বিশেষ ব্যক্তিলৈ মেছেজঃ ভালে আছে পৰেশ বৰুৱা, চাবুৱা থানাৰ জেনেৰেল ডায়েৰীত এণ্ট্ৰি

বিশেষ ব্যক্তিলৈ মেছেজঃ ভালে আছে পৰেশ বৰুৱা, চাবুৱা থানাৰ জেনেৰেল ডায়েৰীত এণ্ট্ৰি

পৰেশ বৰুৱাৰ মৃত্যুৰ খবৰ আহিছিল পুৱাই। কিন্তু সঁচানে এই খবৰ? 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰ এক বিশেষ প্ৰতিবেদন- 'কেনে আছে পৰেশ বৰুৱা?'

কুশলে আছে পৰেশ বৰুৱা। আলফা স্বাধীনৰ মুৰব্বীগৰাকীৰ মৃত্যুৰ খবৰ প্ৰকাশ হৈছিল এটা ৰাষ্ট্ৰীয় ডিজিটেল মাধ্যমত। এই খবৰৰ আঁত ধৰিয়েই বিভিন্ন উৎসৰ সৈতে যোগাযোগ কৰা হৈছিল। শেহতীয়া 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ হাতত আহি পৰিছেহি আন এক খবৰ। পৰেশ বৰুৱাৰ মৃত্যু খবৰৰ সন্দৰ্ভত পুৱাই চাবুৱাৰ এজন বিশেষ ব্যক্তিলৈ ম'বাইলত মেছেজ পঠাইছিল ৰমেল অসমে। এই মেছেজত পৰেশ বৰুৱা কুশলে থকা কথা জানিবলৈ দিছিল ব্যক্তিজনক। অজ্ঞাত নম্বৰৰ পৰা আহিছিল এই মেছেজ।

ব্যক্তিজনে এই সন্দৰ্ভত আৰক্ষীকো অৱগত কৰিছে। চাবুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰনাথ গগৈৰ সৈতে যোগাযোগ কৰিছিল 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কে। বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, ব্যক্তিজনে তেনে এক মেছেজ অহা কথা ইতিমধ্যে আৰক্ষীক পুৱাই অৱগত কৰিছিলহি। আৰক্ষী বিষয়াজনে লগতে কয়- এই সন্দৰ্ভত জেনেৰেল ডায়েৰীত এণ্ট্ৰী কৰা হৈছে সবিশেষ।

ইফালে, পৰেশ বৰুৱা সন্দৰ্ভত প্ৰচাৰিত এই খবৰক লৈ পৰেশ বৰুৱাৰ পৰিয়ালৰ সৈতেও যোগাযোগ কৰা হৈছিল । পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাৰ সৈতে এই খবৰৰ সন্দৰ্ভত যোগাযোগ কৰাত তেওঁ এনেধৰণৰ কোনো খবৰ পোৱাৰ কথা অস্বীকাৰ কৰে। 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কক পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাই জানিবলৈ দিয়ে যে, তেওঁৰ সৈতে আমাৰ ইমান যোগাযোগ নাথাকে। এনে খবৰ আমি পৰিয়ালে পোৱা নাই। সংবাদ মাধ্যমৰ জৰিয়তেই এই খবৰ দেখিছো।

আৰক্ষী বিশেষ শাখাৰ পঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্যয়েও তেনে কোনো খবৰ পোৱাৰ কথা অস্বীকাৰ কৰিলে। আলফাৰ কেবাজনো শীৰ্ষ নেতৃত্বৰ সৈতে যোগাযোগ কৰা হৈছিল এই সন্দৰ্ভত। প্ৰতিটো সূত্রই এই খবৰ অস্বীকাৰ কৰাৰ লগতে বাতৰিটোত প্ৰকাশ পোৱাৰ দৰে পথ দুৰ্ঘটনাত আলফা স্বাধীনৰ মুৰব্বী গৰাকীয়ে গুৰুতৰভাৱে আহত হোৱাৰ কথা অস্বীকাৰ কৰিছে। প্ৰায় আঢ়ৈ মাহৰ পূৰ্বে সংঘটিত হৈছিল এই পথ দুৰ্ঘটনা। বুকু আৰু ভৰিত কিছু পৰিমাণে দুখ পাইছিল পৰেশ বৰুৱাই। ডিডিটেল সংবাদ মাধ্যমটোত উল্লেখ থকা অনুসৰি বুকুৰ আটাই কেইডাল কামিহাড় ভাগি যোৱা নাছিল পৰেশ বৰুৱাৰ। চীন-বাৰ্মা সীমান্তত সংঘটিত হৈছিল এই পথ দুৰ্ঘটনা।

ইফালে এই খবৰ প্ৰচাৰ হোৱাৰ পাছত পৰেশ বৰুৱাৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰা প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান জি এম শ্ৰীবাস্তৱৰ সৈতেও যোগাযোগ কৰা হৈছিল বাতৰিৰ সত্যতাৰ বাবে। প্ৰাক্তন আৰক্ষী সঞ্চালক প্রধানগৰাকীয়েও তেনে খবৰ লাভ কৰা নাই বুলি জনালে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কক। পূৰ্বতেও চোৰাংচোৱাই পৰেশ বৰুৱাৰ মৃত্যু হোৱা খবৰ প্ৰচাৰ কৰিছিল। সেই খবৰ পিছলৈ মিছা বুলি জানিব পৰা গৈছিল।

এইবাৰো চোৰাংচোৱাৰ সূত্ৰৰ উদ্ধিতিৰে লুকইষ্ট নামৰ ডিজিটেল মাধ্যমটোত প্ৰচাৰিত পথ দুৰ্ঘটনাত পৰেশ বৰুৱাৰ মৃত্যুৰ খবৰ মিছা বুলি দাবী কৰিব খোজে প্ৰায়বোৰ সূত্ৰই। অৱশ্যে চোৰাংচোৱাৰ সূত্ৰসমূহে এই খবৰৰ সন্দৰ্ভত অধিক তথ্যৰ বাবে যোগাযোগ অব্যাহত ৰাখিছে। চীন বা ম্যানমাৰৰ কোনো স্থানীয় সংবাদমাধ্যমতো এতিয়ালৈকে এনে খবৰ প্ৰকাশ হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in