ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি কোৰোনাৰ বিৰুদ্ধে যুঁজ দিবলৈ খাওঁক ‘ভাভিজী পাপৰ’- কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল…

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি কোৰোনাৰ বিৰুদ্ধে যুঁজ দিবলৈ খাওঁক ‘ভাভিজী পাপৰ’- কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল…

ডিজিটেল ডেস্কঃ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালৰ এটা ভিডিঅ'। এই ভিডিঅ'টোত তেওঁ এটা ব্যক্তিগত কোম্পানী 'ভাভিজী পাপৰ' লঞ্চ কৰা দেখা পোৱা গৈছে। কিন্তু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাভিজী পাপৰ নামৰ কোম্পানীটো লন্স কৰাৰ সময়ত তেওঁ কয় যে, আত্মনিৰ্ভৰ ভাৰত কাৰ্যসূচীৰ অধীনত কোৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াত আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত এই পাপড় খালে সহায়ক হ'ব।

প্ৰধানমন্ত্ৰী মোডীয়ে আহ্বান জনাইছিল যে, দেশত লোকেলক ভোকেল কৰিব লাগিব। অৰ্থাৎ দেশীয় কোম্পানী বা কোনো সামগ্ৰীৰ বাবে দেশবাসীয়ে আগবাঢ়ি আহিব লাগিব। কিন্তু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভিডিঅ'টোত দেশীয় পাপড় কোম্পানীটোৰ পাপড় খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব আৰু কোৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ সহায়ক হ'ব বুলি কোৱাৰ পাছতে ছ'চিয়েল মিডিয়াত ইয়াক লৈ চৰ্চা আৰম্ভ হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in