সংসদৰ শীতকালীন অধিবেশন আৰম্ভ…

সংসদৰ শীতকালীন অধিবেশন আৰম্ভ…
  • সোমবাৰে সংসদৰ শীতকালীন অধিবেশন আৰম্ভ।
  • অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে স্মৰণ কৰিলে ৰাজ্যসভাৰ প্ৰয়াত সদস্য ক্ৰমে জগন্নাথ মিশ্ৰা, অৰুণ জেটলী, সুখদেৱ সিং লিব্ৰা, ৰাম জেথমালানী, গুৰুসাদ গুপ্তাক কৰিলে স্মৰণ।
  • লোকসভাৰ অধ্যক্ষ ওম বিৰলাই স্মৰণ কৰিলে প্ৰয়াত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলী, সুষমা স্বৰাজক।
  • সংসদত উপস্থিত বিজেপি সাংসদ মনসুখ মাণ্ডভিয়া। চাইকেল চলাই আহে সাংসদ গৰাকী।
  • সংসদৰ কাষৰীয়া অঞ্চলত জাৰি কৰা হৈছে ১৪৪ ধাৰ। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই সংসদভৱনলৈ প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰিব।
  • বিজেপি সাংসদ হেমা মালিনী, কিৰণ খেৰ আৰু ভি কে সিঙো আহি উপস্থিত হৈছে সংসদৰ শীতকালীন অধিবেশনত অংশ ল'বলৈ।
  • সংসদ ভৱনৰ চৌহদত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰতিবাদ। বায়ু প্ৰদূষণ বৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে সাব্যস্ত কৰিছে এই প্ৰতিবাদ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in