জাতি-মাটি-ভেটি ৰক্ষাৰ বাবেই গুৱাহাটীত বিস্ফোৰণ, দাবী পৰেশ বৰুৱাৰ

জাতি-মাটি-ভেটি ৰক্ষাৰ বাবেই গুৱাহাটীত বিস্ফোৰণ, দাবী পৰেশ বৰুৱাৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ হিন্দু বাংলাদেশীক সংস্থাপন কোনো কাৰণতে মানি নলয় আলফা স্বাধীনে৷ হিন্দু বাংলাদেশীক সংস্থাপন কৰিবলৈ মাজুলীৰ কাৰ্যনিৰ্বাহকত ৰাজ্যিক বিজেপিয়ে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰিয়েই শনিবাৰে গুৱাহাটীৰ পাণবজাৰত বোমা বিস্ফোৰণ ঘটোৱা বুলি স্বীকাৰ কৰি এই কথা স্পষ্ট কৰি দিয়ে বিদ্ৰোহী সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ তথা সৰ্বেসৰ্বা পৰেশ বৰুৱাই।

'আমি আজিৰ বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছো। কোনো নিৰ্দোষী লোক আমাৰ লক্ষ্য নাছিল। আমাৰ লক্ষ্য হৈছে জাতি-মাটি-ভেটিৰ কথা কোৱা চৰকাৰখনক সকীয়াই দিয়া। সেয়ে কোনো লোক যাতে আহত নহয় তেনেকৈ আমি বিস্ফোৰণৰ পৰিকল্পনা কৰিছিলো। দুৰ্ভাগ্যজনকভাৱে ৪জন লোক আহত হ'ল।'-আহতসকলৰ আশু আৰোগ্য কামনা কৰি এইদৰে কয় স্বাধীন অসমৰ দাবীত অটল হৈ থকা বিদ্ৰোহী নেতাগৰাকীয়ে।

তেওঁ আৰু কয় যে দুপৰীয়া ১২ বজাত সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)-এ যি বিস্ফোৰণ সংঘটিত কৰিলে সেই বিস্ফোৰণৰ লক্ষ্য আৰু উদ্দেশ্য আছিল মহান। অসম বিৰোধীসকলে যাতে মূৰ দাঙি উঠিব নোৱাৰে তাৰ বাবেই এনে এটা বিস্ফোৰণ অৱশ্যাম্ভাৱী আছিল বুলিও বৰুৱাই দাবী কৰে।

অসমতে থাকি যিসকল লোক তথা দল-সংগঠনে অসমক ধ্বংস কৰিবলৈ ষড়যন্ত্ৰত নামি পৰিছে সেইসকলক অনাগত দিনত তেনে কামৰ পৰা বিৰত থাকিবলৈকো সকীয়াই দিয়ে বিদ্ৰোহী সংগঠনটোৱে। যদিহে এনেধৰণৰ অসমীয়া জাতি ধ্বংসী কাৰ্য তেওঁলোকে বন্ধ নকৰে তেন্তে আলফা স্বাধীনে আৰু কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিব বুলিও বৰুৱাই স্পষ্টকৈ কয়।

'আমাৰ লক্ষ্য নিৰীহ জনগণ নহয়। যিসকলে ভাবিছে যে আলফা স্বাধীন নাইকিয়া হৈ গ'ল, গতিকে অসমখন আমাৰেই, আমি অসমত যি মন যায় তাকেই কৰিব পাৰিম, সেইসকললৈ এয়া আমাৰ সামান্য প্ৰত্যুত্তৰ। এই প্ৰত্যুত্তৰতে তেওঁলোক থমকি নৰলে আমি আন পন্থা ল'বলৈ বাধ্য হ'ম।'-বহুতে ভবাৰ দৰে আলফা স্বাধীন কোনো কাৰণতে দুৰ্বল হৈ যোৱা নাই বুলি স্পষ্ট কৰি দি একাধিক সংবাদ প্ৰতিষ্ঠানক বিস্ফোৰণৰ পিছতে টেলিফোনযোগে এইদৰে কয় বিদ্ৰোহী নেতাগৰাকীয়ে।

'জাতি-ধৰ্ম যিয়েই নহওক বহিৰাগতসকলক সংস্থাপনৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম অব্যাহত থাকিবই। আমি পৰৱৰ্তী সময়ত হয়তো আৰু কঠোৰ হৈ পৰিম। হিন্দু বাংলাদেশীৰ পক্ষত অৱস্থান গ্ৰহণ কৰাসকলকো এই বিস্ফোৰণৰ জৰিয়তে আমি আকৌ সকীয়াই দিছো। কোনোকাৰণতে থলগিৰি অসমীয়াক নিঃশেষ কৰিবলৈ দিয়া নহ'ব।'-ৰাষ্ট্ৰযন্ত্ৰই জাপি দিয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যুঁজিবলৈ সংগঠনটোৱে নতুন পৰিকল্পনা হাতত লোৱা বুলি উল্লেখ কৰি বৰুৱাই কয়।

আনহাতে বিদ্ৰোহী নেতাগৰাকীয়ে আজিৰ বিস্ফোৰণত কাৰিকৰী ভুলৰ বাবে থলগিৰি ৪জন লোক আহত হ'বলগীয়া হোৱাতো দুখ প্ৰকাশ কৰে। পৰৱৰ্তী সময়ত কোনো থলগিৰি লোক যাতে আক্ৰান্ত হ'বলগীয়া নহয় তাৰ বাবে সংগঠনটোৰ প্ৰতিজন সদস্যাই সতৰ্কতা অৱলম্বন কৰিব বুলিও নিশ্চিতি প্ৰদান কৰি আহত লোকসকলক পৰিয়ালৰ ওচৰত ক্ষমাও বিচাৰে বৰুৱাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in