পেগাচাছ কাণ্ডঃ কেন্দ্ৰীয় চৰকাৰক কটাক্ষ উচ্চতম ন্যায়ালয়ৰ, বিশেষজ্ঞ সমিতিৰ অধীনত আগবাঢ়িব তদন্ত…

পেগাচাছ কাণ্ডঃ কেন্দ্ৰীয় চৰকাৰক কটাক্ষ উচ্চতম ন্যায়ালয়ৰ, বিশেষজ্ঞ সমিতিৰ অধীনত আগবাঢ়িব তদন্ত…

ডিজিটেল ডেস্কঃ দেশৰ ৰাজনীতি গৰম কৰি তোলা পেগাচাছ কাণ্ডৰ আবেদনৰ শুনানি গ্ৰহণ কৰি দেশৰ উচ্চতম ন্যায়ালয়ে বুধবাৰে ৰায় প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়ত তিনিজনীয়া বিচাৰপীঠে এই আবেদনৰ শুনানি গ্ৰহণ কৰি ৰায় প্ৰদান কৰি, পেগাচাছ চোৰাংচোৱা গোচৰৰ তদন্তৰ বিষয়টো চোৱাচিতা কৰিবলৈ এখন বিশেষজ্ঞ সমিতি গঠন কৰিছে। উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আৰ ভি ৰবীন্দ্ৰনৰ অধ্যক্ষতাত গঠন কৰা হৈছে এই সমিতি। এই সমিতিক পেগাচাছ সম্পৰ্কীয় অভিযোগৰ তদন্ত কৰিবলৈ আৰু কদন্ত ত্বৰাম্বিত কৰিবলৈ, তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে।

আনহাতে উচ্চতম ন্যায়ালয়ে পেগাচাছ কাণ্ডৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিজৰ বিশেষজ্ঞ পেনেল গঠন কৰাৰ আবেদন নাকচ কৰিছে। ন্যায়ালয়ে কয় যে, কেৱল চৰকাৰে ৰাষ্ট্ৰীয় সুৰক্ষাৰ কথা ক'লে ন্যায়ালয়ক মূক দৰ্শক কৰিব নোৱাৰে। উচ্চতম ন্যায়ালয়ে পেগাচাছ সন্দৰ্ভত শপতনামা বিচৰাত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ৰাষ্ট্ৰীয় সুৰক্ষাৰ দোহায় দি শপতনামাত পেগাচাছ সন্দৰ্ভত অধিক বিৱৰণ দিবলৈ অস্বীকাৰ কৰিছিল। যাৰ বাবে উচ্চতম ন্যায়ালয়ে চৰকাৰক এইদৰে কটাক্ষ কৰিছে। উচ্চতম ন্যায়ালয়ে কয় যে, দেশৰ প্ৰতিজন নাগৰিকৰ গোপনীয়তা সুৰক্ষিত কৰা উচিত।

উল্লেখ্য যে প্ৰাক্তন আইপিএছ বিষয়া আলোক যোশী আৰু আন্তঃৰাষ্ট্ৰীয় মানক কৰণ সংস্থাৰ অধ্যক্ষ ড০ সন্দীপ অবেৰয়কো পেগাচাছ গোচৰৰ ৩ জনীয়া তদন্ত সমিতিত অন্তৰ্ভুক্ত কৰা হৈছে।আনহাতে এই বিষয়ত তিনিখন কাৰিকৰী সমিতিও গঠন কৰা হৈছে। ইয়াত চাইবাৰ সুৰক্ষা আৰু ডিজিটেল ফৰেনচিকৰ অধ্যাপক ড০ নবীন কুমাৰ চৌধুৰী, অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক ড০ প্ৰভাকৰণ পি আৰু কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ সহযোগী অধ্যাপক ড০ অশ্বিন অনিল গুমষ্টেৰক অন্তৰ্ভুক্ত কৰা হৈছে।

উল্লেখ্য যে, দেশৰ কেইবাজনো সাংবাদিক আৰু কৰ্মীয়ে পেগাচাছ গোচৰত আবেদন দাখিল কৰিছিল। তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ তত্বাৱধানত তদন্ত চলাবলৈ দাবী জনাইছিল। আৱেদনকাৰীসকলে এইটোও কৈছিল যে সামৰিক গ্ৰেডৰ স্পাইৱেৰৰ ওপৰত চোৰাংচোৱাটো গোপনীয়তাৰ অধিকাৰৰ উলংঘন। সাংবাদিক, চিকিৎসক, উকীল, কৰ্মী, মন্ত্ৰী আৰু বিৰোধী দলৰ নেতাসকলৰ ফোন হেক কৰাটো হৈছে বাক স্বাধীনতাৰ অধিকাৰৰ সৈতে আপোচ কৰা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in