শেহতীয়া খবৰ
গুৱাহাটীৰ গড়চুক আৰক্ষীৰ জালত দুৰ্ধৰ্ষ গাড়ীচোৰ  •  প্ৰথম, দ্বিতীয় শ্ৰেণীৰ শিক্ষাৰ্থীৰ বেগৰ ওজন হ’ব লাগিব ১.৫ কেজি, দ্বিতীয় শ্ৰেণীলৈ দিব নোৱাৰিব হোমৱৰ্ক  •  মুম্বাইত উজ্বলিল অসম সন্তান ভাৰ্গৱ...  •  উলুবাৰীত দ্ৰুতবেগী ট্ৰাকে মহটিয়ালে আই আই টিৰ দুজন ছাত্ৰক  •  চামগুৰিত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী বাঘ  •  আজি উত্তৰ প্ৰদেশলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী  •  আজি ঘোষণা ছত্তীশগড়ৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম  •  জৈৱিক পদ্ধতিৰে নাৰায়ণপুৰত কৃষি বিপ্লৱৰ সূচনা বে-চৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ  •  জৈৱিক পদ্ধতিৰে নাৰায়ণপুৰত কৃষি বিপ্লৱৰ সূচনা বে-চৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ  •  নগাঁৱত ৰহস্যজনক ঘটনা, চিকিৎসালয়ৰ পৰাই সন্ধানহীন হ’ল ৰোগী

চাউলধোৱাত পুখুৰীৰ পাৰত কিশোৰীক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ লম্পট লোকনাথ

468

ডিজিটেল সংবাদ, লখিমপুৰঃ লখিমপুৰ জিলাৰ চাউলধোৱা আৰক্ষী চকীৰ অন্তৰ্গত থেকেৰাগুৰিত সংঘটিত হৈছে এক জঘন্য কাণ্ড। এই কাণ্ড সংঘটিত কৰিছে লোকনাথ পেগু (৩৪) নামৰ এটা লম্পটে।

প্ৰাপ্ত বাতৰি মতে, ফুৰাবলৈ নিব বুলি কৈ এএছ২২ইআৰ০১৩৪ নম্বৰৰ ই-ৰিক্সাৰে এগৰাকী ১৪ বছৰীয়া কিশোৰীক ঘৰৰ পৰা লৈ আনিছিল পেগুৱে। পিছে ফুৰাবলৈ নিয়াৰ পৰিৱৰ্তে লংলুঙীয়া বাট এটাৰে কিশোৰীগৰাকীক হাবিৰ মাজৰ পুখুৰী এটাৰ পাৰলৈ লৈ যায় লম্পটটোৱে।

পুখুৰীৰ পাৰৰ নিৰ্জনতাৰ সুযোগ লৈ অসৎ বাসনা চৰিতাৰ্থ কৰিবলৈ লোৱাৰ সময়তে কিশোৰীগৰাকীৰ চিৎকাৰ শুনি মাছ মাৰিবলৈ যোৱা কেইজনমান লোক সেই স্থানত উপস্থিত হয়। লোককেইজনে হাতে-লোটে ধৰা পেলাই লম্পট পেগুক চাউলধোৱা আৰক্ষীক গতাই দিয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি