জ্যেষ্ঠ সাংবাদিক বিতোপন বৰবৰাক প্ৰদান কৰা হ’ল ২০২০ বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা…

জ্যেষ্ঠ সাংবাদিক বিতোপন বৰবৰাক প্ৰদান কৰা হ’ল ২০২০ বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা…

ডিজিটেল ডেস্কঃ 'আমাৰ মাজত অমৰ হৈ ৰ'ল পৰাগ দা। তেওঁ এগৰাকী বলিষ্ট কণ্ঠ আছিল। আজিও তেওঁ সকলোৰে মনত আছে।' সোমবাৰে ২০২০ বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা গ্ৰহণ কৰি এই মন্তব্য কৰে জ্যেষ্ঠ সাংবাদিক বিতোপন বৰবৰাই। তেখেতে লগতে কয়, 'পৰাগ দাসৰ প্ৰাসংগিকতা সদায় থাকিব। তেওঁৰ আদৰ্শৰ দ্বাৰা বহুলোক অনুপ্ৰাণিত হৈছে। গ্ৰন্থমেলাত তেওঁৰ কিতাপ আজিও ছাত্ৰ-ছাত্ৰীসকলে ক্ৰয় কৰে।'

গুৱাহাটী প্ৰেছ ক্লাৱত এই বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। 'প্ৰান্তিক'ৰ সম্পাদক প্ৰদীপ বৰুৱাই প্ৰদান কৰে ২০২০ বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা। ইফালে অনুষ্ঠানটোত 'পৰাগ কুমাৰ দাস স্মাৰক বক্তৃতা' প্ৰদান কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক চন্দন কুমাৰ শৰ্মাই।

'সাম্প্ৰতিক অসমত পৰাগ কুমাৰ দাসৰ চিন্তা-আদৰ্শৰ প্ৰাসংগিকতা'ৰ বিষয়ত তেখেতে বক্তৃতা প্ৰদান কৰে। বঁটা প্ৰদান সভাখন সঞ্চালনা কৰে বিশিষ্ট চিন্তাবিদ শিৱনাথ বৰ্মনে। চন্দন কুমাৰ শৰ্মাই বক্তৃতা দি কয়, 'পৰাগ দা জাতীয়তাবাদী ব্যক্তি আছিল। কোনো লোকে তেওঁক উগ্ৰ জাতীয়তাবাদী বুলিও ক'ব খোজে। অতিজৰে পৰা অসমীয়া মানুহে বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে। অসমৰ যিসকল নেতৃস্থানীয় লোক আছে তেওঁলোকে জাতীয়তাবাদী ধাৰাটোত দৃষ্টি দিছে।' তেখেতে পৰাগ কুমাৰ দাসক জাতীয়তাবাদী ধাৰাটোৰ এগৰাকী উত্তৰসূৰী আছিল বুলিও অভিহীত কৰে।

শৰ্মাই লগতে পৰাগ কুমাৰ দাসৰ লেখাসমূহত এখন বহল অসমীয়া সমাজৰ ছবি দেখা পোৱা বুলি মন্তব্য কৰে। শৰ্মাই লগতে পৰাগ কুমাৰ দাসৰ পুৰণি লেখাৰ উক্ত দি শ্বহীদ সাংবাদিকগৰাকীৰ কামৰ বিষয়ে কয়।

সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ বঁটা প্ৰদান অনুষ্ঠানত পৰাগ কুমাৰ দাসৰ পৰিয়ালৰ কেবাগৰাকী সদস্যৰ লগতে বহুকেইগৰাকী বিশিষ্ট বুদ্ধিজীৱী, সাংবাদিক তথা সমাজৰ আন আন ক্ষেত্ৰতে জড়িত লোক উপস্থিত থাকে। উপস্থিত লোকসকলে তেওঁৰ প্ৰতিচ্ছৱিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

ইফালে পুৱাৰ ভাগত ৰাজগড়স্থিত পৰাগ কুমাৰ দাসৰ প্ৰতিমূৰ্তিত চাকি-বন্তি জ্বলাই পৰিয়ালৰ লগতে তেখেতৰ শুভাকাংক্ষীসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in