সৰ্ব্বদলীয় বৈঠকঃ ফাৰুক আব্দুল্লাৰ মুক্তি, চিদাম্বৰমক সংসদৰ অধিবেশনত বহাৰ সুযোগ দিয়াৰ দাবী বিৰোধীৰ

সৰ্ব্বদলীয় বৈঠকঃ ফাৰুক আব্দুল্লাৰ মুক্তি, চিদাম্বৰমক সংসদৰ অধিবেশনত বহাৰ সুযোগ দিয়াৰ দাবী বিৰোধীৰ

ডিজিটেল ডেস্কঃ সোমবাৰৰ পৰা অনুষ্ঠিত হ'বলগা সংসদৰ শীতকালীন অধিবেশনৰ পূৰ্বে দেওবাৰে অনুষ্ঠিত সৰ্ব্বদলীয় বৈঠকত নেশ্যনেল কনফাৰেন্সৰ অধ্যক্ষ ফাৰুক আব্দুল্লাৰ মুক্তিৰ দাবী জনায় বিৰোধীয়ে। নেশ্যনেল কনফাৰেন্সৰ জ্যেষ্ঠ নেতাগৰাকীৰ মুক্তিৰ দাবী তুলি কংগ্ৰেছ নেতা গুলাম নবী আজাদে কয়, 'যোৱা তিনি মাহ ধৰি নজৰবন্দী হৈ থকা ফাৰুক আব্দুল্লা চাহাবক মুক্তি প্ৰদান কৰা উচিত চৰকাৰে। সংসদৰ শীতকালীন অধিবেশনত ভাগ লোৱাৰ বাবে তেওঁক চৰকাৰে অনুমতি প্ৰদান কৰক।'

আনহাতে আইএনএক্স মিডিয়া কেলেংকাৰী গোচৰত কাৰাগাৰত বন্দী জীৱন কটাই থকা জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ সংসদৰ শীতকালীন অধিবেশন অংশ লোৱাৰ সপক্ষত বৈঠকত মাত মাতে গুলাব নবী আজাদে। তেওঁ কয়, 'পূৰ্বৰ সংসদৰ অধিবেশনত এনে বহু সাংসদক অংশ লোৱাৰ বাবে অনুমতি প্ৰদান কৰা হৈছে, যাৰ বিৰুদ্ধে আদালতত শুনানি চলি আছে। সেয়েহে পি চিদাম্বৰমকো সংসদৰ শীতকালীন অধিবেশনত অংশ লোৱাৰ বাবে অনুমতি প্ৰদান কৰা উচিত।'

উল্লেখ্য যে, সোমবাৰৰ পৰা আৰম্ভ হ'বলগা সংসদৰ শীতকালীন অধিবেশনৰ পূৰ্বে দেওবাৰে অনুষ্ঠিত হয় এই সৰ্ব্বদলীয় বৈঠক। প্ৰহ্লাদ যোশীয়ে আহ্বান কৰা এই বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, কংগ্ৰেছ সাংসদ গুলাম নবী আজাদকে ধৰি কেইবাটাও দলৰ নেতৃবৰ্গ উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in