শেহতীয়া খবৰ
আজি অচল হৈ পৰিব ৰাজ্যৰ ৩৯ হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ পাঠদান...  •  বিশ্বকাপ ক্ৰিকেটঃ আজি ইংলেণ্ড বনাম আফগানিস্তান...  •  জামুগুৰিহাটত পথ দুৰ্ঘটনা, নিহত সেনা জোৱান...  •  আজি ভাৰতলৈ ৰাছিয়াৰ উপ প্ৰধানমন্ত্ৰী  •  আজি ভাৰতলৈ ৰাছিয়াৰ উপ প্ৰধানমন্ত্ৰী  •  সন্ত্ৰাসবাদীৰ গুলীত নিহত সেনাৰ মেজৰ...  •  ৰাজ্যত বৃদ্ধি পাইছে বলাৎকাৰৰ ঘটনা, লামডিঙত এইবাৰ কামনাৰ বলি ৬বছৰীয়া শিশু  •  পুৰণিগুদামত ইলোৰা বিজ্ঞান মঞ্চৰ "অন্ধবিশ্বাস, কু-সংস্কাৰ আৰু বিজ্ঞানমনস্কতা" শীৰ্ষক আলোচনা সভা সম্পন্ন  •  বৰপানীত গা ধুবলৈ গৈ প্ৰাণ হেৰুৱালে কিশোৰীয়ে...  •  নলবাৰীত মহান শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম দিৱস পালন

মধ্য পেৰিচত ভয়ংকৰ বিস্ফোৰণ, হতাহত ৪৭ জন…

418

ডিজিটেল ডেস্কঃ মধ্য পেৰিচত গেছ বিস্ফোৰণ ঘটনাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাছতেই মৃত্যু হোৱা লোকৰ সংখ্যা ৪জনলৈ বৃদ্ধি পাইছে। শনিবাৰে সংঘটিত এই বিস্ফোৰণত পূৰ্বে এজন পৰ্যটকসহ ৩জনৰ মৃত্যু হোৱা বুলি খবৰ পোৱা গৈছিল। এই বিস্ফোৰণৰ ফলত কাষৰ অট্টালিকাবোৰৰো ক্ষয়ক্ষতি হয়।

উল্লেখ্য যে, এই বিস্ফোৰণ সেই সময়ত সংঘটিত হৈছিল, যি সময়ত চহৰখনত ‘য়েলো বেষ্ট’ প্ৰদৰ্শন কৰি থকা হৈছিল। যাৰ ফলত বিগত কেইদিন মানৰ পৰা আৰক্ষী আৰু প্ৰদৰ্শনকাৰীৰ মাজত হিংসাত্মক ঘটনাও সংঘটিত হৈ আহিছে। ইফালে, এই বিস্ফোৰণ সংঘটিত হোৱা অট্টালিকাটোৰ তলৰ অংশ ভাঙি পৰাৰ ফলত কাষৰ বিল্ডিংবোৰত ক্ষয়ক্ষতি হোৱাৰ পলতে অট্টালিকাটোৰ ধ্বংসস্তূপৰ তলত আৱদ্ধ হৈ মৃত্যুক সাৱটে ৪জনকৈ লোকে।

আনহাতে, এই বিস্ফোৰণত ৪জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪৭জনকৈ লোক গুৰুতৰভাৱে আহত হয় আৰু ইয়াৰে ১০ জনৰ অৱস্থা অতি সংকটজনক। আহত আটাইকেইজনকে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও দুজনৰ অৱস্থা গুৰুতৰ বুলি জনাই চিকিৎসকে।

 

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি