শব্দৰ গুলীৰে কোনে চলাইছে পৰেশ বৰুৱাক হত্যাৰ চেষ্টা?

শব্দৰ গুলীৰে কোনে চলাইছে পৰেশ বৰুৱাক হত্যাৰ চেষ্টা?

♦ ডি জে ধনন্তৰি

পুৱাই আহিছিল সেই খবৰ। লগত আছিল এটা ভাৱবোধক চিহ্ন। সকলোৱে ভাবিলে। তেতিয়ালৈকে ভাবিলে যেতিয়ালৈকে সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন) চমুকৈ আলফা স্বাধীনৰ তৰফৰ পৰা বহু প্ৰত্যাশিত বিবৃতিটো অহা নাছিল। অৱশেষত বিবৃতিটো আহিল। সকলোৱে যিটো ভাবিছিল সেইটোৱেই হ'ল। কেৱল এইবাৰ ১০০ শতাংশই নিশ্চিত হৈ পৰিল যে বাতৰিটো আছিল এটা উৰাবাতৰি।

পৰেশ বৰুৱা। মানুহজনৰ নাম। ৪০ বছৰ পূৰ্বে যি সেউজীয়া সপোন দেখিছিল তেজৰঙা বাটত খোজ থৈ আজিও সেই সপোনতে অটল হৈ আছে তেওঁ। বহুতৰ বাবে তেওঁ এক ৰহস্য। ক'ত থাকে তেওঁ? এই প্ৰশ্নৰ সঠিক উত্তৰ কেৱল সেইসকলেই জানে যিসকল আজিও তেওঁৰ সংগ্ৰামৰ সংগী হৈ কাষতে আছে। বাকীসকলৰ বাবে সেয়া জনাৰ কোনো উপায় নাই।

দুজনকৈ সাংবাদিকে তেওঁক সাক্ষাৎ কৰিবলৈ যোৱাৰ পূৰ্বে সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমত পৰেশ বৰুৱা বুলিলে সকলোৰে চকুত ভাহি উঠিছিল এখনেই ছবি। একোছা মোছৰ সৈতে দৃঢ় চাৱনিৰ বজ্ৰকঠোৰ এখন মুখ। পৰেশ বৰুৱা তথা আলফা সম্পৰ্কীয় যিকোনো বাতৰিতে কেৱল সেইখন ফটোৱেই প্ৰকাশ পাই আহিছিল। এবছৰ-দুবছৰকৈ বহু বছৰ বাগৰি গ'লেও এনে লাগে যেন মানুহজন আজিও সেই ফটোখনত দেখাৰ দৰেই হৈ আছে।

তথ্য-প্ৰযুক্তিৰ সহজলভ্যতাৰ লগে লগে ৰহস্যময়ী মানুহজনৰ নতুন কেবাখনো ফটো অসমবাসীয়ে দেখিবলৈ পালে। বিশেষকৈ সাংবাদিক ৰাজীৱ ভট্টাচাৰ্য আৰু ছায়ামণি ভূঞাই স্বাধীন অসমৰ সপোন খেদি ফুৰা অসমীয়াজনক অজ্ঞাত স্থানত সাক্ষাৎ কৰাৰ পৰৱৰ্তীকালত ইণ্টাৰনেটত তেওঁৰ কেবাখনো নতুন ফটো তথা ভিডিঅ' উপলব্ধ হৈ পৰে। ইয়াৰ লগতে মেইলযোগে সংবাদমাধ্যমলৈ নিজাববীয়াকৈ প্ৰেৰণ কৰা ফটো, ভিডিঅ'ও বৰ্তমান ইণ্টাৰনেটত উপলব্ধ।

চন ২০১০। ভাৰতৰ হেঁচাত বাংলাদেশে দেশখনত আশ্ৰয় লৈ থকা আলফাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে উঠি-পৰি লাগে। পৰেশ বৰুৱাৰ পৰিয়ালৰ ওপৰতো আৰম্ভ হয় নিৰ্যাতন। আত্মসমৰ্পণ তথা অসমলৈ উভতি যাবলৈ চাপ প্ৰয়োগ কৰা হয়। সেই সময়ত প্ৰকাশিত বাতৰি অনুযায়ী তীব্ৰ হেঁচাৰ পিছতো সংগ্ৰামৰ পথৰ পৰা আতৰি আহিবলৈ অস্বীকাৰ কৰাত অপহৰণ কৰা হয় তেওঁৰ পুত্ৰক।

এই সন্দৰ্ভত Indo-Asian News Serviceলৈ উক্ত বৰ্ষৰ ডিচেম্বৰত মাহত পৰেশ বৰুৱাই প্ৰেৰণ কৰিছিল এটি ই-মেইল। উক্ত মেইলত তেওঁ স্পষ্ট কৰি দিছিল যে কোনো কাৰণতে তেওঁ লক্ষ্যপথৰ পৰা বিচলিত নহয়।

'মাতৃভূমিতকৈ মোৰ বাবে সন্তানৰ গুৰুত্ব অধিক নহয়। অসমবাসীক যি প্ৰতিশ্ৰুতি দি সংগ্ৰামৰ পথত ভৰি থৈছো তাতকৈ মোৰ পুত্ৰস্নেহ ডাঙৰ হ'ব নোৱাৰে আৰু নহয়। কোনেও মোক অথবা মোৰ পৰিয়ালক মোৰ পুত্ৰক অপৰহৰণ কৰি দুৰ্বল কৰি তুলিব নোৱাৰে। বুকুত হাত থৈ আপোনালোকক এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিছো। সেয়া হৈছে যে, মই মোৰ পুত্ৰক বলিদান দিবলৈ সাজু আছো, কিন্তু কোনো মূল্যৰ বিনিময়তে লক্ষ্যপথৰ পৰা কেতিয়াও বিচলিত নহও।'- মেইলযোগে এইদৰে সকলোকে স্পষ্ট কৰি দিছিল পৰেশ বৰুৱা ওৰফে পৰেশ অসমে।

এনে এজন সংগ্ৰামী নে বিদ্ৰোহী নেতাক লৈ ভাৰত চৰকাৰ প্ৰতি মুহূৰ্ততে শংকিত হোৱাটোৱে স্বাভাৱিক। তেওঁৰ সৈতে যিসকলে একেটা সপোন দেখি অৰণ্যলৈ ওলাই গৈছিল সেইসকলৰ বহুতেই এতিয়া সংগঠনটোৰ ভাষাত শত্ৰুপক্ষ ভাৰত ৰাষ্ট্ৰৰ ৰাজ আতিথ্য গ্ৰহণ কৰা আলহী। অৱশ্যে দুই-এজন নেতাই 'ভাৰত ৰাষ্ট্ৰ'ৰ আতিথ্য গ্ৰহণ কৰি বিলাসী জীৱন কটালেও কোনো পাক চক্ৰত পৰিহে সেয়া কৰিবলৈ বাধ্য হৈ পৰিছে।

সংগ্ৰামখনত ভৰি থৈ কিমানজন তেজাল অসমীয়া যুৱক যে চিৰদিনৰ বাবে হেৰাই গ'ল তাৰ কোনো লেখ-জোখ নাই। সংগঠনটোৱেও ইতিমধ্যে বহুজনক শ্বহীদ আখ্যা দিছে। সেইসকল শ্বহীদ সংগঠনটোৰ শত্ৰুপক্ষ ভাৰত ৰাষ্ট্ৰৰ ভাষাত একো একোজন সন্ত্ৰাসবাদী। সাধাৰণ অসমবাসীৰ পিছে এই লৈ দুই নাৱত দুই ভৰি সদৃশ অৱস্থা। জাতিৰ হকে কান্ধত বন্দুক তুলি লোৱা বুকুৰ আপোন তেজাল যুৱকসকলক অসমীয়াই কিদৰেনো সন্ত্ৰাসবাদী আখ্যা দিয়ে? একে সময়তে এখন স্বাধীন দেশৰ পূৰ্ণাংগ ৰাজ্যৰ বাসিন্দা হিচাপে সেই দেশৰ সেনাৰ বিৰুদ্ধেই যুদ্ধ ঘোষণা কৰা আপোনজনক শ্বহীদ আখ্যাই বা দিয়ে কিদৰে?

'সেউজ অসমখনি গঢ়িব ওলাইছো/আই তোমাৰ চৰণ চুই/সশত্ৰুক ৰুধিবলৈ ওলাই আমি আহিছো/আই তোমাৰ আশীষ লৈ….।' অসমৰ বাবে হাজাৰ হাজাৰ যুৱকে কিয় নিজৰ তেজেৰে যোৱা ৪০বছৰে তেজৰ ফাঁকু খেলি আহিছে? নতুন প্ৰজন্মক তাৰ উত্তৰ প্ৰায় দুই বছৰ পূৰ্বে এটা বিশেষ ভিডিঅ' আৰু গীত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰি জনাইছিল সংগঠনটোৱে। তেওঁলোকৰ সপোন এখন সেউজ অসম গঢ়াৰ। দশম প্ৰতিষ্ঠা দিৱসত সংগঠনটোৱে প্ৰচাৰ পুস্তিকাৰ জৰিয়তে নিজৰ লক্ষ্যৰ বিষয়ে অৱগত কৰিছিল ৰাইজক। এই অনুযায়ী তেওঁলোকৰ লক্ষ্য হৈছে-'অসমক এখন সাৰ্বভৌম স্বাধীন ৰাষ্ট্ৰৰূপে গঢ়ি তুলি উক্ত ৰাষ্ট্ৰখনত বিজ্ঞানসন্মত সমাজবাদ প্ৰতিষ্ঠা কৰা।'

ভাৰত চৰকাৰৰ কঠোৰ দমন নীতি আৰু প্ৰলোভনৰ দৰে কূটনৈতিক কৌশলৰ পৰিপ্ৰেক্ষিতত সংগঠনটো শক্তিশালী হৈ পৰাৰ সময়তে একাংশ সদস্য লক্ষ্যভ্ৰষ্ট হৈ ওলাই আহে। তেনে বহু নেতা তথা সদস্যৰ বিলাসী জীৱনৰ বিষয়ে আজি সমগ্ৰ ৰাজ্যবাসী অৱগত। তৎসত্বেও সংগঠনটো সম্পূৰ্ণৰূপে স্তব্ধ হৈ নপৰিল। তাৰ পিছত পুনৰ চলিল একাধিক অভিযান। ভূটানৰ অভিযানত সংগঠনটো বহু পৰিমাণে দুৰ্বল হৈ পৰে। উত্থাপিত হয় আলোচনাৰ প্ৰসংগ। আলোচনাৰ প্ৰসংগৰে লক্ষ্য পথৰ পৰা আঁতৰি আহে বহু প্ৰতিষ্ঠাপক সদস্য। ফলত দুটা ভাগত বিভক্ত হৈ পৰে সংগঠনটো। এটা আলোচনাপন্থী আনটো স্বাধীনতাকামী।

বহু প্ৰতিষ্ঠাপক সদস্য ওলাই যোৱাৰ পিছত নিজৰ দাবীত যে অটল আছে সেয়া অধিক স্পষ্ট কৰিবলৈ সংগঠনটোৰ নামত পিছত 'স্বাধীন' শব্দটো সংযোগ কৰি পুনৰ সংগ্ৰামৰ ধাৰাবাহিকতা অব্যাহত ৰাখে পৰেশ বৰুৱাই। অৱশ্যে বিভাজনৰ পিছত পূৰ্বতকৈ কিছু স্তিমিত হৈ পৰে আলফাৰ সংগ্ৰাম। ২০০৪ চনত ধেমাজিত সংঘটিত বিস্ফোৰণক লৈয়ো অসমৰ বহুতেই সংগঠনটোৰ প্ৰতি বিৰূপ মনোভাৱ পোষণ কৰিবলৈ লৈছিল। বিভাজনে তেনে মনোভাৱক অতি সক্ৰিয় কৰি তোলে। অৱশ্যে সংগঠনটোৱে ধেমাজিৰ উক্ত কাণ্ডৰ দায়িত্ব মূৰ পাতি লৈ ভুল হোৱা বুলি স্বীকাৰো কৰিছিল। যি নহওক বহুতে ক'ব খোজে যে উক্ত ঘটনাৰ পিছৰে পৰা আলফাই একপ্ৰকাৰ প্ৰাসংগিকতা হেৰুৱাই পেলোৱাৰ উপক্ৰম ঘটে।

শেহতীয়াকৈ ধলা কাণ্ডক লৈ পুনৰ উচ্চাৰিত হৈছিল আলফাৰ নাম। পাণবজাৰত কিছুদিন পূৰ্বে বিস্ফোৰণ ঘটোৱা আলফা স্বাধীনকে ধলা কাণ্ডৰ বাবে অধিকাংশই জগৰীয়া কৰিছিল। পৰৱৰ্তী সময়ত সেয়া সংগঠনটোৱে অস্বীকাৰ কৰে। এন আৰ চি, হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান আদিক লৈ অস্থিৰ হৈ থকাৰ সময়তে পশ্চিমবংগৰ এখন আগশাৰীৰ দৈনিক কাকতেও আলফা স্বাধীন আৰু পৰেশ বৰুৱা সন্দৰ্ভত এটা বাতৰিত এই বুলি স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে অসমৰ বিদ্ৰোহী সংগঠনটো ধলা কাণ্ডৰ সৈতে জড়িত নহয়।

কাকতখনে লিখিছে, 'এদিকে, আলফা (আই) এই ঘটনার দায় অস্বীকার করায়, এর পেছনে অন্য কোনও ষড়যন্ত্র রয়েছে কি না, উঠে এসেছে সেই প্রশ্নও। পূর্ব ইতিহাস বলে, এই জঙ্গি গোষ্ঠী মিথ‍্যা কথা বলে না। অপারেশন করলে বুক ঠুকে দায়িত্ব স্বীকার করে। আর এই মুহূর্তে আলফার বাঙালি নিধনের কোনও জরুরি কারণ নেই। যেটা আছে অন‍্য কিছু স্বার্থান্বেষী শক্তির।' অৰ্থাৎ কাকতখনৰ মতে, আলফাৰ পূৰ্ব ইতিহাসে কয় যে সংগঠনটোৱে মিছা নকয়, যি কয় সঁচা কয়। ভুল কৰিলে ভুল বুলি স্বীকাৰো কৰে।

ভাববোধক চিহ্ন দি এজন অান্তৰ্জাতিক পৰ্যায়ৰ সাংবাদিকে নিজৰ সংবাদ প্ৰতিষ্ঠানত চোৰাংচোৱাৰ উধৃতি দি এটা বাতৰি প্ৰকাশ কৰিলে যে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু নাই। ম্যানমাৰ-চীন সীমান্তৰ ৰুইলিত সংঘটিত এক ভয়াৱহ দুৰ্ঘটনাত বুকুৰ কামিহাড় ভাঙি চিৰদিনৰ বাবে হেৰাই যায় স্বাধীন অসমৰ সপোন দেখা এজন অসমীয়া। কোনকেইটা চোৰাংচোৱা সংস্থাই উক্ত মন্তব্য কৰিছে? সেইবোৰৰ কোনো উল্লেখ নাই। স্বাভাৱিকতে সকলোৰে মনত সন্দেহ ওপজিছে যে বাতৰিটো প্ৰকাশৰ আঁৰত কোনো উদ্দেশ্য লুকাুই আছে। পিছে কি সেই উদ্দেশ্য?

একাংশৰ মতে কেন্দ্ৰ চৰকাৰৰ বহু উচ্চ পদস্থ বিষয়া তথা চোৰাংচোৱাৰ সৈতে সু-সম্পৰ্ক তথা সাংবাদিকজনে ৰাষ্ট্ৰ শক্তিৰ সৈতে মিলিত হৈ বিশেষ উদ্দেশ্য আগত ৰাখি বাতৰিটো প্ৰকাশ কৰিছে। অসমত জাতীয়তাবাদ ক্ৰমাৎ তীব্ৰ হোৱালৈ চাই জাতিটোৰ মনোবল হ্ৰাস কৰিবলৈ উক্ত কাৰ্য সংঘটিত কৰা বুলিও ক'ব খোজে এইটো পক্ষই। আন এটা পক্ষৰ মতে আকৌ LOOKEAST নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ এডিটৰিয়েল ডাইৰেক্টৰ সুবীৰ ভৌমিকৰ আলফা স্বাধীনৰ সৈতেও আছে সু-সম্পৰ্ক। এইটো পক্ষই ক'ব খোজে যে অসমত আলফাৰ প্ৰাসংগিকতা এতিয়াও আছে নে নাই সেয়া প্ৰমাণ কৰি চাবলৈ আলফাই নিজেই এনে বাতৰি প্ৰচাৰ কৰিছে। ইয়াৰ বাবে তেওঁলোকে পাণবজাৰ বিস্ফোৰণ আৰু গুৱাহাটীত পোষ্টাৰিঙৰ কথাটোলৈ আঙুলিয়াই দিছে।

আন এটা পক্ষৰ আকৌ সম্পূৰ্ণ সুকীয়া মত। এইটো পক্ষৰ মতে আলফা স্বাধীনৰ মূল ব্যক্তি পৰেশ বৰুৱাৰ সঁচাকৈয়ে এক দুৰ্ঘটনাত মৃত্যু ঘটিছে। কিন্তু সাংগঠনিক কাৰণতহে সংগঠটোৱে সেই বাতৰি গোপন কৰি ৰাখিবলৈ মিছাকৈ সংবাদ মাধ্যমলৈ বিবৃতি প্ৰেৰণ কৰি চোৰাংচোৱাৰ বাতৰিটো ভুল বুলি দাবী কৰিছে।

ভিন্ন পক্ষই এনেদৰে ভিন্ন মত পোষণ কৰিলেও এটা কথা স্পষ্ট হৈ পৰিছে যে আজিও পূৰ্বৰ দৰেই প্ৰাসংগিক হৈ আছে আলফা, আলফা স্বাধীন। বৰঞ্চ এনেকৈ ক'লেও বঢ়াই কোৱা নহ'ব যে পূৰ্বতকৈও অধিক প্ৰাসংগিক হৈ পৰিছে পৰেশ বৰুৱা। কোনোৱে যদি প্ৰশ্ন কৰে যে কিহৰ ভিত্তিত এই দাবী কৰা হৈছে? ইয়াৰ এটাই উত্তৰ 'ছ'চিয়েল মিডিয়া'। আকৌ যদি প্ৰশ্ন কৰে যে ছ'চিয়েল মিডিয়াৰ ওপৰত ভিত্তি কৰিয়েই এনে দাবী কেনেকৈ কৰিব পাৰি? তাৰো উত্তৰ ছ'চিয়েল মিডিয়াই ২০১৪ চনতে দি থৈছে। সেই বৰ্ষত দেশত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনৰ পূৰ্বে ছ'চিয়েল মিডিয়াৰ সৰ্বত্ৰে দেখা গৈছিল বিজেপি বন্দনা। অৱশেষত সেয়াই সঁচাই হৈছিল। ছ'চিয়েল মিডিয়াত দেখা পোৱা পৰিৱেশৰ দৰেকৈ বিপুল ভোটত জয়ী হৈছিল বিজেপি।

পুৱাই ভাৱবোধক চিহ্নযুক্ত বাতৰিটো বিয়পি পৰাৰ পিছতে অসমৰ ফেচবুক ব্যৱহাৰকাৰীসকলৰ প্ৰায় প্ৰতিজনৰে টাইমলাইন হৈ পৰে পৰেশ বৰুৱাময়। সকলোৰে এটাই কামনা, 'বাতৰিটো মিছা হওক।' লক্ষজনে আকৌ পৰেশ বৰুৱাক এই মুহূৰ্তত অসমীয়া জাতিৰ সাহস বুলিও মন্তব্য কৰা দেখা গৈছে। কিছুদিন পূৰ্বে সংগঠনটোত ভৰ্তি হোৱাৰ কথা ফেচবুকযোগে ঘোষণা কৰিছিল গোলাঘাটৰ ছাত্ৰ সন্থাৰ এজন বিষয়ববীয়াই। তেতিয়াও ভিন্নজনে শ্বেয়াৰ কৰিছিল সেই ভিডিঅ'। কমেণ্ট কৰি যুৱকজনৰ সংগ্ৰামী যাত্ৰাৰ প্ৰতি জ্ঞাপন কৰিছিল শুভেচ্ছা। আজি তাতকৈয়ো কেবাগুণো অধিক লোক আৱেগিক হৈ পৰে পৰেশ বৰুৱাৰ মৃত্যুৰ বাতৰি শুনি। কিন্তু কিয়? কিয় মানুহজনৰ প্ৰতি এই আস্থা?

তাৰ উত্তৰ হয়তো এটাই। সেয়া হৈছে তেওঁৰ নীতি-আদৰ্শ ভুলেই হওক বা শুদ্ধ নিজৰ লক্ষ্য পথৰ পৰা, নীতি-আদৰ্শৰ পৰা আজি পৰ্যন্ত বিচলিত হোৱা নাই। হাজাৰ প্ৰলোভনেও টলাব পৰা নাই তেওঁক। তেওঁ নেতৃত্ব দিয়া সংগঠনটোৰ স্বাধীন অসমক লৈ যি দাবী সেই দাবীৰ গ্ৰহণযোগ্যতা থাকক বা নাথাকক জীৱনৰ শেষ দিনটোলৈকে সেই দাবীত অটল হৈ থকাৰ তেওঁৰ যি সাহস সেই সাহৰ বাবেই আজি এনেদৰে মুকলিকৈয়ে তেওঁৰ হৈ মাত মাতিবলৈ ওলাই আহিছে প্ৰায় প্ৰতিজন অসমীয়া আৰু অসমপ্ৰেমী।

'বিপ্লৱৰ এই নদী এতিয়াও বৈ আছে আৰু বৈয়েই থাকিব। তেতিয়ালৈকে বৈ থাকিব যেতিয়ালৈকে অসম স্বাধীন নহয়।'- আলফাৰ সংগ্ৰাম স্তিমিত হৈ পৰিছে নেকি বুলি এক সাক্ষাকাৰত সোধা প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰিছিল বিদ্ৰোহী নে বিপ্লৱী নেতাজনে। দিনদিয়েক পূৰ্বে বাতৰি ওলাইছিল যে ভাৰত চৰকাৰে চীনৰ সৈতে এক আলোচনাত মিলিত হৈছে আৰু উক্ত আলোচনাৰ অন্তত চুবুৰীয়া দেশখনত আলফাই ঘাটি পাতি থকাতো আৰু সম্ভৱ নহ'ব। পিছে সেই বাতৰিটোও একপ্ৰকাৰ উৰাবাতৰিৰূপে পৰিগণিত হয়। বহুতে বাতৰিটো বিনাদ্বিধাই মানি লৈছিল যদিও এটা কথা ভাবি চোৱা নাছিল যে চীনে যিদৰে স্বাধীন অসম বিচৰা আলফাক সৰ্বতোপ্ৰকাৰে সহায় কৰিছে ঠিক সেইদৰে ভাৰতে আলফাৰ জন্মৰ বহুবছৰ পূৰ্বেই সহায় কৰাৰ লগতে আশ্ৰয় প্ৰদান কৰি আহিছে স্বাধীন তিব্বত বিচৰা দালাই লামাক।

পৰেশ বৰুৱাই স্বাধীন অসম বিচাৰি আহিছে বন্দুকৰ সংগ্ৰামেৰে গেৰিলা পন্থাৰে। আনহাতে দালাই লামাই স্বাধীন তিব্বত বিচাৰি আহিছে অহিংস পন্থাৰে। লক্ষ্য কিন্তু দুয়োজনৰে একেটাই, নিজৰ জাতিটোক সমগ্ৰ বিশ্বতে এক সুকীয়া পৰিচয় প্ৰদান কৰা। সেই লক্ষ্যত উপনীত হ'বলৈ দুয়োজনেই সহায় লৈছে দুই বিপৰীত ৰাষ্ট্ৰৰ। সময়ৰ আহ্বানত দালাই লামাই স্বাধীন তিব্বতৰ দাবীৰ পৰিৱৰ্তে কিছু নমনীয় হৈ সম্পূৰ্ণ স্বায়ত্ব শাসনৰ দাবীলৈকে নামি আহিছে। অৱশ্য ৬১টা বসন্ত গৰকিলেও ৯০ৰ দশকৰ ফটোখনত দেখা পৰেশ বৰুৱাজন হৈয়েও আজিও স্বাধীন অসমৰ দাবীতেই অলৰ-অচৰ হৈ আছে পৰেশ বৰুৱা ওৰফে পৰেশ অসম। তেওঁৰ এই দাবীক লৈ একমত হোৱা-নোহোৱা সেয়া সুকীয়া কথা, কিন্তু সকলোৱে আজিৰ উৰাবাতৰিৰ পিছত এই কামনাকে কৰিছে যে তেওঁ য'তে আছে ত'তে কুশলে জীয়াই থাকক আৰু আগৰ দৰেকৈ অসমৰ হকে মাত মাতি যাওক। কিয়নো পশ্চিম আকাশত মাৰ গ'লেও পিছদিনা পুৱাই পুনৰ পূব আকাশত ঢলফাট দিয়ে সকলোৰে হেঁপাহৰ উদিত সূৰ্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in