বুধবাৰে মুকলি হ’ব সংসদ টিভিঃ নাথাকিব ৰাজ্যসভা টিভি..

বুধবাৰে মুকলি হ’ব সংসদ টিভিঃ নাথাকিব ৰাজ্যসভা টিভি..

ডিজিটেল ডেস্কঃ উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকায়া নাইডু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ১৫ ছেপ্টেম্বৰ বুধবাৰে আন্তৰ্জাতিক গণতন্ত্ৰ দিৱস উপলক্ষে যুটীয়াভাৱে সংসদ টিভি মুকলি কৰিব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ফালৰ পৰা মঙলবাৰে কোৱা হৈছে যে সংসদৰ টিভি কাৰ্যসূচীসমূহক মুখ্যতঃ চাৰিটা শ্ৰেণীত বিভক্ত কৰা হ'ব। ইয়াৰ ভিতৰত আছে সংসদ আৰু গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ কাৰ্যকলাপ, শাসন আৰু আঁচনিৰ ৰূপায়ণ, ভাৰতীয় ইতিহাস আৰু সংস্কৃতিৰ বিষয় আৰু সমসাময়িক প্ৰকৃতি, স্বাৰ্থ আৰু উদ্বেগ বিষয়ক।

উল্লেখ্য যে, লোকসভা টিভি আৰু ৰাজ্যসভা টিভি একত্ৰিত কৰাৰ সিদ্ধান্ত ফেব্ৰুৱাৰীত লোৱা হৈছিল।সংসদ টিভিৰ মুখ্য কাৰ্যবাহী বিষয়া (চি ই অ') মাৰ্চতে নিযুক্ত কৰা হৈছিল। সংবাদ সংস্থা পি টি আইৰ মতে, প্ৰবীণ কংগ্ৰেছ নেতা কৰণ সিং, অৰ্থনীতিবিদ বিবেক দেবৰয়, নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্ত আৰু অধিবক্তা হেমন্ত বাত্ৰাই নতুন চেনেলটোত পৃথক অনুষ্ঠান আয়োজন কৰিব। সংবাদ সংস্থাটোৱে এক সূত্ৰৰ উদ্ধৃতি দি কয় যে সংসদ টিভিক এক বৌদ্ধিক চেনেল হিচাপে নিয়োজিত কৰা হৈছে যিয়ে দেশৰ গণতান্ত্ৰিক নীতি আৰু প্ৰতিষ্ঠানৰ সৈতে সম্পৰ্কিত বিষয়ত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দৰ্শকসকলক উচ্চ মানদণ্ডৰ সমল প্ৰদান কৰিব।

কৰণ সিঙে বিভিন্ন ধৰ্মৰ ওপৰত, বিবেক দেবৰয়ে ইতিহাসৰ ওপৰত আৰু অমিতাভ কান্তে 'ভাৰতৰ পৰিৱৰ্তন'ত একোটাকৈ অনুষ্ঠান আয়োজন কৰিব। চাৰ্ক আইনৰ উপ-সভাপতি হেমন্ত বাত্ৰাই আইনী বিষয়ত এটা অনুষ্ঠান আয়োজন কৰিব। বিত্ত মন্ত্ৰালয়ৰ প্ৰধান অৰ্থনৈতিক উপদেষ্টা সঞ্জীৱ সান্যালে অৰ্থনীতিৰ ওপৰত এটা অনুষ্ঠান আয়োজন কৰিব, আনহাতে প্ৰখ্যাত এণ্ডোক্ৰিনোলজিষ্ট ডাঃ অম্বৰীশে স্বাস্থ্যজনিত সমস্যাৰ ওপৰত এটা অনুষ্ঠান কৰিব।

উল্লেখ্য যে অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া তথা বস্ত্ৰ মন্ত্ৰালয়ৰ প্ৰাক্তন সচিব ৰবি কাপুৰ চেনেলটোৰ মুখ্য কাৰ্যবাহী বিষয়া আনহাতে লোকসভা সচিবালয়ৰ যুটীয়া সচিব মনোজ অৰোৰা অ' এছ ডি। ২০২১ বৰ্ষৰ মাৰ্চ মাহত, লোকসভা আৰু ৰাজ্যসভাৰ টিভি চেনেলক সংসদ টেলিভিছন নামৰ এটা চেনেলৰ সৈতে একত্ৰিত কৰা হৈছিল। অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া ৰবি কাপুৰক এবছৰৰ বাবে চিইঅ' হিচাপে নিযুক্তি দিয়া হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in