পাছপৰ্ট অবিহনে ভূটানত ভাৰতীয়ৰ প্ৰৱেশ নিষিদ্ধ

পাছপৰ্ট অবিহনে ভূটানত ভাৰতীয়ৰ প্ৰৱেশ নিষিদ্ধ

ডিজিটেল ডেস্কঃ পাছপৰ্ট অবিহনে এতিয়া আৰু যাব নোৱাৰিব ভূটানলৈ। আমেৰিকা-ইংলেণ্ডৰ দৰেকৈ চুবুৰীয়া ৰাষ্ট্ৰখনলৈ যাবলৈকো এইবাৰ প্ৰয়োজন হ'ব পাছপৰ্টৰ। লগত নিব লাগিব ভোটাৰ কাৰ্ডো।

ভূটান চৰকাৰৰ সূত্ৰই সদৰী কৰা মতে, আগন্তুক বৰ্ষৰ পৰা প্ৰযোজ্য হ'ব এই নিয়ম। যিসকল ভাৰতীয় পৰ্যটক ভূটানলৈ যাব প্ৰতিজনে লগত নিব লাগিব বৈধ পাছপৰ্ট। কোনো কোনো ক্ষেত্ৰত ভোটাৰ কাৰ্ডো গ্ৰহণযোগ্য হ'ব পাৰে।

বৰ্তমানৰ দৰেকৈ আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স বা আন কোনো ভাৰতীয় পৰিচয় পত্ৰ গ্ৰাহ্য কৰা নহ'ব বুলি বুধবাৰে স্পষ্ট কৰি দিছে দেশখনৰ বিদেশ মন্ত্ৰণালয়ে। আনহাতে শিশুৰ ক্ষেত্ৰত দেখুৱাব লাগিব জন্মৰ প্ৰমাণ পত্ৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in