পৰশুৰাম কুণ্ডলৈ ভক্তৰ আগমন: লোহিত জিলা প্ৰশাসন-অৰুণাচল পৰ্যটন বিভাগৰ ব্যাপক তৎপৰতা…

ফটো উৎসঃ গুগ’ল
ফটো উৎসঃ গুগ’ল

ডিজিটেল সংবাদ, তিনিচুকীয়া: চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লোহিত জিলাত অৱস্থিত পৰশুৰামকুণ্ড হিন্দুসকলৰ অন্যতম পবিত্ৰ তীৰ্থস্থান হিচাপে গণ্য কৰা হয় । ব্ৰহ্মপুত্ৰ মালভূমিৰ লোহিত নদীত অৱস্থিত এই পবিত্ৰ কুণ্ড সম্প্ৰতি ভক্ত-সাধু-সন্তই ভিৰ কৰিছেহি । ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ হিন্দু ধৰ্মাৱালম্বী ভক্তৰ উপৰি চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ পৰা প্ৰতিবছৰে পৰশুৰাম কুণ্ডলৈ আগমন ঘটে লাখ লাখ ভক্তৰ । সেইদৰে ঢপলিয়াই আহে শ শ সাধু-সন্ত । পবিত্ৰ পৰশুৰামকুণ্ডত এবাৰ ডুব মাৰি পাপ তথা সংকত মোচনৰ উদ্দেশ্যে আগমন ঘটা এইসকল ভক্তক লৈ বৰ্তমান সক্ৰিয় হৈ পৰিছে অৰুণাচল চৰকাৰৰ পৰ্যটন বিভাগ আৰু লোহিত জিলা প্ৰশাসন । উল্লেখ্য যে, মকৰ সংক্ৰান্তি উপলক্ষ্যে তথা এই সংক্ৰান্তিৰ সময়চোৱাতে পবিত্ৰ পৰশুৰাম কুণ্ডত স্নান কৰিলে পাপ তথা সংকতৰ পৰা উদ্ধাৰ হ'ব পাৰি বুলি হিন্দু ধৰ্মাৱালম্বী লোকসকলৰ জনবিশ্বাস আছে ।

বছৰৰ ‍১৪ আৰু ১৫ জানুৱাৰীৰ মকৰ সংক্ৰান্তিৰ সেই বিশেষ দিন দুটাত পৰশুৰামলৈ আগমন ঘটে ভক্ত, সাধু-সন্তৰ । ইফালে, মকৰ সংক্ৰান্তি উপলক্ষ্যে পৰশুৰাম কুণ্ডৰ সমীপৰ তাইলুং এলেকাত বিগত ১৯৭২ চনৰ পৰা পৰশুৰাম কুণ্ড মেলা অনুষ্ঠিত হৈ আহিছে । এই মেলালৈও আগমন ঘটে বিভিন্ন শ্ৰেণীৰ পৰ্যটক আৰু বেহা-বেপাৰী । ১ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰী পৰ্যন্ত অব্যাহত থাকে এই মেলা । সম্প্ৰতি পৰশুৰামকুণ্ডলৈ বাছে বাছে আগমন ঘটিছে ভক্ত-সাধুৰ । ইয়াকে লৈ লোহিত জিলা প্ৰশাসনৰ লগতে অৰুণাচল পৰ্যটন বিভাগে পৰশুৰামকুণ্ডত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে ।

সেইদৰে অতিথিক পাৰ্যমানে আতিথ্য দিব পৰাকৈ আহাৰ, আবাসগৃহ, বিশুদ্ধ খোৱাপানী, শৌচাগাৰ-প্ৰসাৱগাৰ, স্বাস্থ্য সেৱাৰ সু-বন্দোবস্তি সহজলভ্য কৰি তুলিছে । অন্যহাতে, বহু স্বেচ্চাসেৱী সংগঠনৰ লগতে ব্যক্তিবিশেষেও ভক্ত-সাধুসকলৰ বাবে আহাৰ তথা থকা-খোৱাৰ ব্যৱস্থা কৰি আহিছে । তদুপৰি যাত্ৰাপথত জিৰাব পৰাকৈ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান তথা স্বেচ্চাসেৱী সংগঠনে ভক্তসকলৰ বাবে শিৱিৰৰ আয়োজন কৰি আহিছে । এই শিৱিৰসমূহতো থকা-খোৱা, জুইৰ সেক লোৱা কিম্বা শৌচ-স্নান কৰাৰ সুবিধা উপলব্ধ । এইক্ষেত্ৰত তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলৰ কুমচাং ১ নং চেলেংগুৰিবাসী ৰাইজৰ উদ্যোগত স্থানীয় ক্লাব ঘৰত বিগত কেইবাবছৰ ধৰি ভক্তপ্ৰাণ ৰাইজক সেৱা আগবঢ়াই অহা হৈছে ।

সেইদৰে কাকপথাৰ ঠাকুৰবাড়ী আৰু কাকপথাৰ অসমীয়া দুৰ্গাপূজা মন্দিৰেও দুৰণিবটীয়া ভক্তসকলক আতিথ্য আগবঢ়াই আহিছে । স্মৰ্তব্য যে, তিনিচুকীয়া জিলা সদৰৰ পৰা পৰশুৰামকুণ্ডলৈ দূৰত্ব ১৬৫ কিলোমিটাৰ। ভক্তপ্ৰাণ ৰাইজে মুলতঃ তিনিচুকীয়া সদৰ অতিক্ৰমী ৰূপাই চাইডিং-কাকপথাৰ হৈ ডিৰাক গেট পাৰ কৰি পৰশুৰাম কুণ্ডলৈ গমন কৰে। দুয়োখন ৰাজ্যৰ সীমা নিৰ্দেশ কৰা ডিৰাক গে'টত ভক্ত তথা পৰ্যটক সকলে অস্থায়ী প্ৰৱেশ-পত্ৰ উলিয়াব লাগে । ইয়াৰ বাবে যৎকিঞ্চিত ব্যয় বহন কৰিব লাগে। অৰুণাচল প্ৰদেশত আন্ত:ৰাজ্যিক পাৰ-পত্ৰ ব্যৱস্থা প্ৰৱৰ্তন হৈ থকা বাবে এই অনুমতিৰ আৱশ্যক ।

লোহিত জিলাৰ সদৰ তেজুৰ পৰা ৪৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত পৰশুৰাম কুণ্ড মিচিমি হিলচত পৰে । কামলাং সংৰক্ষিত বনাঞ্চলে আগুৰি থকা পৰশুৰামকুণ্ডৰ চাৰিওফালে গভীৰ বনাঞ্চল । অতিকে মনোমোহা এক আধ্যাত্মিক পৰ্যটনথলী । উল্লেখনীয় এই যে, ভক্তগণে ব্ৰহ্মকুণ্ডত ডুব মাৰিবলৈ হ'লে তথা স্নান কৰিবলৈ ২০০ টা খটখটি উঠা-নমা কৰিব লাগে। অৱশ্যে ভাগৰুৱা পথিকসকল কিছুক্ষণ জিৰাবলৈ ঠায়ে ঠায়ে বিৰাম স্থান আছে । কালিকা পুৰাণত বৰ্ণিত কাহিনী মতে, ঋষি জামাদাংগীয়ে খঙত অগ্নিশৰ্মা হৈ পুত্ৰ পৰশুৰামক পত্নী ৰেণুকাক হত্যা কৰিবলৈ নিৰ্দেশ দিছিল ।

পিতৃৰ নিৰ্দেশ মানি পৰশুৰামে মাতৃ ৰেণুকাক এখন কুঠাৰেৰে হত্যা কৰে যদিও কুঠাৰখন পৰশুৰামৰ হাতত লাগি ধৰে । মাতৃ হত্যাৰ এই পাপ মোচনৰ হেতু পিতৃ জামাদাংগীৰ লগতে সতীৰ্থ ঋষি-মুনিসকলে পৰশুৰামক পবিত্ৰ জলাধাৰ বিচাৰি হিমালয় পৰ্বত ভ্ৰমণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় । ঋষি পৰশুৰামে হিমালয় পৰ্বত আৰোহন কৰি অৱশেষত ব্ৰহ্মকুণ্ডত স্নান কৰোতে তেওঁৰ হাতত কুঠাৰখন সৰি পৰে । এই জনশ্ৰুতিক কেন্দ্ৰ কৰিয়েই পবিত্ৰ ব্ৰহ্মকুণ্ড পৰশুৰাম কুণ্ড হিচাপে পৰিচিতি লাভ কৰিলে । কুণ্ডৰ প্ৰৱেশ পথত এটি পৌৰাণিক মন্দিৰো আছে । পৰশুৰাম মন্দিৰ হিচাপে জনাজাত এই মন্দিৰ দৰ্শন কৰিও ভক্তবৃন্ধই মনৰ সন্তোষ্টি লাভ কৰি আহিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in