পৰেশ বৰুৱাৰ ফোন আহিল, কিন্তু…

পৰেশ বৰুৱাৰ ফোন আহিল, কিন্তু…
  • পৰেশ বৰুৱাৰ ফোনটো আহিল গুৱাহাটী প্ৰেছ ক্লাৱলৈ।
  • গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক সঞ্জয় ৰয়ৰ সৈতে পাতিলে কথা।
  • পৰেশ বৰুৱাই কি ক'লে সেই সন্দৰ্ভত এতিয়াও অৱগত কৰা হোৱা নাই।
  • পৰেশ বৰুৱাই ফোন কৰা কথা আছিল গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি মনোজ নাথলৈ।
  • আৰক্ষীয়ে মনোজ নাথৰ ম'বাইল নম্বৰটো ব্ল'ক কৰাত আন এটা নম্বৰলৈ কৰিলে ফোন।
  • গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে সেই নম্বৰটোতে কিছু সময় কথা পাতিছিল।
  • কুইপ'ৰ দুই বিষয়াক অপহৰণৰ সন্দৰ্ভত পৰেশ বৰুৱাই সম্বোধন কৰা কথা আছিল অনলাইনযোগে।
  • আৰক্ষীয়ে এই সংবাদমেল বন্ধ কৰিবলৈ আহ্বান জনাইছিল।
  • প্ৰেছ ক্লাৱৰ বিষয়ববীয়াই জনোৱা মতে, আনুষ্ঠানিকভাৱে বাতিল কৰা হৈছে এই সংবাদমেল।
  • এক সূত্ৰৰে জানিব পৰা মতে, অপহৃত দুজনৰ চৰম শাস্তি স্থগিত ৰখা হৈছে।
  • এনএছচিএনৰ সৈতে বিষয়টোক লৈ আলোচনা কৰিব বুলি জনালে পৰেশ বৰুৱাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in