মুখ্যমন্ত্ৰীৰ ভতিজাকৰ দেহত কোৰোনা…

মুখ্যমন্ত্ৰীৰ ভতিজাকৰ দেহত কোৰোনা…

ডিজিটেল ডেস্কঃ কোৰোনাৰ সংহাৰী ৰূপত প্ৰায় বিধ্বস্ত ভাৰত। শেহতীয়াকৈ কোৰোনাই প্ৰৱেশ কৰিলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বাসগৃহত। মুখ্যমন্ত্ৰীগৰাকীৰ ভতিজাকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছৰ উপস্থিতি। ইয়াৰ পাছতে তেওঁক ভৰ্তি কৰা গৈছে পাটনাস্থিত এইমছত।

স্বাস্থ্য বিভাগৰ পৰামৰ্শমতেই নীতিশ কুমাৰৰ সকলো সদস্য হোম কোৱাৰেন্টাইনত থকাৰ লগতে চেনিটাইজ কৰা হৈছে মুখ্যমন্ত্ৰীৰ বাসগৃহ। শেহতীয়াকৈ নীতিশ কুমাৰৰ কোৰোনা টেষ্ট কৰা হৈছে আৰু তেওঁৰ কোৰোনাৰ ৰিজাল্ট আহিছে নিগেটিভ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in