প্ৰধানমন্ত্ৰীৰ আসনখন মোডীয়ে নিজৰ বুলি ভাবেঃ ডঃ হীৰেণ গোহাঁই

প্ৰধানমন্ত্ৰীৰ আসনখন মোডীয়ে নিজৰ বুলি ভাবেঃ ডঃ হীৰেণ গোহাঁই

ডিজিটেল সংবাদ, গুৱাহাটীঃ 'প্ৰত্যেক লোকৰে যদি বিবেক জাগ্ৰত নহয়, এজন লোকে জাতি ৰক্ষা কৰিব নোৱাৰে। চৰকাৰে সংবাদ মাধ্যমলৈ যি সংকট আনিছে সেই সংকট আমাৰ সকলোৰে সংকট বুলি ভাবি তাৰ প্ৰতিকাৰ উলিয়াব লাগিব।' – শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত মানৱ অধিকাৰ সংগ্ৰাম সমিতি অৰ্থাৎ মাছে শ্বহীদ পৰাগ দাসক স্মৰণ কৰিবৰ বাবে শ্বহীদ দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা আলোচনা চক্ৰ অনুষ্ঠানৰ উদ্বোধন কৰি এনেদৰে মন্তব্য কৰে বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেণ গোহাঁয়ে। সংবাদ মাধ্যমৰ ওপৰত বৰ্তমান সময়ত চৰকাৰী পক্ষই আক্ৰমণাত্মক ৰূপ লৈ গণতন্ত্ৰ বিপদাপন্ন কৰিবলৈ চেষ্টা কৰা বুলি উল্লেখ কৰি বিশিষ্ট শিক্ষাবিদগৰাকীয়ে লগতে কয় যে, নৰেন্দ্ৰ মোডীয়ে প্ৰধানমন্ত্ৰীৰ আসনখন নিজৰ আসন বুলি ভাবে। যাৰ বাবে এই আসনখনক লৈ কোনো লোকে মন্তব্য কৰিলে সেই মুখ বন্ধ কৰি দিয়াৰ বাবে চৰকাৰে চেষ্টা কৰে।

নৰেন্দ্ৰ মোডীয়ে ভাবে যে, কোনো লোকে তেওঁৰ আসনখন হয়তো কাঢ়ি নিব পাৰে। চৰকাৰে সংবাদ পত্ৰৰ নীতি নিয়ম নিৰ্ধাৰণ, সম্পাদক নিযুক্তি ইত্যাদিতো বৰ্তমান সময়ত মাত দিবলৈ লৈছে। শাসক শ্ৰেণীয়ে সংবাদ মাধ্যমক আক্ৰমণ কৰিবলৈ লোৱাত আচৰিত হ'বলৈ একো নাই বুলি উল্লেখ কৰি লগতে তেখেতে কয় যে, হিন্দু ৰাষ্ট্ৰৰ নামত ফেচীবাদ প্ৰতিষ্ঠাৰ বাবে সংবাদ মাধ্যমক শিকলি লগোৱাটো অৱশ্যম্ভাবী এটা বিষয়।

শুকুৰবাৰৰ পৰাগ দাসৰ ২৩ তম মৃত্য বাৰ্ষিকীৰ স্মৃতিচাৰণৰ লগত সংগতি ৰাখি মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে দুপৰীয়া আয়োজন কৰিছিল এখন বিশেষ আলোচনা চক্ৰ। 'সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ, ৰাষ্ট্ৰৰ দমনমূলক চৰিত্ৰ আৰু নাগৰিক সমাজৰ ভূমিকা' বিষয়ৰ ওপৰত অনুষ্ঠিত এই আলোচনা চক্ৰ উদ্বোধন কৰি বিশিষ্ট চিন্তাবিদ ডঃ হীৰেণ গোহাঁইয়ে সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত অৱলোকন কৰি এনেদৰে কয়।

ইয়াৰ পূৰ্বে মাছৰ অধ্যক্ষ কেশৱ চন্দ্ৰ চহৰীয়া আৰু কমল বৰাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাত প্ৰথমে বন্তি প্ৰজ্বলনেৰে শ্বহীদ সাংবাদিক গৰাকীৰ সৈতে শ্ৰদ্ধা জ্ঞাপন কৰে পত্নীসহ পৰিয়াল বৰ্গই।আনহাতে সভাত বক্তব্য ৰাখি জ্যেষ্ঠ সাংবাদিক মনোৰম গগৈয়ে কয়, বৰ্তমানৰ যি প্ৰশাসনিক ব্যৱস্থা তথা ৰাষ্ট্ৰ ব্যৱস্থা সেই ব্যৱস্থা যেতিয়ালৈকে তৃণমূল পৰ্যায়ৰ পৰা সলনি কৰিব পৰা নাযায় তেতিয়ালৈকে কোনো লোকৰে নিৰাপত্তা নিশ্চিত বুলি ক'ব নোৱাৰি। ৰাষ্ট্ৰ ব্যৱ্স্থাৰ কথা পৰাগ কুমাৰ দাসে সেই সময়তে যি কৈ গৈছে সেয়া এতিয়া আখৰে আখৰে সঁচা হৈছে আৰু সেয়া সময়ে প্ৰমাণ কৰিছে বুলি গগৈয়ে উল্লেখ কৰে।

শুকুৰবাৰৰ অনুষ্ঠানটোত উপস্থিত থাকে ৰাজ্যৰ কেইবা গৰাকীও গণ্য মান্য ব্যক্তি। অনুষ্ঠানটোৰ আলোচনা চক্ৰৰ আলোচক হিচাপে জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা, বিশিষ্ট অধিবক্তা অৰূপ বৰবৰা, জ্যেষ্ঠ সাংবাদিক পাৰ্থ হাজৰিকা উপস্থিত থকা অনুষ্ঠানটোত মাছৰ উপদেষ্টা ৰামেশ্বৰ শৰ্মা, বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্ত, আলফা নেতা অনুপ চেতিয়া, পৰাগ দাসৰ পত্নী পূৰবী দাস, জীয়ৰী প্রেৰণা দাস, ভাতৃ পল্লব দাস, মানৱ অধিকাৰ সংগ্রাম সমিতিৰ কৰ্মী আৰু বহুতো গুণমুগ্ধই। অসমীয়া প্রতিদিন কাকতৰ প্রতিষ্ঠাপক কাৰ্যবাহী সম্পাদক তথা ঈৰ্ষণীয় শৈক্ষিক কেৰিয়াৰ আৰু লোভনীয় দৰমহাৰ চাকৰি এৰি সাংবাদিকতাকে জীৱিকা হিচাপে বাচি লোৱা পৰাগ কুমাৰ দাসক আততায়ীয়ে ১৯৯৬ চনৰ ১৭ মে'ত শূণ্য দুৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল।

অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়ত শ্বহীদ পৰাগ কুমাৰ দাসলৈ শ্ৰদ্ধাঞ্জলি…

শুকুৰবাৰৰ স্মৃতিচাৰণ অনুষ্ঠানত ভাগ লৈ অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক তথা একালৰ পৰাগ কুমাৰ দাসৰ সহযোগী প্ৰকাশ মহন্তই স্মৃতিচাৰণ অনুষ্ঠান আয়োজন কৰি সকলো লোকে স্বদেশ আৰু স্বজাতিৰ আত্মনিয়ন্ত্রণৰ অধিকাৰৰ হকে যুঁজ দিয়া পৰাগ কুমাৰ দাসৰ ৰাষ্ট্ৰ ব্যৱস্থা প্ৰসংগত আলোচনা কৰি পৰৱৰ্তী সময়ত আমি জাতিয়তাবাদৰ হকে যুঁজো বুলি মন্তব্য কৰে।

তেখেতে কয় যে, পৰাগ কুমাৰ দাসৰ বিষয়ে বৰ্তমান সময়ত ডেকা চামেহে অধ্যয়ন আৰু চৰ্চা বেছিকৈ কৰে। পৰাগ কুমাৰ দাসৰ প্ৰতিমূৰ্তি মহানগৰীৰ ৰাজগড়ত যুৱ চামে পদক্ষেপ লৈ স্থাপন কৰাৰ কাৰ্যক প্ৰশংসা কৰি তেখেতে কয়, পৰাগ দাসৰ সান্নিধ্য লাভ কৰা লোকসকলে তেওঁৰ আদৰ্শবোৰ নতুন চামক জ্ঞাত কৰাৰ বাবে পদক্ষেপ লব লাগে।

পৰাগ দাসৰ প্ৰাসংগিকতা বৰ্তমান সময়ত আমাৰ সমাজত বৃদ্ধি হোৱা বুলি উল্লেখ কৰি জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে লগতে কয় বিগত ৫ বছৰত পৰাগ দাসৰ বিষয়ে চৰ্চা ৰাজ্যত বৃদ্ধি পাইছে এইক্ষেত্ৰত যুৱ চামে বিশেষ পদক্ষেপ লৈছে।

পৰাগ দাসৰ ভাতৃ পল্লব দাসে ভাষণ ৰাখি কয়, 'পৰাগ দাৰ হত্যা এতিয়া অতীত হৈছে। আমি সকলো লোকে পৰাগ দাৰ ন্যায়ৰ বাবে যুঁজ দিছিলো । বৰ্তমান সময়ত নতুন চামৰ সাংবাদিককো বিভিন্ন মহলে আক্ৰমণৰ লক্ষ্য কৰি লোৱা বিষয়টোৱেহে সকলো লোকক চিন্তাত পেলাইছে।' ৯০ দশকৰ দৰে ঘটনা পুনৰ সংঘটিত হ'বলৈ ৰাজ্যত আৰম্ভ হোৱা বুলি উল্লেখ কৰি লগতে তেখেতে কয়, সাংবাদিকৰ ওপৰত আক্ৰমণে গণতন্ত্ৰৰ বাবে অশনি সংকেত কঢ়িয়াই আনিছে।

মাছৰ উপদেষ্টা ৮০ৰ উৰ্ধ্বৰ ৰামেশ্বৰ শৰ্মাই ভাষণ ৰাখি অনুষ্ঠানটোত কয়, 'মই বৰ্তমানো পৰাগ কুমাৰ দাসৰ নীতি আদৰ্শক বিশ্বাস কৰো। জাতি, মাটি, ভেটি ৰক্ষাৰ কথা কয় চৰকাৰে, কিন্তু এতিয়া জাতি, মাটি, ভেটি ৰক্ষা কৰিবলৈ সকলো লোক ওলাই আহিব লাগিব।'

পৰাগ দাসৰ ভগ্নী জয়শ্ৰী বৰাই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত উপস্থিত থাকি কয় যে, পৰাগ দাসক সুঁৱৰিবৰ বাবে হ'লেও প্ৰতিবছৰে স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰি থাকিব লাগে। যাৰ দ্বাৰা পৰাগ দাসৰ বিষয়ে সকলো লোকে জনাৰ লগতে সাংবাদিকৰ বিৰুদ্ধে হোৱা যিকোনো কাৰ্যৰ বিৰুদ্ধে সকলো লোকে জাঙুৰ খাই উঠিবলৈ সংগবদ্ধ হ'ব। ইফালে মহানগৰীৰ প্ৰতিবাদৰ স্থান প্ৰশাসনে স্থানান্তৰ কৰাৰ প্ৰসংগত মন্তব্য কৰি তেওঁ কয় যে, প্ৰতিবাদক বাধা দিবলৈ গৈ চৰকাৰে গণতন্ত্ৰকে গুৰুত্বহীন কৰিব বিচাৰিছে।

স্মৃতিচাৰণ সভাৰ পিছতে মাছৰ অধ্যক্ষ কেশৱ চন্দ্ৰ চহৰীয়া আৰু বুবুমণি গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত হয় আলোচনা চক্ৰ। আলোচনা চক্ৰত 'সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ, ৰাষ্ট্ৰৰ দমনমূলক চৰিত্ৰ আৰু নাগৰিক সমাজৰ ভূমিকা' বিষয়ৰ আলোচক হিচাপে উপস্থিত থাকি বিশিষ্ট সাংবাদিক অজিত ভূঞাই পৰাগ দাসৰ অতীত সুঁৱৰি কয়- মুক্ত মনেৰে পৰাগ দাসে ৰাইজৰ হৈ যুঁজ কৰিছিল, কিন্তু পৰৱৰ্তী সময়ত তেওঁক হত্যা কৰা হৈছিল।

বহুতো প্ৰত্যাহ্বান নেওচি বৰ্তমান সময়ত অসমৰ আঞ্চলিক গণ মাধ্যম সমূহে বলিষ্ঠ ভূমিকা লোৱা বুলি উল্লেখ কৰি বিশিষ্ট সাংবাদিকৰ গৰাকীয়ে কয় যে, কোনো নীতি আদৰ্শ নোহোৱাকৈ বৰ্তমান সময়ত সংবাদ মাধ্যম চলিছে। পূৰ্বে যিদৰে সাংবাদিক সকলক গুলীয়াই হত্যা কৰা হৈছিল, বৰ্তমান তেনেদৰে সাংবাদিক সকলক হত্যা কৰা নহ'লেও স্বত্তাধিকাৰক হেঁচা দি সাংবাদিকজনক হয়তো কামৰ পৰা খেদিব অথবা তেওঁক কামৰ পৰা আঁতৰাব।

২০১৮ বৰ্ষত বিশ্বত ৯৪ গৰাকী সাংবাদিকক হত্যা কৰা হৈছিল বুলিও তেখেতে ভাষণত উল্লেখ কৰে। বিজেপিৰ ৫ বছৰত ৩২ জন সাংবাদিকক হত্যা কৰা হৈছে বুলি উল্লেখ কৰি অজিত কুমাৰ ভূঞাই কয় যে, ৰাষ্ট্ৰীয় সংবাদ মাধ্যম বৰ্তমান সময়ত বিক্ৰী গৈছে আৰু ডাঙৰ সংবাদ মাধ্যমক হাত কৰি লয় চৰকাৰে। প্ৰতিবাদৰ শেষ নাই বুলিও উল্লেখ কৰি লগতে তেখেতে কয়- দৰকাৰ হ'লে অকলে প্ৰতিবাদ কৰিব লাগিব।

অজিত কুমাৰ ভূঞাৰ পিছতে আলোচক হিচাপে নিজৰ ভাষণ ৰাখি জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰাই মহানগৰীত সংঘটিত হোৱা গ্ৰেণেড বিস্ফোৰণৰ ঘটনাক গৰিহণা দিয়ে। মোডী চৰকাৰক সমালোচনা কৰি জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে কয়, 'শাৰিৰীকভাৱে চৰকাৰে সাংবাদিকক আক্ৰমণ কৰাৰ লগতে ৰাষ্ট্ৰদ্ৰোহৰ দৰে গোচৰত দোষী সাব্যস্ত কৰি শাস্তি দিয়ে।' সাংবাদিকক গ্ৰেপ্তাৰ কৰাৰ লগতে চৰকাৰী পক্ষই পংগু কৰাৰও উদাহৰণ আছে বুলি উল্লেখ কৰি তেখেতে কয়, ভাতেমৰা আৰু পেটেমৰাৰ দৰে কাৰ্যও চৰকাৰে সাংবাদিকসকলৰ সৈতে কৰে।

জ্যেষ্ঠ সাংবাদিক পাৰ্থ হাজৰিকাই সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ, ৰাষ্ট্ৰৰ দমনমূলক চৰিত্ৰ আৰু নাগৰিক সমাজৰ ভূমিকাৰ ওপৰত আলোচনা কৰি কয় যে, কংগ্ৰেছ চৰকাৰৰ দিনৰে পৰা সাংবাদিকৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈ আহিছে। কিন্তু সেই আক্ৰমণৰ ঘটনা ২০১৪ চনত বিজেপি চৰকাৰ শাসনত বহাৰ পৰা সংগঠিত ৰূপত হোৱা দেখা গৈছে। প্ৰধানমন্ত্ৰী মোডীয়ে বিগত ৫ বছৰত এবাৰো সংবাদ মেল সম্বোধন নকৰা কাৰ্যকো সমালোচনা কৰে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে।

ইফালে শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অজস্ৰ গুণমুগ্ধই সোঁৱৰে শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসক। মহানগৰীৰ ৰাজগড় লিংক ৰোডতো পৰাগ দাসৰ শ্বহীদ দেৱীত বিভিন্ন বিশিষ্ট লোকৰ উপস্থিতিত চাকি-বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয়।

মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানটোত বহু বিশিষ্ট লোকৰ সৈতে উপস্থিত থাকে পৰাগ দাসৰ পত্নী পূৰবী দাস, জীয়ৰী প্রেৰণা দাস, ভাতৃ পল্লব দাস, মানৱ অধিকাৰ সংগ্রাম সমিতিৰ বহু কৰ্মীৰ লগতে অগণন গুণমুগ্ধ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in