২৯ নৱেম্বৰৰ পৰা সংসদৰ শীতকালীন অধিৱেশনঃ পৃথক হ’ব এইবাৰৰ অধিৱেশন…

২৯ নৱেম্বৰৰ পৰা সংসদৰ শীতকালীন অধিৱেশনঃ পৃথক হ’ব এইবাৰৰ অধিৱেশন…

ডিজিটেল ডেস্কঃ ২৯ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব সংসদৰ শীতকালীন অধিৱেশন। লোকসভা আৰু ৰাজ্যসভা দুয়োখন সদনৰে শীতকালীন অধিৱেশন একে সময়তে অনুষ্ঠিত হ'ব। এইবাৰ অধিৱেশন পূৰ্বতকৈ কিছু পৃথক হ'ব। পূৰ্বৰ দৰে সংসদৰ অধিবেশনত দৰ্শনাৰ্থীয়ে অংশগ্ৰহণ কৰিব নোৱাৰিব। এই সম্পৰ্কে এক নিৰ্দেশনা জাৰী কৰা হৈছে।

সেই নিৰ্দেশনা অনুসৰি, ২৯ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশনত কোনো দৰ্শনাৰ্থীক লোকসভা আৰু ৰাজ্যসভালৈ যাবলৈ অনুমতি দিয়া নহ'ব। কোভিডৰ স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, আগন্তুক অধিৱেশনত দুয়োখন সদনৰ ভিজিটৰ গেলেৰী বন্ধ থাকিব।

দুয়োখন সদনৰ সচিবালয়ৰ বিষয়াসকলে আগন্তুক অধিৱেশনত দৰ্শনাৰ্থীসকললৈ গেলেৰী উপলব্ধ নোহোৱাসন্দৰ্ভত পত্ৰ লিখিছে। এই সংসদ অধিৱেশনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা হ'ব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা কেইবাখনো অমীমাংসিত আইনো গৃহীত কৰিব কৰাৰ সম্ভাৱনা আছে। আনহাতে, বিৰোধীয়ে কেইবাটাও বিষয়ত চৰকাৰক শ'লঠেকত পেলাবলৈ ৰণনীতি প্ৰস্তুত কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in