পৰেশ বৰুৱাৰ ভুৱা মৃত্যুৰ বাতৰি! আঁৰত আছিল এক ৰহস্যপূৰ্ণ ব্যক্তিৰ অভিসন্ধি আৰু ৰাষ্ট্ৰৰ ব্লু প্ৰিণ্ট

পৰেশ বৰুৱাৰ ভুৱা মৃত্যুৰ বাতৰি! আঁৰত আছিল এক ৰহস্যপূৰ্ণ ব্যক্তিৰ অভিসন্ধি আৰু ৰাষ্ট্ৰৰ ব্লু প্ৰিণ্ট

বাৰে বাৰে কোনে চলাই পৰেশ বৰুৱাৰ মৃত্যুৰ অপপ্ৰচাৰ? কাৰ স্বাৰ্থ সিদ্ধি কৰে এই খবৰে? 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণে ফাদিল কৰিলে অভিসন্ধি। পৰেশ বৰুৱাক লৈ চলা এই অপপ্ৰচাৰৰ আঁৰত কোন? বিশেষ প্ৰতিবেদন।

এক ৰহস্যপূৰ্ণ ভুৱা বাতৰি প্ৰচাৰৰ আঁৰৰ অভিসন্ধি ফাদিল কৰিলে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণে। 'লুকইষ্ট' নামৰ এটা ৰাষ্ট্ৰীয় ৱেব পৰ্টেলত প্ৰথমে প্ৰকাশ পাইছিল পৰেশ বৰুৱাৰ মৃত্যুৰ খবৰ। লগে লগে আন আন ৰাষ্ট্ৰীয় মাধ্যমতো এই ৱেব পৰ্টেলটোৰ বাতৰিৰ আঁত ধৰি পৰেশ বৰুৱাৰ মৃত্যু সন্দৰ্ভত আন কেতবোৰ বিভ্ৰান্তিকৰ বাতৰি প্ৰকাশ হৈছিল। এই সন্দৰ্ভত অসমৰ সৰ্বসাধাৰণ ৰাইজ বুধবাৰে পুৱা ৯ বজা পৰ্যান্ত এক প্ৰকাৰৰ অন্ধকাৰতে আছিল।

অসমৰ যিসকল জ্যেষ্ঠ সাংবাদিক আৰু সংবাদমাধ্যম এই বিষয়ে অৱগত হৈছিল, তেওঁলোকৰ নীৰৱে থকাৰ সময়তে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্ক ভুৱা বাতৰিটোৰ আঁত বিচাৰি বিভিন্ন পক্ষৰ লগত যোগাযোগ কৰাৰ অন্তত সমগ্ৰ খবৰ অসমবাসীক অৱগত কৰে। তাৰ জৰিয়তে ফাদিল হয় ইয়াৰ আঁৰৰ অভিসন্ধি। আনকি খোদ আলফাই আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পূৰ্বেই আলোচনাপন্থী আলফা নেতা, আপোচহীন আলফা নেতা পৰিয়ালৰ সদস্য, চোৰাংচোৱা আৰু অসম আৰক্ষীৰ বিভিন্ন পক্ষৰ লগত যোগাযোগ কৰাৰ সময়তে ডিব্ৰুগড়ৰ বিশেষ ব্যক্তিলৈ অহা মেছেজৰ সন্দৰ্ভতো প্ৰকৃত ঘটনা উদঘাটন কৰি ৰাইজক জনাবলৈ সক্ষম হয় 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণে।

পূৰ্বতেও পৰেশ বৰুৱাৰ মৃত্যু সন্দৰ্ভত বহু খবৰ এক চক্ৰই উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰচাৰ কৰি আহিছিল। সেয়েহে এই খবৰ তেনে এক প্ৰচাৰৰ অংশ হ'ব পাৰে বুলি সন্দেহ কৰিয়েই 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কে প্ৰথমে যোগাযোগ কৰিছিল পৰেশ বৰুৱাৰ একালৰ সতীৰ্থ তথা ঘনিষ্ঠ অনুপ চেতিয়াৰ সৈতে।

বুধবাৰে পুৱা ৭.৩০বজাতে আলোচনা পন্থী আলফা নেতাজনৰ সৈতে যোগাযোগ কৰি এই কথা নিশ্চিত কৰা হৈছিল যে, লুকইষ্টত উল্লেখ থকাৰ দৰে দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত হোৱা নাছিল পৰেশ বৰুৱা। চীন-বাৰ্মা সীমান্তত এক পথ দুৰ্ঘটনাত পতিত হোৱা পৰেশ বৰুৱাই ফাচী বজাৰ বোমা বিস্ফোৰণৰ পাছতেই ফোনত কথা পতা বুলি জানিবলৈ দিছিল অনুপ চেতিয়াই।

সেই সূত্ৰৰ আঁত ধৰিয়েই তেওঁ লগতে কৈছিল- তিনি-চাৰিদিনৰ পূৰ্বে পৰেশ বৰুৱাই তেওঁলৈ ফোন কৰিছিল। ছৈখোৱা কাণ্ডৰ পাছত কৰা পৰেশ বৰুৱাৰ ফোনটো ধৰিব পৰা নাছিল অনুপ চেতিয়াই। লগতে তেওঁ জনাইছিল, দুৰ্ঘটনাৰ পৰা সুস্থ হোৱাৰ কথা জানিবলৈ দিছিল। এই সকলোখিনি কথা 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণে ৰাজহুৱা কৰিছিল। তাৰপাছতেই আলফাৰ আন এজন জ্যেষ্ঠ নেতাৰ সৈতে যোগাযোগ কৰি এই বাতৰি যে অভিসন্ধিমূলক সেয়া নিশ্চিত কৰা হৈছিল। কিন্তু তেতিয়ালৈকে অহা নাছিল আলফা স্বাধীনৰ পৰা কোনো ই-মেইল।

পৰেশ বৰুৱাৰ মৃত্যু হোৱাৰ খবৰ ২০০০চনতো এই শক্তিশালী চক্ৰটোৱে চলাইছিল। শান্তিবাহিনী বিদ্ৰোহী গ্ৰুপৰ আক্ৰমণত ২০০০চনৰ ১৬ ডিচেম্বৰত বাংলাদেশত পৰেশ বৰুৱাৰ মৃত্যু হোৱাৰ খবৰ বিয়পাই দিয়া হৈছিল। ২০০৬ চনতো পৰেশ বৰুৱাৰ মৃত্যু সম্পৰ্কীয় আন এক উৰা বাতৰিয়ে চৰ্চা লাভ কৰিছিল। ২০১১চনৰ ছেপ্টেম্বৰত বাৰ্মিছ সেনাৰ গুলীত পৰেশ বৰুৱা ঘন অৰণ্যত আহত হোৱা বুলি সংবাদমাধ্যমে খবৰ প্ৰচাৰ কৰিছিল। এইদৰে পৰেশ বৰুৱাৰ মৃত্যু সন্দৰ্ভত বহু খবৰ পূৰ্বতেও প্ৰচাৰিত হোৱাৰ বাবেই লুকইষ্ট নামৰ ৱেবপৰ্টেলটোত প্ৰচাৰিত খবৰৰ সন্দৰ্ভত আন কিছু সূত্ৰৰ সৈতেও যোগাযোগ কৰা হৈছিল।

ৰাজ্যৰ আৰক্ষীয়ে শীৰ্ষ সূত্ৰৰ সৈতে পুৱা ৯ বজাত যোগাযোগ কৰাত তেনে কোনো খবৰ নাই বুলি নিশ্চিত কৰিছিল। ইফালে তাৰ পূৰ্বেই পূৰ্বৰ আৰক্ষী সঞ্চালক প্ৰধান জি এম শ্ৰীবাস্তৱৰ সৈতে এই বাতৰিৰ সত্যতাৰ সন্দৰ্ভত কথা পতা হৈছিল। পৰেশ বৰুৱাৰ সৈতে অতি ঘনিষ্ঠ প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীয়ে বাতৰিৰ সত্যতা প্ৰায় নুই কৰিছিল। তেওঁ কৈছিল- 'এনে কোনো খবৰ বা তথ্য নাই। মই যিমান দূৰ ভাবো এই খবৰ মিছা। মোৰ ছ'ৰ্চে তেনে কোনো খবৰ দিয়া নাই।'

এই বাতৰিও 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণত প্ৰকাশ কৰা হৈছিল। পৰেশ বৰুৱাৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰি তেওঁলোকৰ ঘৰলৈ তেনে কোন খবৰ আহিছে নেকি, এই বিষয়ে কথা পতা হৈছিল পৰেশ বৰুৱা জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাৰ সৈতে। পৰিয়ালৰ লোকে এই খবৰ কেৱল সংবাদমাধ্যমতে দেখা বুলি মন্তব্য কৰি জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাই কৈছিল- তেনে কোনো খবৰ আমি পোৱা নাই। ঘৰলৈ ফোন নকৰেই পৰেশ বৰুৱাই।

সেই সময়তে আমাৰ এক সূত্রই জনাইছিল চাবুৱাৰ এজন বিশেষ ব্যক্তিলৈ ৰমেল অসমে প্ৰেৰণ কৰিছিল এটা মেছেজ। মেছেজটোত পৰেশ বৰুৱা কুশলে থকা বুলি উল্লেখ কৰিছে ৰমেল অসমে। মেছেজটোৰ বিষয়ে চাবুৱা থানাৰ আৰক্ষীক অতি সংগোপনে জানিবলৈ দিয়া বুলি খবৰ লাভ কৰাৰ পাছত আমি যোগাযোগ কৰিছিলো চাবুৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ সৈতে।

মহেন্দ্ৰ নাথ গগৈ নামৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী তেতিয়া আছিল প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ নিৰাপত্তাৰ দায়িত্বত। তেওঁ এই সন্দৰ্ভত কৈছিল- ব্যক্তিজনে তেনে এক মেছেজ অহা কথা ইতিমধ্যে আৰক্ষীক পুৱাই অৱগত কৰিছিলহি। আৰক্ষী বিষয়াজনে লগতে কয়- এই সন্দৰ্ভত জেনেৰেল ডায়েৰীত এণ্ট্ৰী কৰা হৈছে। মই থানাৰ বাহিৰত আছো। প্ৰতিৰক্ষা মন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত আছো মই।

এইখিনি খবৰৰ ওপৰত ভিত্তি কৰি আমি প্ৰস্তুত কৰিছিলো বিশেষ প্ৰতিবেদন। যাৰ শিৰোনাম আছিল- 'বিশেষ ব্যক্তিলৈ মেছেজঃ ভালে আছে পৰেশ বৰুৱা, চাবুৱা থানাৰ জেনেৰেল ডায়েৰীত এণ্ট্ৰি।' তেতিয়ালৈকে আলফা স্বাধীনৰ তৰফৰ পৰা অহা নাছিল কোনো ই-মেইল। অৱশেষত দুপৰীয়া ভাগলৈ আলফা স্বাধীনৰ ই-মেইল। 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কে পৰিবেশন কৰা বাতৰিৰ সত্যতা প্ৰমাণ হ'ল। 

এয়া যে কোনো এক চক্ৰৰ ষড়যন্ত্ৰ সেই কথা উল্লেখ কৰা হ'ল মেইলটোত। পৰেশ বৰুৱা সম্পূৰ্ণ সুস্থ আছে বুলি মেইলটোত উল্লেখ কৰাৰ লগতে এই ভুৱা বাতৰি প্ৰচাৰ কৰা সকলকো সতৰ্ক কৰি দিলে।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণে সমগ্ৰ বাতৰি বিভিন্ন সূত্ৰৰ আঁত ধৰি এনেদৰে প্ৰকাশ কৰিছিল যে, এই খবৰে যাতে কোনো বিভ্ৰান্তিৰ সৃষ্টি কৰিব নোৱাৰে। তাৰ মাজতে এচামে লুকইষ্ট নামৰ যিটো ৱেবপৰ্টেলে এই বাতৰি প্ৰথম পৰিকল্পিতভাৱে প্ৰকাশ কৰিছিল তেওঁলোকৰ নাম ল'বলৈও অস্বীকাৰ কৰি এটা ৱেবপৰ্টেলে এই বাতৰি প্ৰচাৰ কৰিছে বুলি বাতৰি পৰিবেশন কৰিছিল। তাৰ বিপৰীতে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কে সেই পৰ্টেলটোৰ নামৰ লগতে ইয়াৰ আঁৰত থকা এজন জ্যেষ্ঠ সাংবাদিকৰ সন্দৰ্ভতো কিছু তথ্য সংগ্ৰহ কৰিছিল।

পূৰ্বতে বিবিচিৰ দৰে সংবাদ প্ৰতিষ্ঠানৰ সৈতে জড়িত এই জ্যেষ্ঠ সাংবাদিকগৰাকীক কেন্দ্ৰ কৰি বহু অভিযোগ উত্থাপন হৈছিল। যাৰবাবে তেওঁ অসম এৰি গুচি যাবলৈ বাধ্য হৈছিল। এই বাতৰি প্ৰকাশ কৰাৰ কিছুদিনৰ পূৰ্বেই অসমলৈ আহিছিল তেওঁ। ৰাজ্য চৰকাৰৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি চলা এই সাংবাদিকগৰাকীৰ উত্তৰ-পূবৰ বিদ্ৰোহী সংগঠনৰ সৈতেও আছে সু-সম্পৰ্ক।

চোৰাংচোৱাৰ সূত্ৰৰ উদ্ধিতি দি দুই জ্যেষ্ঠ সাংবাদিকে পৰিকল্পিতভাৱে পৰেশ বৰুৱাৰ মৃত্যুৰ ভুৱা বাতৰি কোনো এক পক্ষৰ হৈ চলাইছে বুলি এতিয়া চৰ্চা চলিছে। সেই অভিসন্ধি প্ৰথম ফাদিল কৰিছিল 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in