বৰাকৰ ধলাই সমষ্টিত পঞ্চমবাৰৰ বাবে জয়ী পৰিমল শুক্লবৈদ্য…

বৰাকৰ ধলাই সমষ্টিত পঞ্চমবাৰৰ বাবে জয়ী পৰিমল শুক্লবৈদ্য…

ডিজিটেল সংবাদ, ধলাই : কোৰোনা মহামাৰীৰ সৃষ্ট এক জটিল পৰিস্থিতিৰ মাজতে বহু জল্পনা-কল্পনাৰ অন্তত ঘোষিত অসম বিধান সভা নিৰ্বাচনৰ ফলাফলত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে একক সংখ্যা গৰিষ্ঠ আসন লাভ কৰিবলৈ সক্ষম হৈছে ৷ এইবাৰৰ নিৰ্বাচনত বহুকেইজন হাইপ্ৰফাইল প্ৰাৰ্থীক ৰাইজে উপেক্ষা কৰা দেখিবলৈ পোৱা গৈছে ৷ ইয়াৰ মাজতে স্বচ্ছতা আৰু কৰ্মমুখী চৰিত্ৰৰে ৰাইজৰ মাজত এক সুকীয়া ইমেজ গঢ়ি তুলিবলৈ সক্ষম হোৱা বৰাকৰ অন্যতম জনপ্ৰিয় নেতা মন্ত্ৰী পৰিমল শুক্লবৈদ্যক ৰাইজে পুনৰবাৰ পঠিয়াই দিছে বিধানসভাৰ মজিয়ালৈ ৷

কিয়নো বিগত কাৰ্যকালত মীন, আবকাৰী আৰু বন বিভাগৰ মন্ত্ৰী হিচাপে সুচাৰুৰূপে দায়িত্ব পালন কৰা পৰিমল শুক্ল বৈদ্যক এইবাৰ পুনৰ পঞ্চমবাৰৰ বাবে বিধায়ক হিচাপে ৰায়দান কৰে সমষ্টিবাসী ৰাইজে ৷ বিগত সময়ছোৱাত চাৰিটাকৈ কাৰ্যকালৰ বাবে বৰাকৰ ধলাই সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰা অমায়িক আৰু কৰ্মদক্ষ পৰিমল শুক্ললবৈদ্য এইবাৰ পুনৰ জয়ী হ'বলৈ সক্ষম হৈছে ৷ ঘোষিত ফলাফলত তেঁঁও নিকটতম প্ৰতিদণ্ডী কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ মালাক ২২,০০০ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি সমষ্টিটোত পঞ্চমবাৰ বাবে বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হয়

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in