লকডাউনত বিপদত পৰা দৰিদ্ৰ লোকৰ কাষত সমাজকৰ্মী পৰীক্ষিত দত্ত, বানপানীয়ে ক্ষতি কৰা এলেকাত ৰাইজৰ বাবে পাৰিলে কঠিয়া

লকডাউনত বিপদত পৰা দৰিদ্ৰ লোকৰ কাষত সমাজকৰ্মী পৰীক্ষিত দত্ত, বানপানীয়ে ক্ষতি কৰা এলেকাত ৰাইজৰ বাবে পাৰিলে কঠিয়া

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতে ৰাজ্যবাসীৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান হিচাপে ধৰা দিছেহি বানপানীৰ সমস্যাই। অসমৰ আন প্ৰান্তৰ লগতে গোলাঘাট জিলাৰ গোলাঘাট বিধানসভা সমষ্টি তথা ইয়াৰ দাতিকাষৰীয়া ঠাইসমূহত প্ৰতিবছৰে বানপানীয়ে ভয়াৱহ ৰূপ লয়। বানপানীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে বানে গৰকাস্থানসমূহৰ ৰাইজ সক্ষম হোৱা নাই।

বানপানীৰ উপদ্ৰৱৰ বাবে প্ৰতিবছৰে কিছু কিছু প্ৰান্তৰ ৰাইজে দুই-তিনি বাৰ পৰ্যন্ত একেখিনি মাটিতে খেতি কৰিবলগা হয়। ইফালে কেৱল গোলাঘাট বিধানসভা এলেকাৰে বহু যুৱক-যুৱতীয়ে বিভিন্ন প্ৰতিষ্ঠানত কাম কৰাৰ বাবে বহিঃৰাজ্যত থাকিবলগীয়া হৈছে। এতিয়া সেইসকল যুৱক-যুৱতীও কোৰোনা ভাইৰাছৰ সন্ত্ৰাসৰ সময়ত ঘৰলৈ ঘূৰি আহিছে।

তেনেসকল যুৱকক কৃষিকৰ্মৰে আগবঢ়াই নিয়াৰ বাবে ব্যৱস্থা হাতত লৈছে অসম ক্ৰিকেট সন্থাৰ উপ সভাপতি তথা সমাজকৰ্মী পৰীক্ষিত দত্ত আৰু সন্মীলিত মটৰ পৰিবহন সন্থাৰ বিষয়ববীয়া পূৰ্ণ ৰাজখোৱাই। সকলো যুৱককে কৃষিকৰ্মৰে আগবঢ়াই নিয়াৰ উদ্দেশ্যৰে তেওঁলোকে কৃষি বিপ্লৱৰ সুচনা কৰিছে। বানে প্ৰতিবছৰে ক্ষতি কৰা গোলাঘাট জিলা প্ৰায় এশ বিঘা মাটিত সকলো লোকৰে সুবিধা হোৱাকৈ কঠিয়া পৰাৰ বাবে তেওঁলোকে সিদ্ধান্ত লৈছে। ইতিমধ্যে কলিয়াপানীৰ দুইনৈ মুখ নামৰ স্থানত কেবা বিঘা মাটিত কঠিয়া পৰা পৰ্ব আৰম্ভ কৰিছে।

প্ৰতিবছৰে সেই এলেকাত বানপানীয়ে ৰাইজক ক্ষতি কৰে। বহু দৰিদ্ৰ কৃষকে বানপানীৰ পাছত প্ৰয়োজন হ'লেও কঠিয়াৰ অভাৱৰ বাবে ধান ৰুব নোৱাৰে। সেইসকল কৃষকে আতৰৰ পৰাই চাই ৰ'ব লগা হয় নিজৰ খেতি মাটিৰ অৱস্থা। তেনেসকল লোকক সহায় কৰাৰ মানসেৰে এইসমূহ কঠিয়া পাৰিছে পৰীক্ষিত দত্ত আৰু পূৰ্ণ ৰাজখোৱাই। এই কাৰ্যত তেওঁলোকৰ সৈতে আছে প্ৰায় গোলাঘাট জিলাৰ প্ৰায় ২০০ যুৱক।

এটা কৃষি গোট গঠন কৰি তেওঁলোকে একেলগ হৈ এনেদৰে কৃষি কৰ্ম আৰম্ভ কৰিছে। বহিঃৰাজ্যৰ পৰা মহামাৰীৰ সময়ত ঘূৰি অহা যুৱক-যুৱতী তথা আন লোকসকল যাতে হাত সাৱটি বহি থাকিব নালাগে সেই লক্ষ্য আগত ৰাখিয়ে তেওঁলোকে এই কাৰ্য আৰম্ভ কৰিছে।

দিন সদায় একেই নাথাকে। এটা সময়ত বহু যুৱকে পৰিয়াল চলোৱাৰ বাবে প্ৰয়োজনীয় কিছু ধনৰ বাবে বহিঃৰাজ্যলৈ গৈ কাম কৰিছিল। এতিয়া দিন ভাল নহয়। কোৰোনা মহামাৰীয়ে আমাৰ জীৱন ধাৰণ প্ৰণালীতে কিছু পৰিবৰ্তন আনি দিছে। গতিকে এই সময়তস্ব-নিৰ্ভৰশীল হোৱাৰ বাবে প্ৰতিজন লোকেই কৃষি কৰ্মত জড়িত হোৱাটো প্ৰয়োজন বুলি মন্তব্য কৰিছে পৰীক্ষিত দত্তই।

তাৰ সমান্তৰালকৈ পূৰ্ণ ৰাজখোৱাই কয়, আমি এই বিপদৰ সময়ত নিজকে উদ্ধাৰ কৰাৰ বাবে চিন্তা কৰিব লাগিব। সকলো লোকেই আত্ম নিৰ্ভৰশীল হোৱাটো একেবাৰে প্ৰয়োজন। আত্মনিৰ্ভৰশীল মানুহে কোনো দিনে আনৰ বাবে ৰৈ থাকিবলগীয়া নহয়। আমাৰ অঞ্চলৰ সকলো যুৱক-যুৱতী আত্ম নিৰ্ভৰশীল হ'ব লাগিব।

মহামাৰী কোৰোনা ভাইৰাছক লৈ চলি থকা লকডাউনৰ ফলত বিশেষকৈ দিন হাজিৰা কৰা, সাধাৰণ ব্যৱসায় কৰা বহু পৰিয়ালৰ বৰ্তমান পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। এফালে কোৰোনাৰ বিৰুদ্ধে যুঁজ আনফালে এমুঠি অন্নৰ তাড়না। লকডাউনৰ বাবে ঘৰতে আবদ্ধ হোৱা এইসকল লোক প্ৰতিটো মুহুৰ্ততেই অসুবিধাৰ সন্মুখীন হৈছে। এক প্ৰকাৰ এই শ্ৰেণীৰ লোকসকলৰ পৰিয়াল চলাই নিয়াতো অসম্ভৱ হৈ পৰিছে। এনে পৰিবেশৰ মাজতে একাংশ লোক সহায়ৰ বাবে আগবাঢ়ি অহা পৰিলক্ষিত হৈছে।

বিগত কেইদিনৰ কোৰোনাৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা অনাৰ বাবেও এসময়ৰ ছাত্ৰ নেতা পৰীক্ষিত দত্তই কাম কৰি গৈছে। এই সময়চোৱাত সাংবাদিক, আৰক্ষী আৰু মজদুৰকো মাস্ক, ছেনিটাইজাৰ ইত্যাদি বিতৰণ কৰিছে।

গোলাঘাটৰ চানা বিক্ৰেটা, দিন হাজিৰা কৰা শ্ৰমিক ইত্যাদি লোকক পূৰ্ণ ৰাজখোৱা আৰু পৰীক্ষিত দত্তই খাদ্য সামগ্ৰীও যোগান ধৰিছে। মেৰাপানী খেলপথাৰত খেলুৱৈ সকলৰ উপৰি তৰাণী গাওঁ, চাউদাং পথাৰৰ ভক্তপ্ৰাণ ৰাইজ, মেৰাপানী সাংবাদিক সংস্থাৰ কাৰ্যালয়, মেৰাপানী আৰক্ষী থানা আদিত তেওঁলোকে মাক্স, চেনিটাইজাৰ বিতৰণ কৰে। গোলাঘাট সন্মিলিত মটৰ পৰিবহন সন্থাৰ সভাপতি পূৰ্ণ ৰাজখোৱা আৰু অসম ক্ৰিকেট সন্থাৰ উপ-সভাপতি পৰিক্ষীত দত্তৰ লগতে এই কাৰ্যত আছিল সমাজকৰ্মী শান্তনু শইকীয়া। তেওঁলোকে গ্ৰহণ কৰা এনে পদক্ষেপক ৰাইজে প্ৰশংসা কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in