শেহতীয়া খবৰ
১৫/২০ দিন পূৰ্বেই কাজিৰঙা হত্যা কৰিলে গঁড়, গমেই নাপালে বনবিভাগে...  •  বেলটত বন্দী হ'ল ২২নং মেৰবিল নাহৰকটীয়া ঠেঙাল কছাৰী স্বায়ত্ব শাসিত সমষ্টিৰ দুগৰাকী প্ৰাৰ্থীৰ ভাগ্য...  •  ব্যতিক্ৰম দৰাঃ বিবাহস্থলীত অতিথি অপ্যায়নৰ পৰিৱৰ্তে ব্যস্ত ৰক্ত দানত...  •  ভাস্কৰ্য শিল্পী দেৱকৃষ্ণ বৰুৱাৰ মহানুভৱতাত উজ্বলিল গোবিন্দপুৰ মজলীয়া বিদ্যালয়  •  ভাৰতীয় ৰে'লত সুৰক্ষিত নহয় যাত্ৰীঃ লামডিঙত অচেতন অৱস্থাত উদ্ধাৰ দুজন...  •  বৰমাৰ লোহিত মোছাহাৰীৰ বদন্যতাঃ নিজৰ পুথিভঁৰালৰ দুই সহস্ৰাধিক গ্ৰন্থ দান কৰিলে বড়ো থুনলাই আফাদক...  •  চুপাৰি চুৰিত অভিযুক্ত তিনিজনক জে'ললৈ প্ৰেৰণ....  •  ৪ শ্ৰমিকক আক্ৰমণ কৰা নাহৰফুটুকীক মৰিয়াই মৰিয়াই হত্যা...  •  বাক্সাত তৰমুজৰ খেতি পৰিদৰ্শন বি টি আৰৰ কাৰ্যবাহী সদস্যৰ...  •  নগাঁৱত চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দঃ এজনক আটক...

পাতিৰাভা গীতৰ ভিডিঅ’ উন্মোচন

ডিজিটেল সংবাদ বকোঃ কামৰূপ বকোত বুধবাৰে পাতিৰাভা গীত এটাৰ ভি ডি অ’ উন্মোচন কৰা হয় । ৪৮নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত ছেখাদাৰীগাঁৱত থকা বেকেলী আঞ্চলিত ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত উদীয়মান কণ্ঠশিল্পী চন্দন ৰাভা (চিনা)ই কণ্ঠদান কৰা ‘ভালপাং দে তোক আপী’- শীৰ্ষক পাতিৰাভা গীতটোৰ ভি ডি অ’ উন্মোচন কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ জনপ্ৰতিনিধি কল্পৰাম ৰাভাই ।

এই ভি ডি অ’ৰ নিৰ্দেশক সুমন ৰাভা।ভিডিঅ’ত অভিনয় কৰিছে সুমন ৰাভা , ফ্ৰিণ্ডা মনি ,চন্দন ৰাভা (চিনা )ৰ উপৰিও অন্যান্য নৃত্যশিল্পীয়ে।এই উন্মোচনী অনুষ্ঠানত ষষ্ঠ অনুসূচী দাবী সমিতিৰ উপ-সভাপতি অশোক ৰাভা , বেকেলী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদক, বেকেলী আঞ্চলিক ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী-সম্পাদিকা , বেকেলী আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি- সম্পাদক , কামৰূপ জিলা ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী জোনালী ৰাভা , কণ্ঠশিল্পী কুমাৰ তপনকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি