সামৰিক জুণ্টাই বন্দী কৰি ৰখা সাংবাদিকক বিনা চৰ্তে মুক্তিৰ দাবী pEC ৰ…

সামৰিক জুণ্টাই বন্দী কৰি ৰখা সাংবাদিকক বিনা চৰ্তে মুক্তিৰ দাবী pEC ৰ…

ডিজিটেল ডেস্কঃ ম্যানমাৰত সৃষ্টি হোৱা জটিল পৰিস্থিতি সন্দৰ্ভত মাত মাতিছে PEC য়ে। ভাৰতৰ চুবুৰীয়া দেশ ম্যানমাৰত এতিয়া গণতন্ত্ৰৰ বেলিমাৰ যোৱাৰ অৱস্থা। গণতান্ত্ৰিক নেত্ৰী আং চান চ্যুকিক সামৰিক জুণ্টা প্ৰশাসনে ২০২১ চনৰ ফ্ৰেবৰুৱাৰী মাহৰ ১ তাৰিখে গ্ৰেপ্তাৰ কৰাৰ পিছত সামৰিক আদালতত বিচাৰ চলায় ৪ বছৰৰ বাবে কাৰাদণ্ড প্ৰদান কৰা হৈছে। যোৱা ১ ফেব্ৰুৱাৰীৰ পৰা বৰ্তমানলৈকে সামৰিক জুণ্টাৰ বিৰুদ্ধে প্ৰতিবাদত লিপ্ত হৈ বহু সাধাৰণ জনতাৰ লগতে শিল্পী, সাহিত্যিক সেনাৰ দ্বাৰা নিগৃহীত হোৱাৰ লগতে সেনাৰ গুলীত নিহত হৈছে।

PEC ৰ মতে বছৰটোৰ আৰম্ভণিতে দেশখনত আৰম্ভ হোৱা সামৰিক অভ্যত্থানৰ পৰা বৰ্তমানলৈকে বছৰটো শেষ হোৱাৰ সময়ত দেশখনত শতাধিক সংবাদ কৰ্মীক সামৰিক জুণ্টাই কাৰাগাৰত বন্দী কৰিছে। যোৱা ১ ফেব্ৰুৱাৰীত হোৱা সামৰিক অভ্যুত্থানৰ ঠিক পিছতে, দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰখনে ১২০ জনতকৈও অধিক সংবাদ মাধ্যমকৰ্মীক আটক কৰিছে। বৰ্তমানেও দেশখনৰ কাৰাগাৰত অতি কমেও ৪০ জন সংবাদ কৰ্মী কাৰাৰুদ্ধ হৈ আছে।

বিশ্বব্যাপী সুৰক্ষা আৰু মিডিয়া অধিকাৰ সংস্থা প্ৰেছ এম্বেল কেম্পেইন (PEC)য়ে সামৰিক জুণ্টাৰ দ্বাৰা দেশখনত বন্দী হৈ থকা সকলো সাংবাদিকৰ চৰ্তহীন মুক্তিদাবী কৰিছে। শেহতীয়াকৈ পিইচিয়ে জুণ্টাৰ বিৰোধী প্ৰতিবাদকাৰীসকলৰ ওপৰত সেনাৰ ইচ্ছাকৃত আক্ৰমণৰ বাবে উদ্বেগ প্ৰকাশ কৰিছে। সেনাৰ শেহতীয়া এনে এক ইচ্ছাকৃত আক্ৰমণত ম্যানমাৰৰ ইয়ংগন চহৰত কৰ্তব্যৰত এগৰাকী  মহিলা সাংবাদিকসহ বহুলোক আহত হৈছে।

ম্যানমাৰৰ সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে য়াঙ্গুনৰ কিয়েমিণ্ডাইং এলেকাত জুণ্টা বাহিনীয়ে আন্দোলনকাৰী জনতাৰ ওপৰত এখন বাহন চলাই নিয়াৰ ফলত ভিডিঅ'  সাংবাদিক মা হুমু য়ান্দানাৰ খেত মোহ মোহ টুন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।ম্যানমাৰ প্ৰেছফটো এজেন্সিৰ সৈতে সম্পৰ্কিত মহিলা সাংবাদিকগৰাকীয়ে এই ঘটনাত মূৰত আঘাত পাইছিল। দেওবাৰে পুৱা সংঘটিত হোৱা এই ঘটনাত মহিলা সংবাদিকগৰাকী সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

এই ঘটনা সন্দৰ্ভত PEC ৰ মহা সচিব ব্লেজ লেম্পেনে কয় যে, "এইটো ইতিমধ্যে ম্যানমাৰত এক গুৰুতৰ পৰিস্থিতি আৰু নাইপিটাওৰ সামৰিক আদালতে গণতন্ত্ৰপন্থী আইকন  অং চান চু কীক কাৰাবাস দিয়াৰ পিছত পৰিস্থিতি অধিক অৱনতি হ'ব পাৰে। জনপ্ৰিয় অসামৰিক নেত্ৰীগৰাকীৰ বিৰুদ্ধে সোমবাৰৰ ৰায়টোৱে সামৰিক শাসক আৰু ৰাজনৈতিক নেতাসকলৰ মাজত মীমাংসাৰ প্ৰক্ৰিয়াটো কৰ্তন কৰিব পাৰে।

ম্যানমাৰত অৱস্থিত বিভিন্ন সংগঠনে দাবী কৰিছে যে দহ মাহ পূৰ্বে সামৰিক অভ্যুত্থানৰ পিছত নিৰাপত্তা বাহিনীয়ে ১,৩০০ ৰো অধিক লোকক হত্যা কৰিছে। ১০,০০০ তকৈও অধিক জুণ্টা বিৰোধীক গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু দেশখনৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে আৰু সেয়েহে সামৰিক অভিযান অব্যাহত আছে।

আনহাতে পি ই চিৰ দক্ষিণ-পূব এছিয়াৰ প্ৰতিনিধি নৱ ঠাকুৰীয়াৰ সৈতে কথা পাতি ম্যানমাৰৰ এজন স্থানীয় সাংবাদিকে জনায় যে ইয়াংগনত দেওবাৰে সংঘটিত অভিযানত অতি কমেও পাঁচজন প্ৰতিবাদকাৰী নিহত হোৱাৰ উপৰিও আন বহুলোক আহত হয়। নাম প্ৰকাশ নকৰাকৈ সাংবাদিকগৰাকীয়ে লগতে কয় যে, মহিলা সাংবাদিকগৰাকীৰ পৰিয়ালৰ সদস্যসকলক তেওঁক চিকিৎসালয়ত লগ কৰিবলৈ অনুমতি দিয়া হোৱা নাই আৰু তেওঁলোক তেওঁৰ স্বাস্থ্যৰ বিষয়ে অজ্ঞাত। পৰিয়ালৰ লোকসকলে কেৱল মহিলা সাংবাদিকগৰাকী জীয়াই আছে বুলি আশা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in