পানেৰীৰ ঘটনাক নেমছুৰ গৰিহণা, খাইৰুল হকৰ পৰিয়ালক ৫০ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ দাবী

পানেৰীৰ ঘটনাক নেমছুৰ গৰিহণা, খাইৰুল হকৰ পৰিয়ালক ৫০ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ দাবী

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিটিচিৰ ওদালগুৰী জিলাৰ পানেৰীত শুকুৰবাৰে সন্ধিয়া খাইৰুল হক নামৰ লোক এজনক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰা ঘটনাক উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৱে তীব্ৰ গৰিহণা জনোৱাৰ উপৰিও ২৪ ঘন্টাৰ ভিতৰত দোষীক কৰায়ত্ত কৰি কঠোৰ শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছে৷

শনিবাৰে নেমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি জহিৰুল ইছলাম আৰু সাধাৰণ সম্পাদক মফিজুল হকে ঘটনাটোক গৰিহণা জনাই বিটিএডিত অবড়ো ৰাইজৰ কোনো নিৰাপত্তা নাই আৰু প্ৰশাসনে জনসাধাৰণক নিৰাপত্তা প্ৰদানত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি অভিযোগ কৰি খাইৰুল হকৰ পৰিয়ালক এককালীন ৫০ লাখ টকা আৰু পৰিয়ালৰ উপযুক্ত এজন ব্যক্তিক চৰকাৰী চাকৰি দিয়াৰ দাবী উত্থাপন কৰিছে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in