশ্বনৰ সম্পাদক তথা কাৰিকৰী সঞ্চালক লক্ষ্যজিৎ দলে, উপদেষ্টা মুকেশ্বৰ ৰহমান চৌধুৰী, কাৰ্য্যবাহী সদস্য স্বপন বড়োৰ নেতৃত্বত ৩৮জনীয়া যুৱক-যুৱতী দলটোৱে উক্ত মহোৎসৱত পেঞ্চাক চিলাট সমৰকলাৰ বিভিন্ন ৰূপ (টেণ্ডিং, ট্যুংগ'ল, গাণ্ডা, ৰেগু) প্ৰদৰ্শন কৰি উত্তৰ-পূৰ্ব্বাঞ্চলৰ 'শ্ৰেষ্ঠ প্ৰদৰ্শন'ৰ সন্মান অৰ্জ্জন কৰি অসম ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছে।

উল্লেখ্য যে, চাৰিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা ষষ্ঠ উত্তৰ-পূৰ্বাঞ্চলীয় যুৱ মহোৎসৱত উত্তৰ-পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ পৰা অহা বিভিন্ন প্ৰতিযোগীয়ে বিভিন্ন সমৰ কলাৰ ওপৰিও নিজস্ব কলা-কৃষ্টি-সংস্কৃতিৰ ভিন-ভিন ৰূপ প্ৰদৰ্শণ কৰি সকলোকে আপ্লুত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in