পাৱৈ-লিডু সংযোগী বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল বাহন…

পাৱৈ-লিডু সংযোগী বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল বাহন…

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ অতি বিপদসংকুল হৈ পৰিছে তিনিচুকীয়া জিলাৰ পাৱৈ-লিডু সংযোগী ৩৮ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে যাত্ৰা । বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথৰ বাবেই এই সপ্তাহত দুবাৰ ঘন্টা ঘন্টা ধৰি জাগুণ-লিডুৰ স্বাভাৱিক জনজীৱন ব্যাহত হৈছে। লিডুৰ টিৰাপ কলিয়ৰীস্থ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত সৃষ্টি হোৱা দ' গাঁতত গাড়ী বাগৰি পৰাৰ ফলতে এই পৰিস্থিতিৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে, ৰাজ্যখনৰ এটা অতি গুৰুত্বপূৰ্ণ সমষ্টি ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ পাৱৈৰ পৰা লিডু লৈকে ৩১৫ নং ৰাষ্টীয় ঘাই পথৰ দুৰৱস্থাই সকলোকে জ্বলা কলা খুৱাই আহিছে। বিগত প্ৰায় তিনিবছৰে পথটোৰ বিভিন্ন অংশত দ দ গাত সৃষ্টি হৈছে । তাৰোপৰি খৰালি এই পথ ধূলিময় হৈ পৰে আৰু বাৰিষা ঠাইয়ে ঠাইয়ে এআঠু পানী । যাৰ ফলত পথচাৰী গাড়ী চালকৰ বাবে এই পথ হৈ পৰিছে মৰণফাণ্ড। উল্লেখযোগ্য যে এই পথছোৱা পুনঃ নিৰ্মাণ আৰু পথ মেৰামতিৰ বাবে অহা ৬০ লক্ষ টকাৰ দুৰ্নীতিৰ তদন্তৰ দাবীত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই ধাৰাবাহিক ভাৱে আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ।

শুকুৰবাৰে সংস্থাই প্ৰকাশ কৰা এক প্ৰেছ বাৰ্তাৰ জৰিয়তে বাৰম্বাৰ ৰাষ্ট্ৰীয় পথটো নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ আৰু পথটি মেৰামতিৰ বাবে অহা ৬০ লক্ষ টকাৰ দুৰ্নীতিৰ তদন্তৰ দাবী জনাই অহাৰ লগতে মুখ্যমন্ত্ৰীলৈ দুবাৰকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ পাছতো কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাত উদ্বেগ প্ৰকাশ কৰে ।

এই সম্পৰ্কে মাৰ্ঘেৰিটাৰ মহকুমাধিপতি সুমিত সত্তাৱনৰ সৈতে সংস্থাই আলোচনাত বহি এই বিষয়ত গুৰুত্ব আৰোপ কৰিবলৈ অনুৰোধ জনোৱাৰ প্ৰায় ২৩ দিন অতিক্ৰম হোৱাৰ পাছতো সামান্যতমো তৎপৰতা প্ৰদৰ্শন নকৰাত ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে ।ৰাষ্ট্ৰীয় পথৰ দুয়োকাষৰ নলা বন্ধ কৰি একাংশই ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি তোলাৰ লগতে ৰাষ্টীয় পথৰ কাষৰ জলাশয়ত বৃহৎ পকী ঘৰ সজাৰ ফলত পানী নিৰ্গমণৰ কোনো সুবিধা নথকাত ৰাষ্ট্ৰীয় পথটো অধিক জৰাজীৰ্ণ হোৱা বুলি মতপ্ৰকাশ কৰি মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই এই ধৰণৰ বেআইনী কাৰ্যৰ বিৰুদ্ধে মহকুমা প্ৰশাসনে ব্যৱস্থা নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ।

ধৃতৰাষ্ট্ৰৰ ভূমিকা গ্ৰহণ কৰি মহকুমা প্ৰশাসনৰ মুৰব্বী সুমিত সত্তাৱনৰ এই ক্ষেত্ৰত কোনো দ্বায়িত্ব নাই নেকি বুলি সংগঠনটোৱে প্ৰশ্ন কৰে। গণতান্ত্ৰিক চৰকাৰ এখনৰ বিৰুদ্ধে সাংবাদিকে ৰাষ্ট্ৰীয় পথ নিৰ্মাণৰ দাবীত আন্দোলনত নপৰাৰ পাছতো চৰকাৰ , প্ৰশাসন তথা স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই ধৃতৰাষ্ট্ৰৰ ভূমিকা গ্ৰহণ কৰি অহাটো দুৰ্ভাগ্যজনক বুলি প্ৰেছটোকাটোত উল্লেখ কৰি মে' মাহৰৰ ভিতৰত চৰকাৰে ৩১৫ নং ৰাষ্ট্ৰীয় পথটোৰ নিৰ্মাণৰ কাম আৰম্ভ নকৰিলে সংস্থাই মাৰ্ঘেৰিটাৰ বিভিন্ন অৰাজনৈতিক দল সংগঠন তথা ৰাইজৰ সহযোগত তীব্ৰ গণ আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিয়ে ।

মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই এই কেইদিনত বিভিন্ন স্থানত অনুষ্ঠিত হৈ থকা বিহু মেলা তথা অন্যান্য বিভিন্ন কাৰ্যসূচীৰ বাবে ১৩ মে'ৰ ঘোষিত কাৰ্যসূচী কিছুদিনলৈ স্থগিত ৰখা বুলি জানিবলৈ দি মুখপাত্ৰ মানসপ্ৰতীম গগৈয়ে মে' মাহৰ ভিতৰত ৰাষ্ট্ৰীয় পথ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ লগতে দুৰ্নীতিৰ তদন্তৰ আনুষ্ঠানিক প্ৰতিশ্ৰুতি নাপালে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in