উচ্চ শিক্ষা প্ৰদানেই নহয়, সংস্থাপনতো গুৰুত্ব দিয়ে পাৰুল বিশ্ববিদ্যালয়ে…

উচ্চ শিক্ষা প্ৰদানেই নহয়, সংস্থাপনতো গুৰুত্ব দিয়ে পাৰুল বিশ্ববিদ্যালয়ে…

ডিজিটেল ডেস্কঃ উচ্চ শিক্ষা লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিক্ষাৰ সমান্তৰালকৈ কৰ্ম সংস্থাপনো গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হয়। শিক্ষা লাভৰ অন্তত তেওঁলোকে যাতে নিজৰ জীৱনতো সুৰক্ষিত কৰিব পাৰে সেই বিষয়ত গুৰুত্ব দিয়ে। কিন্তু কেতিয়াবা ছাত্ৰ-ছাত্ৰীৰ নিজা প্ৰচেষ্ঠাৰ অভাৱৰ লগতে শিক্ষানুষ্ঠানত প্ৰয়োজনীয় সংস্থাপন পাব লগা শিক্ষাদানৰ ক্ষেত্ৰত অমনোযোগিতাই বাধা হিচাপে থিয় দিয়ে। এইক্ষেত্ৰত শিক্ষাৰ্থীক উচ্চ শিক্ষা দিয়াৰ সমান্তৰালকৈ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰাৰ বাবে গুৰুত্ব দিয়ে পাৰুল বিশ্ববিদ্যালয়ে।

উদ্যোগিক ক্ষেত্ৰত কাম কৰাৰ বাবে প্ৰয়োজনীয় শিক্ষাৰ লগতে সংস্থাপন আৰু ভৱিষ্যত সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দি শিক্ষাদান কৰে পাৰুল বিশ্ববিদ্যালয়ে। এইক্ষেত্ৰত বিশ্ববিদ্যালয়খনৰ ট্ৰেইনিং প্লেচমেন্ট আৰু কেৰিয়াৰ ডেভেলপমেন্ট কোষে বিশেষভাৱে গুৰুত্ব দিয়ে। ব্যক্তিগতখণ্ডৰ বিশ্ববিদ্যালয়খনে প্ৰথম ষান্মাসিকৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণৰ মাধ্যমেৰে উচিত শিক্ষা দিয়াৰ প্ৰয়াস কৰে। এইক্ষেত্ৰত বিশ্ববিদ্যালয়খনে প্ৰধানকৈ কেইটামান বিশেষ দিশত গুৰুত্ব দিয়ে।

তাৰে এটা হৈছে উদ্যোগ পৰিদৰ্শন। এই ব্যৱস্থাৰ জৰিয়তে পাৰুল বিশ্ববিদ্যালয়ে ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যতে কাম কৰাৰ ক্ষেত্ৰত মুখামুখী হ'ব পৰা অসুবিধা বা প্ৰতিবন্ধকতাৰ বিষয়ে অৱগত কৰায়। কেনেদৰে এটা উদ্যোগত কাম কৰা হয় বা কাম কৰাৰ ধৰণৰ প্ৰসংগত ছাত্ৰ-ছাত্ৰীক এই ব্যৱস্থাৰ দ্বাৰা শিক্ষা দিয়া হয়। প্ৰতিটো ষান্মাসিকতে সকলো পাঠ্যক্ৰমৰ মিলাই প্ৰায় ৩৫০ টা উদ্যোগ পৰিদৰ্শন কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক নিয়া হয়। তাৰে কেইটামান উদ্যোগ হৈছে- টাটা পাৱাৰ, ইণ্ডিয়ান ৰে'লৱে, ক'কা কলা, অটুল অটো ইত্যাদি।

বিভিন্ন ক্ষেত্ৰৰ অভিজ্ঞ ব্যক্তিসকলৰ সৈতে বাৰ্তালাপো হয় পাৰুল বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ। বিভিন্ন পাঠ্যক্ৰমৰ বাবে ৪০০ৰো অধিক বিভিন্ন ক্ষেত্ৰৰ অভিজ্ঞ ব্যক্তি পাৰুল বিশ্ববিদ্যালয়লৈ আহে। বহুতো বিখ্যাত আৰু বৃহৎ প্ৰতিষ্ঠানৰ লোক পাৰুল বিশ্ববিদ্যালয়লৈ আহে। বিভিন্ন বিষয়াৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ নিযুক্তিৰ অৰ্থে পাৰুল বিশ্ববিদ্যালয়লৈ ৭০০ৰো অধিক বিভিন্ন কোম্পানীৰ লোক আহে। টিচিএছ, এল এণ্ড টি টেকনোলজি ছাৰ্ভিচেছ, ৰিলায়েন্স ডিজিটেল, চেল্ল', টাটা এআইজি আদি কোম্পানীসমূহ কিছুদিন পূৰ্বে আহিছিল।

পাৰুল বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ জব ফেয়াৰো অনুষ্ঠিত হয়। নিজা শিক্ষানুষ্ঠানৰ লগতে আন প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলকো এই জব ফেয়াৰত অংশ লোৱাৰ বাবে সুযোগ দিয়া হয়। উল্লেখ্য যে, বিশ্ববিদ্যালয়খনৰ ২০১৯ বৰ্ষত মুঠ ৬৫০ টা কোম্পানীত ১৫০০ শিক্ষাৰ্থীয়ে সংস্থাপন লাভ কৰে। বৰ্তমানলৈকে সৰ্বমুঠ ১৫০০০ শিক্ষাৰ্থীয়ে প্ৰায় ১৫০০ কোম্পানীত সংস্থাপন লাভ কৰিছে। পাৰুল বিশ্ববিদ্যালয়ৰ সৈতে সংযোগ স্থাপন কৰি চলে দেশৰ বহু আগশাৰীৰ প্ৰতিষ্ঠানে।

বৰ্তমান টিচিএছত ২০০, এল এণ্ড টিত ৩০০, টিভিএছ ব্ৰেকছত ১৫০, এচিঅ'এছত ১০০ৰো অধিক, এবিচি বিয়েৰিঙত ১০০ৰো অধিক, ইনফ'ছিছত ৫০ৰো অধিক পাৰুল বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে কাম কৰি আছে। কেৱল এয়ে নহয় আন বহু প্ৰতিষ্ঠানত আজিৰ তাৰিখত বিশ্ববিদ্যালয়খনৰ বহু চাত্ৰ-ছাত্ৰীয়ে উচ্চ পদবীত কাম কৰি আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in