এনআৰচিক লৈ কোনো ধৰ্মৰ লোক ভীতিগ্ৰস্ত হোৱাৰ প্ৰয়োজন নাইঃ ৰাজ্যসভাত গৃহমন্ত্ৰী অমিত শ্বাহ

এনআৰচিক লৈ কোনো ধৰ্মৰ লোক ভীতিগ্ৰস্ত হোৱাৰ প্ৰয়োজন নাইঃ ৰাজ্যসভাত গৃহমন্ত্ৰী অমিত শ্বাহ

ডিজিটেল ডেস্কঃ সংসদৰ শীতকালীন অধিবেশনৰ তৃতীয় দিনা ৰাজ্যসভাৰ মজিয়াত বিৰোধীয়ে উত্থাপন কৰা বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে গৃহমন্ত্ৰী অমিত শ্বাহে। কাশ্মীৰৰ ঘাটীত ইন্টাৰনেট সংযোগ বন্ধ কৰি ৰখা সন্দৰ্ভত কংগ্ৰেছ নেতা গুলাম নবী আজাদে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰ দি অমিত শ্বাহে কয় যে কাশ্মীৰৰ স্থিতি বৰ্তমান সাধাৰণ অৱস্থালৈ আহিছে।

নিৰাপত্তাজনিত কাৰণত কাশ্মীৰৰ ঘাটী অঞ্চলত ইন্টাৰনেট সেৱা বন্ধ কৰি ৰখা হৈছে বুলি স্পষ্ট কৰি দি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ইন্টাৰনেট সম্পৰ্কীয় সিদ্ধান্ত স্থানীয় প্ৰশাসনেহে গ্ৰহণ কৰিব। আনহাতে চিকিৎসালয়ত বিনামূলীয়া ঔষধ বিতৰণ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰ দি অমিত শ্বাহে কয় যে দেশৰ চৰকাৰী খণ্ডৰ চিকিৎসালয়সমূহত প্ৰয়োজনীয় সকলো ঔষধ উপলব্ধ কৰোৱা হৈছে। যদি কোনো ভিতৰুৱা অঞ্চলৰ চিকিৎসালয়ত এতিয়াও দৰৱ উপলব্ধ হোৱা নাই বুলি কোনোৱে তথ্য লাভ কৰে, তেন্তে তেওঁৰ সৈতে সংযোগ কৰিবলৈও আহ্বান জনায় অমিত শ্বাহে।

জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ অন্ত পৰাৰ পিছত এতিয়া শিলাক্ৰমণৰ দৰে ঘটনা হ্ৰাস পাইছে বুলি দাবী কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। লগতে সীমান্তৱৰ্তী অঞ্চলসমূহৰ চিকিৎসালয়ৰ লগতে ২০৪১১ খন বিদ্যালয়ত পাঠদান চলি আছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয়, 'জম্মু-কাশ্মীৰত ধাৰা ৩৭০ বিলুুপ্তিৰ পিছত এজনো সাধাৰণ নাগৰিকৰ আৰক্ষীৰ গুলীত মৃত্যু হোৱা নাই।'

অন্যহাতে ৰাজ্যসভাৰ মজিয়াত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সন্দৰ্ভত মন্তব্য কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কোনো ধৰ্মৰ ভিত্তিত এনআৰচি জাৰি নহয় বুলি আশ্বস্ত প্ৰদান কৰে। তেওঁ কয়, 'কোনো ধৰ্মৰ লোকেই এনআৰচিক লৈ ভীতিগ্ৰস্ত হোৱাৰ প্ৰয়োজন নাই। দৰিদ্ৰ লোকসকলক চৰকাৰে আইনী সাহায্য প্ৰদান কৰিব। এনআৰচি প্ৰক্ৰিয়া উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত আৰম্ভ হৈছে। এই পঞ্জীত যাৰ নাম বাদ পৰে, তেওঁ ট্ৰিবিউনেলত আবেদন কৰিব পাৰে। এনআৰচিত এনে কোনো ধৰণৰ নিয়ম নাই যে অন্য ধৰ্মৰ লোকক ইয়াৰ অন্তৰ্ভূক্ত কৰা নহয়। যি ধৰ্মৰে লোক নহওক, এনআৰচি তালিকাৰ অন্তৰ্ভূক্ত হ'ব পাৰে।'

অসমৰ পিছত সমগ্ৰ দেশতে এনআৰচি প্ৰস্তুত হ'ব বুলি মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। উল্লেখ্য যে, বুধবাৰে লোকসভাত কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে চেণ্ট্ৰেল পুলৰ অধীনত ধান ক্ৰয় বিষয়ক ছত্তীশগড় চৰকাৰৰ দাবীৰ বিষয়ে উত্থাপন কৰে আৰু এই সম্পৰ্কীয় নিয়ম কিছু শিথিল কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী জনায়। কংগ্ৰেছ সাংসদ গৰাকীয়ে এই বিষয়ে চৰকাৰৰ পৰা উত্তৰ বিচাৰে যদিও চৰকাৰৰ পৰা কোনো প্ৰতিক্ৰিয়া লাভ নকৰাত কংগ্ৰেছ সদস্যসকলে সদন ত্যাগ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in