পাতিৰাভা গীতৰ ভিডিঅ’ উন্মোচন

পাতিৰাভা গীতৰ ভিডিঅ’ উন্মোচন

ডিজিটেল সংবাদ বকোঃ কামৰূপ বকোত বুধবাৰে পাতিৰাভা গীত এটাৰ ভি ডি অ' উন্মোচন কৰা হয় । ৪৮নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত ছেখাদাৰীগাঁৱত থকা বেকেলী আঞ্চলিত ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত উদীয়মান কণ্ঠশিল্পী চন্দন ৰাভা (চিনা)ই কণ্ঠদান কৰা 'ভালপাং দে তোক আপী'- শীৰ্ষক পাতিৰাভা গীতটোৰ ভি ডি অ' উন্মোচন কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ জনপ্ৰতিনিধি কল্পৰাম ৰাভাই ।

এই ভি ডি অ'ৰ নিৰ্দেশক সুমন ৰাভা।ভিডিঅ'ত অভিনয় কৰিছে সুমন ৰাভা , ফ্ৰিণ্ডা মনি ,চন্দন ৰাভা (চিনা )ৰ উপৰিও অন্যান্য নৃত্যশিল্পীয়ে।এই উন্মোচনী অনুষ্ঠানত ষষ্ঠ অনুসূচী দাবী সমিতিৰ উপ-সভাপতি অশোক ৰাভা , বেকেলী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদক, বেকেলী আঞ্চলিক ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী-সম্পাদিকা , বেকেলী আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি- সম্পাদক , কামৰূপ জিলা ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী জোনালী ৰাভা , কণ্ঠশিল্পী কুমাৰ তপনকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in