বিৰোধীৰ প্ৰতিবাদঃ দুয়োখন সদন স্থগিত..

বিৰোধীৰ প্ৰতিবাদঃ দুয়োখন সদন স্থগিত..

ডিজিটেল ডেস্কঃ মূল্যবৃদ্ধি, কোৰোনা, ভাৰতৰ ভূমি চীনৰ দখল আদি বহু কেইটা বিষয়ক লৈ উত্তাল হৈছে সংসদৰ বৰ্ষাকালীন অধিৱেশন। যাৰ বাবে অধ্যক্ষই বিয়লি ৩ঃ৩০ বজালৈ স্থগিত ৰাখিবলগীয়া হৈছে সদন।সংসদৰ দুয়োখন সদনৰ আৰম্ভণিৰে হোৱাৰ পৰা বিৰোধীয়ে বিভিন্ন সমস্যাক লৈ উত্তাল কৰি তোলে।

নিম্নসদনত বিৰোধীৰ তীব্ৰ প্ৰতিবাদৰ মাজতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ মন্ত্ৰীসভাৰ নতুন মন্ত্ৰীসকলক পৰিচয় কৰাই দিবলৈ চেষ্টা কৰে কিন্তু সকলোকে পৰিচয় কৰাই দিবলৈ তেওঁ ব্যৰ্থ হয়। যাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নিজৰ অসন্তুষ্টি ব্যক্ত কৰে। আনহাতে উচ্চ সদনতো একেই অৱস্থা হয় প্ৰধানমন্ত্ৰী গৰাকীৰ।

দেশত সৃষ্টি হোৱা অত্যাধিক মূল্য বৃদ্ধি, পেট্ৰ'ল, ডিজেলকে ধৰি ইন্ধজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি, কোৰোনাৰ সংক্ৰমণ, ভগ্ন অৰ্থনীতি, চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ ভাৰতীয় ভূমি দখল আদি অনেক কাৰকৰ বাবে উত্তাল হৈ পৰে বৰ্ষাকালীন অধিৱেশনৰ প্ৰথমটো দিন। যাৰ বাবে অধ্যক্ষই প্ৰথমে ২ বজালৈ আৰু ইয়াৰ পাছত ৩ বজালৈ আৰু পৰৱৰ্তী সময়ত ৩ঃ৩০ বজালৈ সদন স্থগিত ৰাখিবলৈ বাধ্য হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in